ETV Bharat / state

অসম আৰক্ষীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ মিজোৰামৰ

author img

By

Published : Aug 22, 2021, 8:48 PM IST

Mizoram files case against Assam Police for alleged theft of construction materials
অসম আৰক্ষীক চোৰ সজালে মিজোৰামে

এক নতুন মোৰ লৈছে অসম-মিজোৰাম সীমা বিবাদে ৷ মিজোৰামৰ পৰা নিৰ্মাণ সামগ্ৰী চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধে ৷

নিউজ ডেস্ক, 22 আগষ্ট : অসম-মিজোৰাম সীমা বিবাদে সম্প্ৰতি এক নতুন মোৰ লৈছে ৷ শেহতীয়াকৈ, নিৰ্মাণ সামগ্ৰী চুৰি কৰাৰ অভিযোগত অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে । কোলাচিব জিলাৰ উপায়ুক্তই অসমৰ হাইলাকান্দি জিলাৰ প্ৰশাসনলৈ এই ক্ষেত্ৰত এক পত্ৰ প্ৰেৰণ কৰিছে ৷

Mizoram files case against Assam Police for alleged theft of construction materials
কোলাচিব জিলাৰ উপায়ুক্তৰ পত্ৰ

এক পত্ৰযোগে তেওঁ অভিযোগ কৰিছে যে, ২০ আগষ্ট ২০২১ তাৰিখে কৰ্তব্যৰত অসম আৰক্ষীয়ে মিজোৰামৰ জোফাই অঞ্চলত প্ৰৱেশ কৰিছিল ৷ আৰক্ষীয়ে নিৰ্মীয়মান এখন দলঙৰ পৰা কিছু নিৰ্মাণ সামগ্ৰী চুৰি কৰিছিল ।

য'ত মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী পু চি চুংগা মালিকানাধীন ধানৰ পথাৰৰ সৈতে মুখ্য পথৰ সংযোগৰ বাবে এখন দলং নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । অসম আৰক্ষীয়ে সেই স্থানত শ্ৰমিকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল ৷ আনহে নালাগে পত্ৰখনত লোহাৰ ৰডৰ টুকুৰাসহ কিছুমান নিৰ্মাণ সামগ্ৰী চুৰি কৰাৰো অভিযোগ উত্থাপিত হৈছিল অসম আৰক্ষীৰ বিৰুদ্ধে ৷

অৱশ্যে হাইলাকান্দি জিলাৰ উপায়ুক্তক এই ঘটনাক সীমাৰ সমস্যা হিচাপে বিবেচনা নকৰিবলৈ আহ্বান জনায় কোলাচিবৰ উপায়ুক্তই ৷ পত্ৰখনত তেওঁ উল্লেখ কৰে যে, বৈৰাবাৰী আৰক্ষী থানাত অসম আৰক্ষীৰ জোৱানসকলৰ বিৰুদ্ধে নিৰ্মাণ সামগ্ৰী চুৰিৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু কৰা হৈছে । এই সন্দৰ্ভত তেওঁ পুনৰ কয় যে, তেওঁ বিচাৰে যে এই ঘটনাটো সীমাৰ সমস্যা বুলি গণ্য কৰা নহওক ৷

লগতে পঢ়ক : অসম চৰকাৰৰ বিজ্ঞাপনত দাক্ষিণাত্যৰ সুৰ : আৰম্ভ হৈছে বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.