অসম চৰকাৰৰ বিজ্ঞাপনত দাক্ষিণাত্যৰ সুৰ : আৰম্ভ হৈছে বিতৰ্ক

author img

By

Published : Aug 22, 2021, 5:26 PM IST

controversy erupts over assam governments advertisement
অসম চৰকাৰৰ বিজ্ঞাপনক লৈ বিতৰ্ক ()

চৰকাৰী বিজ্ঞাপনক লৈ সৃষ্টি হৈছে বিতৰ্ক ৷ চৰকাৰৰ 100 দিনীয়া কৰ্ম খতিয়ানৰ বিজ্ঞাপনত দাক্ষিণাত্যৰ ৱেব চিৰিজৰ শীৰ্ষ সংগীত ব্যৱহাৰৰ অভিযোগ ৷ বিপদত পৰিব পাৰে চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগ ৷

নিউজ ডেস্ক, 22 আগষ্ট : হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিলে 100 দিন ৷ এই 100 দিনত ৰাজ্যৰ তথা জনসাধাৰণৰ হকে চৰকাৰখনে কি কৰিলে আৰু কি কৰাৰ পৰিকল্পনা লৈছে এই সকলো সামৰি প্ৰস্তুত কৰা হৈছে এটা বিজ্ঞাপন ৷ অসমৰ চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে এই বিজ্ঞাপন ৷

বিভিন্ন সংবাদ মাধ্যমযোগে সম্প্ৰচাৰিত এই বিজ্ঞাপনটোত দেখা গৈছে যে, চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযান, গো-সুৰক্ষা, মহিলা আৰু দিব্যাংগলৈ সাহায্য, মথাউৰি নিৰ্মাণ, বিদ্যুৎ চুৰি ৰোধ আদি কেইবাটাও বিষয় সন্নিৱিষ্ট কৰা হৈছে ৷ এটি সুন্দৰ নেপথ্য সংগীত, সংলাপ তথা দৃশ্যায়নৰ জৰিয়তে মনোগ্ৰাহী কৰি তোলা হৈছে বিজ্ঞাপনটো ৷ কিন্তু এই বিজ্ঞাপনটোক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে এক বিতৰ্কৰ ৷

লগতে পঢ়ক : চৰকাৰৰ ১০০ দিন : কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

যিসকলে নেটফ্লিক্সৰ যোগেদি বিভিন্ন চিনেমা, ৱেব চিৰিজ আদি উপভোগ কৰে, তেওঁলোকে দাক্ষিণাত্যৰ প্ৰখ্যাত ছবি পৰিচালক মণিৰতমৰ নৱৰস শীৰ্ষক ৱেব চিৰিজটোৰ বিজ্ঞাপন হ’লেও নিশ্চয় দেখিছে ৷ তামিল ভাষাত প্ৰস্তুত কৰা নটা খণ্ডৰ এই ৱেব চিৰিজটোৰ শীৰ্ষ সংগীতৰ কাম কৰিছে ভাৰতৰ সংগীত জগতৰ তাৰকা এ আৰ ৰহমানে ৷ আপুনি হয়তো ভাবিছে অসম চৰকাৰৰ বিজ্ঞাপনৰ পৰা গৈ আমি মণিৰতমৰ নৱ ৰস কিয় পালোগৈ ৷ তাৰো সামঞ্জস্য আছে ৷

আপুনি যদি অসম চৰকাৰৰ এশ দিনীয়া কৰ্ম খতিয়ানৰ বিজ্ঞাপন আৰু মণিৰতৰম নৱৰসৰ শীৰ্ষ সংগীতটো চাই, তেন্তে এটা অদ্ভূত সাদৃশ্য দেখা পাব ৷ দুয়োটা ভিডিঅ’ৰে নেপথ্যত বাজি থকা সংগীতটো আচৰিত ধৰণে মিল থকা ৷ এনে লাগে যেন একেটা সুৰকে দুয়োটা ভিডিঅ’ত ব্যৱহাৰ কৰা হৈছে ৷

লগতে পঢ়ক : হিমন্ত চৰকাৰৰ 100 দিন সম্পূৰ্ণ : নলবাৰী প্ৰশাসনে দাঙি ধৰিলে খতিয়ান

কিন্তু কথা হ’ল, যিকোনো লেখা, ফটো, সংগীত, ভিডিঅ’ আদিৰ ক্ষেত্ৰত কপি ৰাইট (Copy Right) থাকে ৷ বহুতেই এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে, কেনেবাকৈ এ আৰ ৰহমানৰ সংগীত চুৰি কৰি প্ৰস্তুত কৰা হ’ল নেকি চৰকাৰী বিজ্ঞাপন ৷ যদি তেনে হৈছে তেন্তে বিপদত পৰিব পাৰে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগ ৷

অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্ভত বিভাগ তথা বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নাই ৷ কিন্তু, এই ক্ষেত্ৰত বিজ্ঞাপন নিৰ্মাণৰ সৈতে জড়িত এগৰাকী ব্যক্তিয়ে টুইটাৰযোগে মত স্পষ্ট কৰিছে যে, দাক্ষিণাত্যৰ ৱেব চিৰিজৰ আৰ্হিত নিৰ্মাণৰ চেষ্টা কৰা হৈছে ভিডিঅ’টো ৷ যাক লৈ এতিয়া ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে 100 দিনৰ চৰকাৰ বুলি প্ৰচাৰ চলাইছে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.