ETV Bharat / state

NIA Special Court verdict : হিজবুল মুজাহিদীন নিযুক্তি গোচৰত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড NIA আদালতৰ

author img

By

Published : Dec 26, 2022, 12:39 PM IST

হিজবুল মুজাহিদিন নিযুক্তি সম্পৰ্কীয় গোচৰৰ ৰায়দান । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অসমৰ বিশেষ আদালতে হোজাই জিলাত ২০১৮ চনত পঞ্জীয়ন হোৱা গোচৰৰ ৰায়দান কৰে । অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহে NIA বিশেষ আদালতে (NIA special court Assam verdict on HM case) ।
NIA
NIA

গুৱাহাটী, ২৬ ডিচেম্বৰ : হোজাই জিলাত ২০১৮ চনত পঞ্জীয়ন হোৱা সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিন (Hijbul Mujahidin case in Hojai) নিযুক্তি সম্পৰ্কীয় গোচৰটোৰ অৱশেষত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA-ৰ বিশেষ আদালত, অসমে ৰায়দান কৰে (NIA special court Assam verdict on HM case) ।

যোৱা ২৩ ডিচেম্বৰত গুৱাহাটীত থকা NIA-ৰ বিশেষ আদালত, অসমে হোজাই জিলাত ২০১৮ চনত পঞ্জীয়ন হোৱা সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীন (HM) নিযুক্তি সম্পৰ্কীয় গোচৰটোৰ শুনানি গ্ৰহণ কৰি হিজবুল মুজাহিদীন নিযুক্তি সম্পৰ্কীয় গোচৰটোত অভিযুক্তকেইজনক শাস্তি বিহা হয় ।

উল্লেখ্য যে হিজবুল মুজাহিদীন নিযুক্তি সম্পৰ্কীয় গোচৰটো প্ৰথমতে ২০১৮ চনৰ ১৪ চেপ্টেম্বৰত এফআইআৰ নং 124/2018 হিচাপে হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল । তাৰ পিছত ২০১৮ চনৰ ৫ অক্টোবৰত NIA-ৰ দ্বাৰা পুনৰ পঞ্জীয়ন কৰা হৈছিল । গোচৰটোৰ অনুসন্ধানত ২০১৯ চনৰ ১১ মাৰ্চত NIA-ই ৫ জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল (NIA charge sheet against Hijbul leader) ।

হিজবুল মুজাহিদীনৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী মোঃ কামৰুজ জামানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগত মোঃ শানাৱাজ আলম ওৰফে শ্বাহনাৱাজ আলমক গ্ৰেপ্তাৰ কৰা হয় । NIA-ৰ গোচৰটোত অভিযুক্ত কামৰুজ জামান, শ্বাহনাৱাজ আলম, ছাইদুল আলম, ওমৰ ফাৰুক আৰু অন্যান্য অভিযুক্তসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দ্বাৰা মানুহৰ মনত সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে অসম ৰাজ্যত হিজবুল মুজাহিদীনৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে সদস্য নিয়োগৰ ষড়যন্ত্ৰ তৈয়াৰ কৰিছিল ।

শুনানিত NIA-ৰ বিশেষ আদালত, গুৱাহাটীয়ে মোঃ শানাৱাজ আলম ওৰফে শ্বাহনাৱাজ আলম, মোঃ ওমৰ ফাৰুক ওৰফে ওমৰ ফাৰুকক ভাৰতীয় দণ্ডবিধিৰ (IPC) ১২০বি, ১৮, ১৮বি, ১৯ আৰু ইউএ (পি) আইনৰ ৩৮ ধাৰাৰ অধীনত (Unlawful Activities Prevention Act) দোষী সাব্যস্ত কৰে । দোষীকেইজনক ৫ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হয় (NIA special court sentenced 5 years in prison) ।

লগতে পঢ়ক :Eviction drive in Baghbar: বাঘবৰত উচ্ছেদৰ সময়ত প্ৰতিবাদ কৰি আটক বিধায়ক শ্বেৰমান আলী আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.