ETV Bharat / state

Eviction drive in Baghbar: বাঘবৰত উচ্ছেদৰ সময়ত প্ৰতিবাদ কৰি আটক বিধায়ক শ্বেৰমান আলী আহমেদ

author img

By

Published : Dec 26, 2022, 11:12 AM IST

Updated : Dec 26, 2022, 2:25 PM IST

Eviction drive in Baghbar
বিধায়ক শ্বেৰমান আলীক আটক

বৰপেটা জিলাৰ বাঘবৰত সোমবাৰে পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction in Baghbar)৷ সত্ৰকনৰাৰ 12 নং ছিটত 400 বিঘা চৰকাৰী মাটিত উচ্ছেদ চলাইছে জিলা প্ৰশাসনে (Baghbar eviction news) ৷ এই উচ্ছেদৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰি আটক হ’ল বিধায়ক শ্বেৰমান আলী আহমেদ (MLA Sherman Ali Ahmed detained) ৷

বাঘবৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

বৰপেটা, 26 ডিচেম্বৰ: বৰপেটা জিলাৰ বাঘবৰৰ সত্ৰকনৰাৰ 12 নং ছিটত উচ্ছেদ অভিযান (Eviction in Baghbar) ৷ 400 বিঘা চৰকাৰী মাটিত উচ্ছেদ চলালে জিলা প্ৰশাসনে ৷ বাঘবৰৰ সত্ৰকনৰা 12 নং ছিটৰ 45 টাকৈ পৰিয়ালক উচ্ছেদ কৰা হয় (Baghbar eviction news) ৷ উচ্ছেদস্থলীত উপস্থিত বৰপেটা জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্তৰ লগতে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৷

ইতিমধ্যে পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে চলিছে এই উচ্ছেদ কাৰ্য ৷ কিন্তু উচ্ছেদ চলি থকাৰ মাজতে উচ্ছেদস্থলীত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ হাতত প্লে’কাৰ্ড লৈ উচ্ছেদিতক পুনঃ সংস্থাপন দিয়া, সাধাৰণ জনতাৰ সাংবিধানিক অধিকাৰ ঘূৰাই দিয়া আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কজনে ৷

উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰাৰ অভিযোগত বিধায়ক শ্বেৰমান আলী আহমেদক আটক কৰে বৰপেটা আৰক্ষীয়ে (MLA Sherman Ali Ahmed detained) ৷

লগতে পঢ়ক: Eviction against encroachments: হিন্দু-মুছলমান সকলোৱে এৰিব লাগিব সত্ৰৰ ভূমি: মুখ্য়মন্ত্ৰী

উল্লেখ্য যে, সদ্য সমাপ্ত অসম বিধানসভাৰ শীতকালীন অধিবেশনত উচ্ছেদৰ বিষয়টোৱে বিশেষ স্থান লাভ কৰিছিল (Winter session of Assam assembly) ৷ যোৱা 20 ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে বটদ্ৰৱাত চলিছিল উচ্ছেদ অভিযান ৷ নগাঁও জিলা প্ৰশাসনে 11 শ বিঘা বেদখলকৃত ভূমিত উচ্ছেদ চলায় (Eviction in Batadrava) ৷ বটদ্ৰৱাৰ শান্তিজান বজাৰ, হাইডুবি বীজ ফাৰ্ম, হাইডুবি পথাৰ, লালুং বস্তি আৰু ভোমোৰাগুৰি এইকেইটা অঞ্চলৰ পৰা 302 টা পৰিয়ালক উচ্ছেদ কৰা হয় ৷ ইয়াৰে 230 টা পৰিয়াল নিজেই আঁতৰি গৈছিল আৰু 72 টা পৰিয়ালক উচ্ছেদ কৰা হয় ৷

এই উচ্ছেদক লৈ অধিবেশন কালত উত্তাল হৈ পৰে সদন (Batadrava eviction issue in assembly) ৷ ধিঙৰ বিধায়ক আমিনুল ইছলাম, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, শিৱসাগৰৰ বিধায়ক অখিল গগৈকে আদি কৰি বহুকেইগৰাকী বিৰোধী বিধায়কে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰে ৷ কিন্তু বিধানসভাৰ মজিয়াতেই বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ বন্ধ নহয় বুলি কয় ৷

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰেও উচ্ছেদ সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰি, উচ্ছেদৰ বাবে ভাষিক সংখ্যলঘু সকলক লক্ষ্য কৰি লোৱাৰ অভিযোগ তোলে ৷

মন কৰিব লগীয়া যে, চৰকাৰে গঠন কৰি দিয়া সত্ৰ আয়োৰ প্ৰতিবেদন অনুসৰি ৰাজ্যৰ প্ৰায়সমূহ সত্ৰৰেই ভূমি বেদখলৰ কবলত পৰিছে ৷ এই সমূহ বেদখলকৃত ভূমি উচ্ছেদৰ বাবে ইতিমধ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু তাৰ মাজতে বিৰোধী একাংশ বিধায়কে উচ্ছেদিত সকলক পুনঃ সংস্থাপনৰ বাবে দাবী তুলি আহিছে ৷ মুখ্য়মন্ত্ৰীৰ বক্তব্যত অৱশ্য়ে পুনঃসংস্থাপনৰ কোনো আশা দেখা পোৱা নগ’ল ৷

লগতে পঢ়ক: Batadrava Eviction Update : বেদখলমুক্ত হ’ল বটদ্ৰৱাৰ 11শ বিঘা চৰকাৰী ভূমি

Last Updated :Dec 26, 2022, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.