ETV Bharat / sukhibhava

Cholesterol Control Tips: বৰদিন-নৱবৰ্ষৰ পূৰ্বে কৰক এই ৫টা কাম, নিয়ন্ত্ৰণত থাকিব কলেষ্টেৰল

author img

By

Published : Dec 22, 2022, 6:46 PM IST

বৰদিনলৈ মাত্ৰ কেইদিনমান বাকী আৰু এই উৎসৱৰ বতৰত খাদ্যাভ্যাস প্ৰায়ে নষ্ট হৈ যায় । বহু গৱেষণাত দেখা গৈছে যে জানুৱাৰী মাহত ১০ জনৰ ভিতৰত ৯ জনৰ বেড কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় । বৰদিন আৰু তাৰ পিছত নৱবৰ্ষ উদযাপনত খাদ্য খোৱাৰ লগতে মদ্যপানৰ পৰিমাণো বৃদ্ধি পায় ৷ যাৰ ফলত কলেষ্টেৰলৰ মাত্ৰাও প্ৰভাৱিত হয়(Cholesterol Control Tips)। কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু লিভাৰৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে ।

Do these 5 things before Christmas and New Year then cholesterol will be under control
বৰদিন-নৱবৰ্ষৰ পূৰ্বে কৰক এই ৫টা কাম, নিয়ন্ত্ৰণত থাকিব কলেষ্টেৰল

বৰদিনলৈ কেইদিনমান বাকী আৰু এই উৎসৱৰ বতৰত খাদ্যাভ্যাসত বিৰূপ প্ৰভাৱ পৰা দেখা যায় । বহু গৱেষণাত দেখা গৈছে যে, জানুৱাৰী মাহত প্ৰতি ১০ গৰাকীৰ ভিতৰত ৯ গৰাকী বেড কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়(cholesterol symptoms)। বৰদিন আৰু তাৰ পিছত নৱবৰ্ষ উদযাপনত খাদ্য খোৱাৰ লগতে মদ্যপানৰ পৰিমাণো বৃদ্ধি পায়, যাৰ ফলত কলেষ্টেৰলৰ মাত্ৰাও প্ৰভাৱিত হয়(Cholesterol Control Tips)। কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু লিভাৰৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে ।

এনে পৰিস্থিতিত উৎসৱ পালন কৰক, কিন্তু একে সময়তে খোৱা-বোৱা অভ্যাসৰ ওপৰত চকু ৰাখিব, যাতে নতুন বছৰটো নতুন বেমাৰৰ কাৰণ হৈ নাযায় । গতিকে বৰদিন উদযাপনৰ আগতে আমি আমাৰ স্বাস্থ্যৰ যত্ন কেনেকৈ ল’ব পাৰো জানো আহক...

১/ সুৰাপান কমাওক

যিকোনো বিশেষ অনুষ্ঠানত সুৰাৰ সেৱন বৃদ্ধি হোৱাটো সাধাৰণ কথা(cholesterol foods) । এনে পৰিস্থিতিত উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বে সুৰা সেৱন কমাই দিব । কমকৈ সুৰাপান কৰিলে ভাল কলেষ্টেৰল বৃদ্ধি হয় । অৰ্থাৎ যদি আপুনি সুস্থ, তেন্তে দিনটোত এবিধ পৰা দুবিধ পানীয় খালেই যথেষ্ট । একে সময়তে মহিলা আৰু বৃদ্ধ লোকে দুটাতকৈ বেছি পানীয় খাব নালাগে । অত্যধিক মদ্যপানে ৰক্তচাপ, হৃদযন্ত্ৰ বিকলতা আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।

২/ ধূমপান বন্ধ কৰক

যদি আপুনি ধূমপান কৰে তেন্তে ইয়াৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয় । HDL অৰ্থাৎ ভাল কলেষ্টেৰল ধূমপান নকৰিলে এসপ্তাহৰ ভিতৰত বৃদ্ধি পায় । এঘণ্টাৰ ভিতৰতে আপোনাৰ ৰক্তচাপ আৰু হৃদস্পন্দন উন্নত হ’বলৈ আৰম্ভ কৰে । তিনিমাহ ধৰি ধূমপান নকৰিলে ৰক্ত সঞ্চালন, হাওঁফাওঁৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে শৰীৰৰ কলেষ্টেৰল হ্ৰাস কৰে ।

৩/ শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰা

যদি আপুনি আপোনাৰ সক্ৰিয়তা বৃদ্ধি কৰে তেন্তে ইয়াৰ লগতে হৃদযন্ত্ৰৰ ৱৰ্কআউটো হয় লগতে হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় । ইয়াৰ উপৰিও শৰীৰে তেজৰ পৰা কলেষ্টেৰল আঁতৰোৱাত সহায় কৰে, যাৰ ফলত বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যায়(How to Control Cholesterol) । সাধাৰণতে সক্ৰিয় নোহোৱা লোকসকলে ক্ৰমান্বয়ে ৱৰ্কআউট আৰম্ভ কৰিব পাৰে । প্ৰতিদিনে আধা ঘন্টা খোজকাঢ়িলেও আপোনাৰ স্বাস্থ্য পক্ষে ভাল ।

৪/ খাদ্যত ফাইবাৰ অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰক

আঁহযুক্ত খাদ্য হৃদযন্ত্ৰৰ বাবে উপকাৰী, যিয়ে কলেষ্টেৰলৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখে । যকৃতে কলেষ্টেৰল তৈয়াৰ কৰিবলৈ পিত্ত এচিড ব্যৱহাৰ কৰে, গতিকে খাদ্যত আঁহ যোগ কৰিলে কলেষ্টেৰলৰ লগতে পিত্ত এচিডৰ শোষণ কমি যায় । অটমিল, চিয়া বীজ, ইছাবগোল, বীন, গোটা শস্য, আপেল, এভোকেডো, কমলা আৰু অটমিল আদি খাদ্যত প্ৰচুৰ পৰিমাণে আঁহ থাকে (Cholesterol Control Tips) ।

৫/ ট্ৰান্সফেট সেৱন কৰক

ট্ৰান্সফেট আৰু চেচুৰেটেড ফেট খাদ্যত একেবাৰেই অন্তৰ্ভুক্ত কৰিব নালাগে । এই দুয়োবিধ চৰ্বি প্ৰচেছড মাংস (যেনে চালামি বা চচ্চেজ), মাটন, চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী, যেনে পনিৰ আৰু মাখনত পোৱা যায় ।

প্ৰতিবেদনত উল্লেখিত পৰামৰ্শসমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে এয়া কোনো চিকিৎসাৰ বিকল্প হ'ব নোৱাৰে অতিক তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

লগতে পঢ়ক: Corona: ভয়তকৈ অধিক সতৰ্ক হওক, আহি আছে ক'ৰনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.