ETV Bharat / state

চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডৰ ভূমি পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ

author img

By

Published : Aug 5, 2021, 9:54 PM IST

Ashok Singhal visited Chandrapur dumping ground site
চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডৰ ঠাই পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘলৰ

চন্দ্ৰপুৰবাসীৰ প্ৰতিবাদৰ মাজতে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ আৱাসিক এলেকাত পৌৰ নিগমৰ প্ৰস্তাৱিত ডাম্পিং গ্ৰাউণ্ডৰ ভূমি পৰিদৰ্শন কৰে অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে । মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ লগতে ৰাইজৰ লগত মত বিনিময় নকৰি উভতি যায় ।

গুৱাহাটী, 5 আগষ্ট : চন্দ্ৰপুৰৰ প্ৰস্তাৱিত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই । ইয়াৰ মাজতে বৃহস্পতিবাৰে মহানগৰীৰ চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ আৱাসিক এলেকাত পৌৰ নিগমৰ প্ৰস্তাৱিত ডাম্পিং গ্ৰাউণ্ডৰ ঠাই পৰিদৰ্শন কৰে অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ।

কামৰূপ(ম) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী আয়ুক্ত হৰমিত সিং আৰু পৌৰ নিগমৰ কেইবাগৰাকী প্ৰশাসনিক বিষয়াক লগত লৈ উক্ত স্থান পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ লগতে ৰাইজৰ কোনো ব্যক্তিৰ লগত মত বিনিময় নকৰি উভতি যায় ।

ডাম্পিং গ্ৰাউণ্ডৰ ভূমি পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ

ফলত প্ৰতিবাদ সাব্যস্ত কৰি থকা ৰাইজে মন্ত্ৰীগৰাকীৰ ৰাইজৰ সন্মুখত থিয় হ'বলৈ বা ৰাইজৰ সৈতে মুখামুখি হ’বলৈ সাহস নহ'ল বুলি ক্ষোভ উজাৰে । বিগত এমাহ দহ দিন ধৰি চন্দ্ৰপুৰৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো এই পৰ্যন্ত ৰাজ্য চৰকাৰৰ কোনো এজন মন্ত্ৰী তথা বিধায়ক ৰাইজৰ ওচৰত অহা নাই ৷

লগতে পঢ়ক: চন্দ্ৰপুৰত anti dumping ground manch ৰ ক'লা পতাকা প্ৰদৰ্শন

বিভাগীয় মন্ত্ৰীগৰাকী চন্দ্ৰপুৰলৈ অহাত ৰাইজে আশা প্ৰকাশ কৰিছিল যে, মন্ত্ৰীগৰাকীয়ে অন্তত প্ৰতিবাদী জনতাৰ সৈতে মত বিনিময় কৰিব । কিন্তু মন্ত্ৰী সিংঘালে সম্পূৰ্ণ বিপৰীত স্থিতি অৱলম্বন কৰাত প্ৰতিবাদী ৰাইজে আশ্চৰ্য প্ৰকাশ কৰে । চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ চন্দ্ৰপুৰৰ আহ্বানত পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ ৬ ঘণ্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজে ।

চন্দ্ৰপুৰ বেংক তিনিআলিত অৱস্থান কৰি প্ৰতিবাদকাৰীসকলে ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰক, চন্দ্ৰপুৰক ৰক্ষা কৰক, চন্দ্ৰপুৰৰ জৈৱ বৈচিত্ৰক সংৰক্ষণ কৰক, চন্দ্ৰপুৰৰ সেউজ পৰিৱেশ ধ্বংস কৰিবলৈ দিয়া নহ'ব, আমচাঙক ৰক্ষা কৰক, কলং-ডিগাৰুক ৰক্ষা কৰক, ব্ৰহ্মপুত্ৰক ৰক্ষা কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদস্থলীত ড৹ সমুজ্জ্বল ভট্টাচাৰ্য

এই গণ সত্যাগ্ৰহ কাৰ্যসূচীত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ, চন্দ্ৰপুৰৰ আহ্বায়ক মণ্ডলী, প্ৰাগজ্যোতিষপুৰ জিলা ট্ৰাইবেল সংঘ, বৃহত্তৰ প্ৰাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থা, চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম মায়ং উন্নয়ন সমিতি, কৃষ্ণগুৰু সেৱাশ্ৰম পূৱ গুৱাহাটী চক্ৰ আদিৰ লগতে চন্দ্ৰপুৰ অঞ্চলৰ তিনি শতাধিক লোক উপস্থিত থাকে। তদুপৰি ৬ আগষ্টত পুনৰ প্ৰতিবাদী সভাৰ জৰিয়তে ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব চন্দ্ৰপুৰবাসীয়ে ।

লগতে পঢ়ক: আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত AJYCP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.