ETV Bharat / bharat

New Year Resolution: সুস্বাস্থ্যৰ বাবে ২০২৩ বৰ্ষত নিজকে দিয়ক এইকেইটা প্ৰতিশ্ৰুতি

author img

By

Published : Dec 26, 2022, 12:39 PM IST

Updated : Dec 26, 2022, 1:27 PM IST

সমগ্ৰ বিশ্ববাসীয়ে নতুন বছৰটোক অতি উৎসাহেৰে আদৰিবলৈ সাজু হৈছে । প্ৰতি বছৰে নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে মানুহে কিছু নতুন সংকল্প লয় আগন্তুক বৰ্ষত সুস্বাস্থ্য বাবে আপুনিও গ্ৰহণ কৰক এই কেইটা সংকল্প ।

New Year Resolution Make this promise to yourself in the year 2023 you will get success with happiness
সুস্বাস্থ্যৰ বাবে ২০২৩ বৰ্ষত নিজকে দিয়ক এইকেইটা প্ৰতিশ্ৰুতি

২০২২ বৰ্ষৰ পৰা বিদায় ল’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । আগন্তুক দেওবাৰে আমি নতুন বছৰটো আৰম্ভ কৰিম । সকলোৱে ২০২২ বৰ্ষৰ বহু টেঙা-মিঠা স্মৃতি অন্তৰত লৈ আদৰি ল'ব ২০২৩ বৰ্ষক(new year resolution 2023)। কোৱা হয় নতুন বছৰে মানুহৰ জীৱনলৈ বহু নতুন আশাৰ কঢ়িয়াই আনো । সমগ্ৰ বিশ্ববাসীয়ে নতুন বছৰটোক অতি উৎসাহেৰে আদৰিবলৈ সাজু হৈছে । প্ৰতি বছৰে নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে মানুহে কিছু নতুন সংকল্প লয় ।

এই সংকল্পসমূহৰ উদ্দেশ্য হৈছে আপুনি কেনেকৈ নতুন বছৰটোক আৰু অধিক উন্নত কৰি তুলিব পাৰে । সেয়ে এই নৱবৰ্ষত সুস্বাস্থ্যৰ বাবে নিজকে দিয়ক এইকেইটা প্ৰতিশ্ৰুতি, যাৰ দ্বাৰা আপুনি আপোনাৰ ভৱিষ্যত জীৱন আৰু অধিক উন্নত কৰি তুলিব পাৰে ।

ধূমপান আৰু মদ্যপানক না কওক

যদি আপোনাৰ ধূমপান আৰু মদ্যপানৰ অভ্যাস আছে তেন্তে এই নতুন বছৰত আপুনি এই অভ্যাস ত্যাগ কৰাৰ প্ৰতিশ্ৰুতি দিয়া উচিত । ইয়াৰ বাবে আপুনি ইয়াৰ পৰিমাণ লাহে লাহে কম কৰিব পাৰে(Say no to smoking and drinking)। ধৰি লওক যদি আপুনি দিনটোত ৫টা চিগাৰেট খায়, তেন্তে অৱশ্যেই আপুনি ইয়াক ২টা চিগাৰেটলৈ হ্ৰাস কৰিব পাৰে । লাহে লাহে আপুনিও এই অভ্যাসৰ পৰা মুক্তি পাব পাৰিব ।

নিজক সময় দিয়ক

কামৰ মাজতে আমি প্ৰায়ে নিজৰ বাবে সময় দিবলৈ পাহৰি যাওঁ(Give yourself time)। কিন্তু ২০২৩ চনত নিজকে এটা প্ৰতিশ্ৰুতি দিয়ক যে আপুনি নিজক যথেষ্ট সময় দিব পাৰিব । মনত ৰাখিব যে, কৰ্মৰ সমান্তৰালকৈ বিশ্ৰামো আমাৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

ৰন্ধা-বঢ়া কৰক

এই নতুন বছৰত অৰ্ডাৰ দিয়াৰ অভ্যাসক না কওক(do the cooking) । ২০২৩ চনত ঘৰতে খাদ্য ৰন্ধা কথা ভাবি চাওক । প্ৰায়ে কোৱা হয় যে ঘৰতে বনোৱা খাদ্যত প্ৰেম আৰু আৱেগ থাকে, যাৰ ফলত ঘৰতে বনোৱা খাদ্য অধিক সোৱাদযুক্ত হয় । গতিকে এইবাৰ ঘৰতে খাদ্য ৰান্ধিবলৈ চেষ্টা কৰিব লাগিব ।

বহনক্ষম জীৱন যাপন

যোৱা কেইবাবছৰ ধৰি বহনক্ষম জীৱন-যাপনৰ কথা চলি আছে । প্ৰতিজ্ঞা কৰক যে ২০২৩ চনত সেই অনুসৰি নিজকে গঢ় দিব পাৰিব । ইয়াৰ বাবে আপুনি শূন্য আৱৰ্জনা পদ্ধতিক বাস্তৱত আনিব পাৰে । আপুনি বস্তুবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰে । আপোনাৰ বাৰীত নতুন গছ-গছনিও ৰোপণ কৰিব পাৰে । ইয়াৰ লগে লগে আমাৰ পৰিৱেশো ভাল হ’ব ।

লগতে পঢ়ক: Cholesterol Control Tips: বৰদিন-নৱবৰ্ষৰ পূৰ্বে কৰক এই ৫টা কাম, নিয়ন্ত্ৰণত থাকিব কলেষ্টেৰল

Last Updated :Dec 26, 2022, 1:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.