ETV Bharat / state

Junmoni Rabha accident case: SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ৰ হাতত অৰ্পন কৰাৰ দাবী নিখিল ৰাভা মহিলা পৰিষদৰ

author img

By

Published : May 18, 2023, 3:32 PM IST

demands CBI probe into Junmoni Rabha death
নিখিল ৰাভা মহিলা পৰিষদৰ সংবাদমেল

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ আকস্মিক মৃত্যুক সহজে ল’ব পৰা নাই ৰাজ্যৰ জনসাধাৰণে (Junmoni Rabha accident case)৷ যিমানে সময় পাৰ হৈছে সিমানেই ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ বিষয়টো ৷ বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বি আইৰ হাতত অৰ্পন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে নিখিল ৰাভা মহিলা পৰিষদে ৷

গুৱাহাটী, 18 মে’ : ‘‘অতি সাহসী আৰু কৰ্মদক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুৰ তদন্ত চি বি আইৰ হাতত অৰ্পন কৰিব লাগে ৷ আনকি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়েও হস্তক্ষেপ কৰিব লাগে ৷’’ বৃহস্পতিবাৰে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে নিখিল ৰাভা মহিলা পৰিষদে (SI Junmoni Rabha death incident)।

আনকি এই সংবাদমেলৰ জৰিয়তে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে নিখিল ৰাভা মহিলা পৰিষদে (Junmoni Rabha mysterious death) ।

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা আৰু সাধাৰণ সম্পাদক অশোক নংবাকৰ সহযোগত আহ্বান জনোৱা এই সংবাদমেলৰ আঁত ধৰে নিখিল ৰাভা মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ললিতা ৰাভাই ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই ৰাভা জাতীয় সংগঠনসমূহে (Nikhil Rabha women Parishad demands CBI probe into Junmoni Rabha death) ।

লগতে পঢ়ক : Nagaon SP Leena Dole : নগাঁৱৰ ১৪৮ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ

উল্লেখ্য যে, এই সংবাদমেলত উপস্থিত থাকে নিখিল ৰাভা মহিলা পৰিষদৰ উপ সভানেত্ৰী বিচিত্ৰা ৰাভা, কেন্দ্ৰীয় সমিতিৰ সদস্যা জুনু ৰাভা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ উপদেষ্টা ৰানু ৰাভা, উপ সভানেত্ৰী সাধনা ৰাভাকে ধৰি বহু কেইজন ৰাভা মহিলা কৰ্মী । লগতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিষয় ববীয়া মন্টু ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জিতুল ৰাভাকে ধৰি বহু কেইজন ৰাভা ছাত্ৰ সন্থাৰ বিষয়-ববীয়াই এই কাৰ্যসূচীত সহযোগ আগবঢ়ায় ।

লগতে পঢ়ক : Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰে সম্পৰ্ক আছে নেকি ৰুণাৰ! হাচিনা বেগমৰে বাৰ্তালাপৰ অডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.