Exclusive description: জোনমণিৰ ৰাভাৰ ৰখাই থোৱা গাড়ীত খুন্দিয়াইছিল কন্টেইনাৰখনে ! প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা

By

Published : May 17, 2023, 10:26 PM IST

Updated : May 18, 2023, 6:42 AM IST

thumbnail

নগাঁও, 17 মে’: জোনমণি ৰাভাৰ মৃত্যুৰ পাচত এতিয়া সেই ৰহস্যময়ী দুৰ্ঘটনাটোৰ সন্দৰ্ভত নতুন নতুন তথ্য পোহৰলৈ আহিছে ৷ বুধবাৰে বিয়লি চি আই ডিৰ তদন্তকাৰী দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাচতে বোকাখাতৰ এজন যুৱকে দিছে ঘটনাটোৰ চাঞ্চল্যকৰ বৰ্ণনা ৷ তেওঁ উল্লেখ কৰা মতে, সোমবাৰে নিশা দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত সেই স্থানত উপস্থিত আছিল যুৱকজন ৷ গুৱাহাটীৰ দিশৰ পৰা গোলাঘাট অভিমুখে গৈ থকা যুৱকজনে মুখ ধুবলৈ গাড়ী ৰখাইছিল সৰুভগীয়াৰ শিপহা সত্ৰৰ সমুখত ৷ সেই সময়ত এখন মাৰুতী গাড়ী ৰখাই থোৱা হৈছিল পথৰ কাষত (Eyewitness of Junmoni Rabha accident) ৷ 

যুৱকজনে উল্লেখ কৰা মতে, তেওঁৰ চকুৰ সমুখতে বাহনখনত খুন্দা মাৰিছিল বিপৰীত দিশৰ পৰা অহা কন্টেইনাৰ ট্ৰাকখনে ৷ সেই মূহুৰ্তত সৰু বাহনখনৰ পৰা দৌৰ মাৰিছিল ক’লা পেন্ট আৰু জোতা পিন্ধা এজন যুৱকে ৷ খুন্দা মাৰিয়েই পলায়ন কৰিছিল কন্টেইনাৰখনৰ চালকেও ৷ তাৰ ঠিক 15 মিনিট পাচত সেই স্থানত উপস্থিত হয় জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ৷ প্ৰত্যক্ষদৰ্শী যুৱকজন তেতিয়া কাষ চাপি যোৱা আঁতৰাই পঠিয়াই আৰক্ষী বিষয়াগৰাকীয়ে ৷ তেতিয়াই যুৱকজনে দেখা পাইছিল গাড়ীৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ ৷ সেই স্থানৰ পৰা ঘৰলৈ যোৱাৰ পিচত তেওঁ জানিব পাৰে যে, চূৰ্চুমৈ হৈ যোৱা গাড়ীখনৰ ভিতৰত থকা যুৱতীগৰাকী আছিল জোনমণি ৰাভা (Jonmani Rava accident case at Kaliabar) ৷ 

তেওঁ বাৰম্বাৰ এটা কথা উল্লেখ কৰিছে যে, গাড়ীখন ৰখাই থোৱা হৈছিল আৰু ট্ৰাকে খুন্দা মৰাৰ মুহূৰ্তত গাড়ীখনৰ পৰা এজন যুৱক আঁতৰি গৈছিল (description of Jonmani Rava accident) ৷ এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পোৱাৰ পিচত এতিয়া  ঘটনাই কি মোৰ লয় সেয়া লক্ষণীয় হ’ব ৷ 

লগতে পঢ়ক: SP Leena Doley Exclusive: ভালদৰেই কাম কৰি আছিল জোনমণিয়ে; তদন্তত সকলো পোহৰলৈ আহিব

Last Updated : May 18, 2023, 6:42 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.