ETV Bharat / bharat

Amit Shah on Gujarat victory: গুজৰাটৰ ঐতিহাসিক জয়ে 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব; শ্বাহ

author img

By

Published : Dec 26, 2022, 9:59 AM IST

গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah on Gujarat victory) ৷ অহা 2024 ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত (2024 Lok Sabha polls) এই বিজয়ে প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Amit Shah on Gujarat victory
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, 26 ডিচেম্বৰ: ‘‘সদ্য সমাপ্ত গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ ব্যাপক বিজয়ে সমগ্ৰ ৰাজনৈতিক ছবিখন সলনি কৰিব ৷ লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত (2024 Lok Sabha polls) ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব’’ ৷ দেওবাৰে এই মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ২০২২ চনত বিজেপিৰ ঐতিহাসিক জয়ৰ উদ্ধৃতি দি শ্বাহে কয় যে, এই ফলাফলে গুজৰাট দলৰ দুৰ্গ হোৱাটোকে প্ৰমাণ কৰিছে । দেওবাৰে চুৰাট চহৰ আৰু জিলা বিজেপিয়ে আয়োজন কৰা নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠানত ভাৰ্চুৱেলি ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে (Amit Shah on Gujarat victory)।

তেওঁ কয়, ‘‘এই নিৰ্বাচনত বহু নতুন দল আহিল, বিভিন্ন আশা আৰু প্ৰতিশ্ৰুতি দিলে ৷ কিন্তু ফলাফলে আন দলবোৰক এক প্ৰকাৰ গুৰুত্বহীন কৰি পেলালে । ফলাফলত দেখা গ’ল যে, গুজৰাটৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক আদৰিবলৈ সাজু হৈছে । আজিৰ সভাত বিপুল জনসমাগম হৈছে । এই বিজয়ৰ ফলত গুজৰাট অঞ্চল বিজেপিৰ দুৰ্গ আছিল আৰু থাকিব’’ ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে লগতে কয়, ‘‘গুজৰাট বিধানসভা নিৰ্বাচনত এই বিজয় সমগ্ৰ দেশৰ কৰ্মীসকলৰ বাবে উৎসাহ, প্ৰেৰণা আৰু শক্তিৰ উৎস । এই বিজয়ৰ লগে লগে সমগ্ৰ ৰাজনৈতিক ছবিখন সলনি হ’ব আৰু ইয়াৰ ফলাফলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো ইতিবাচক প্ৰভাৱ পেলাব’’ । এই বিজয়ৰ বাবে গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিল আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক আদিক অভিনন্দন জনায় অমিত শ্বাহে (Amit Shah comments on BJP Victory) ।

লগতে পঢ়ক: Gujarat ne to kamaal hi kardiya: নৰেন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰিছিল যাতে ভূপেন্দ্ৰই অভিলেখ ভংগ কৰিব পাৰে; মোদী

একে সময়তে দলীয় কৰ্মীসকলক অভিনন্দন জনাই শ্বাহে কয় যে, ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ অভিলেখ ভংগকাৰী ফলাফলৰ কাৰণ হৈছে বিজেপিৰ বুথ পৰ্যায়ৰ পেজ কমিটীৰ পৰা ৰাজ্যিক সভাপতিলৈ কৰ্মীসকলৰ কষ্ট। শ্বাহে কয় যে, সমগ্ৰ দেশ তথা গুজৰাটৰ জনসাধাৰণৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অপৰিসীম জনপ্ৰিয়তা আছে ৷ সেই কাৰণেই তেওঁ লোকসভাত দুবাৰকৈ গুজৰাটৰ ২৬ খন আসনৰ ভিতৰত ২৬ খন আসন লাভ কৰিছে ।

ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যজুৰি কৰা নিৰ্বাচনী ভ্ৰমণৰ কথাও উল্লেখ কৰি শ্বাহে কয় যে, ইয়াৰ ফলত গুজৰাটত বিজেপি সমৰ্থকৰ ধুমুহা আহিছিল, যিটো দলৰ কৰ্মীয়ে ভোটলৈ ৰূপান্তৰিত কৰে ।

উল্লেখ্য যে, ডিচেম্বৰ মাহৰ 1 আৰু 5 তাৰিখে অনুষ্ঠিত হৈছিল গুজৰাট লোকসভাৰ নিৰ্বাচন ৷ 8 ডিচেম্বৰত অনুষ্ঠিত হয় ভোট গণনা (Gujrat assembly poll 2022) ৷ বিজেপিয়ে ৰাজ্যখনত পূৰ্বৰ নিৰ্বাচনী অভিলেখ ভংগ কৰি 182 খন আসনৰ ভিতৰত নিজৰ দখললৈ আনিবলৈ সক্ষম হয় 156 খন আসন (Gujrat poll result 2022) ৷

ইফালে, গুজৰাটবাসী বিভিন্ন অভিনৱ প্ৰতিশ্ৰতি প্ৰদান কৰা তথা সকলোৱে বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হ’ব বুলি আশা কৰা আম আদমী পাৰ্টীয়ে মাত্ৰ 5 খন আসনতে সন্তুষ্ট থাকিব লগীয়া হয় ৷ দেশৰ অন্যতম ৰাষ্ট্ৰীয় দল কংগ্ৰেছে ৰাজ্যখনত মাত্ৰ 17 টা সমষ্টিহে নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷ নিৰ্দলীয়ই লাভ কৰে 4 খন আসন ৷ এই বিজয়েৰে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিলে ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো অভিলেখ ভংগ কৰে ৷

লগতে পঢ়ক: Congress defeat in Gujarat: আৰু বহু দূৰ বাট যাবলৈ বাকী: খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.