ETV Bharat / state

Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰে সম্পৰ্ক আছে নেকি ৰুণাৰ! হাচিনা বেগমৰে বাৰ্তালাপৰ অডিঅ’ ভাইৰেল

author img

By

Published : May 18, 2023, 2:15 PM IST

Updated : May 18, 2023, 2:35 PM IST

জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ আৰু নকল সোণৰ বেহাৰ কাণ্ড এতিয়া সমানে চৰ্চিত হৈছে । নকল সোণৰ বেহাৰ বিৰুদ্ধে যুঁজ দিয়া হাচিনা বেগম নামৰ লখিমপুৰৰ মহিলা গৰাকীয়ে এই ক্ষেত্ৰত আগবঢ়াইছে বিস্ফোৰক বক্তব্য । সমানে তেওঁক এনে বেহাৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা বিৰত থাকিবলৈ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ নামো চৰ্চালৈ আহিছে । তেওঁৰ বদলিৰ প্ৰসংগটোও এই ক্ষেত্ৰত চৰ্চালৈ আহিছে (SI Junmoni Rabha death case updates)।

Junmoni Rabha mysterious death update
হাচিনা বেগমৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ বাৰ্তালাপৰ অডিঅ’ ভাইৰেল

হাচিনা বেগমৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ বাৰ্তালাপৰ অডিঅ’ ভাইৰেল

লখিমপুৰ ১৮ মে’ : জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুকাণ্ডত চৰ্চিত হৈছে বহু লোকৰ নাম । নকল সোণৰ বেহাৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবেই তেওঁ এনেদৰে অকাল মৃত্যুৰ কবলত পৰিল নেকি বুলিও প্ৰশ্নৰ উদয় হৈছে । লখিমপুৰত আহি তেওঁ অভিযান চলোৱাৰ পাছতে মৃত্যুমুখত পৰাৰ বাবে লখিমপুৰ জিলাৰ নাম সৰ্বাধিক চৰ্চালৈ আহিছে । সমানে চৰ্চালৈ আহিছে দুগৰাকী মহিলাৰ লগতে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ নাম । এগৰাকী মহিলাই জোনমণি ৰাভাৰ বিৰুদ্ধে আৰু আন গৰাকীয়ে তেওঁৰ সপক্ষে বক্তব্য দিছে । ইয়াৰ মাজতে উচ্চাৰিত হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ নাম (Junmoni Rabha death case updates)।

উল্লেখ্য যে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে পাঁচবছৰৰো অধিক সময় লখিমপুৰতে কাৰ্যনিৰ্বাহ কৰি আছে । ইয়াৰ মাজতে যোৱা ৯ মে’ত তেওঁৰ বদলিৰ নিৰ্দেশ আহে । ৰাজ্যৰ গৃহ বিভাগৰ সচিবৰ ccf-7-7927/171888/2023-B নম্বৰৰ নিৰ্দেশযোগে তেওঁক ভিলেজ ডিফেন্স অৰ্গেনাইজেচনত চিনিয়ৰ ষ্টাফ অফিচাৰ হিচাপে বদলি কৰা হয় । তেওঁৰ ঠাইত মুনিন্দ্ৰ নাথ দেউৰীক স্থলাভিষিক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে । পিছে বদলিৰ নিৰ্দেশ ওলোৱাৰ পাছতো তেওঁ আজিও চকী এৰা নাই । কিন্তু 16 মে’ত আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ পাচত এইবাৰ পুনৰ চৰ্চালৈ আহিছে তেওঁৰ বদলিৰ প্ৰসংগটোও (SI Junmoni Rabha death incident) ৷

২০১৫ বেটছৰ অসম আৰক্ষী সেৱাৰ বিষয়া ৰুণা নেওগে ২০১৮ চনত লখিমপুৰত উপ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে । পৰৱৰ্তী সময়ত ২০২২ চনৰ ১১ নৱেম্বৰত তেওঁ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি হয় যদিও বদলি নোহোৱাকৈ লখিমপুৰতে কাৰ্যনিৰ্বাহ কৰে । শেহতীয়াকৈ নকল সোণৰ বেহাৰ বিৰুদ্ধে যুঁজ দিয়া হাচিনা বেগমক তেনে কামৰ পৰা বিৰত থাকিবলৈ ৰুণা নেওগে কোৱা কথাৰ অডিঅ’ ভাইৰেল(Runa Neog conversation with Hasina Begum) হোৱাৰ পিছতে চৰ্চালৈ আহিছে ৰুণা নেওগৰ নাম । সমানে চৰ্চালৈ আহিছে তেওঁৰ বদলিৰ প্ৰসংগটোও ।

লগতে পঢ়ক: SI Junmoni Rabha updates: জোনমণি ৰাভা সন্দৰ্ভত দুগৰাকী মহিলাৰ বিপৰীত ভাষ্য; কোন সঁচা কোন মিছা ?

Last Updated :May 18, 2023, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.