Nagaon SP Leena Dole : নগাঁৱৰ ১৪৮ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ

author img

By

Published : May 18, 2023, 2:02 PM IST

148 police personal transferred in Nagaon

নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী অনুসৰি, জিলাখনৰ বিভিন্ন আৰক্ষী থানাত কৰ্মৰত ১৪৮ জনকৈ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ। আৰক্ষী অধীক্ষক লীনা দলেৰ এক নিৰ্দেশ অনুযায়ী বদলি কৰা এইসকল কনিষ্টবলক (148 police personal transferred in Nagaon) ।

নগাঁও, ১৮ মে' : জোনমণি ৰাভাৰ দুৰ্ঘটনা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য (Junmoni Rabha accident case) । নগাঁৱৰ মৰিকলং আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু প্ৰকৃততে দুৰ্ঘটনাত হৈছে নে এয়া এক হত্যাকাণ্ড তাক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা চলিছে (SI Junmoni Rabha killed in road accident) । ইতিমধ্যে জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে বহু দিশ উন্মোচিত হৈছে । আহিছে বিভিন্নজনৰ বিপৰীত ভাষ্যও । আনহাতে, জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ পিছতে অসম আৰক্ষী বিভাগতো তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ।

জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্তৰো দাবী উঠিছে বিভিন্ন মহলত । তাৰ মাজতে জোনমণি ৰাভাৰ গাড়ী দুৰ্ঘটনা আৰু মৃত্যুৰ তদন্তভাৰ অৰ্পণ কৰা হৈছে চিআইডিৰ হাতত (Junmoni Rabha accident case investigation on CID) । কিন্তু উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চিআইডিয়ে অব্যাহত ৰখাৰ সময়তে নগাঁও আৰক্ষীত হৈছে ব্যাপক ৰদ-বদল ।

নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী অনুসৰি, জিলাখনৰ বিভিন্ন আৰক্ষী থানা তথা আৰক্ষীচকীত কৰ্মৰত ১৪৮ জনকৈ আৰক্ষী কনিষ্টবলক বদলিৰ নিৰ্দেশ দিয়া হৈছে (148 police personal transferred in Nagaon) । নগাঁও আৰক্ষী বদলি সমিতিৰ সিদ্ধান্তমৰ্মে জিলাখনৰ আৰক্ষী অধীক্ষক লীনা দলেৰ এক নিৰ্দেশ অনুযায়ী বদলি কৰা হৈছে নগাঁও আৰক্ষীৰ বিভিন্ন আৰক্ষী থানাত কৰ্মৰত ১৪৮ গৰাকীকৈ কনিষ্টবলক । অসম আৰক্ষী আইন, ২০০৭-ৰ ৪৬ নম্বৰ ধাৰা অনুসৰি এই বদলিৰ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য, বিতৰ্কৰ আৱৰ্তত থকা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ সোমবাৰে নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হয় (SI Junmoni Rabha) ৷ কলিয়াবৰৰ সৰুভগীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত (Road accident at Kaliabar) অসমৰ 'লেডী সিংঘম'ৰূপে জনাজাত আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু হয় ৷ আনহাতে, দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পিছতে পুৱতি নিশা ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে (Nagaon SP Leena Doley) ৷

উল্লেখযোগ্য যে আৰক্ষী বিষয়াগৰাকীয়ে AS-01-EN 7273 নম্বৰৰ ব্যক্তিগত বাহনখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰ বেগী কণ্টেইনাৰ এখনৰ সৈতে সংঘৰ্ষ হয় ৷ সংঘৰ্ষ হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে UP-78-UT 4518 ৷ নিশা প্ৰায় ডেৰ বজাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমণি ৰাভাক জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

লগতে পঢ়ক :Exclusive description: জোনমণিৰ ৰাভাৰ ৰখাই থোৱা গাড়ীত খুন্দিয়াইছিল কন্টেইনাৰখনে ! প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.