ETV Bharat / state

আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Aug 5, 2021, 8:57 PM IST

আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ বাবে অসমৰ জাতীয় সংগঠন সমূহে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ বৃহস্পতিবাৰে আন্তঃৰাজ্যিক পাৰ পত্ৰ(Inner Line Permit) প্ৰৱৰ্তনৰ দাবীত ডিব্ৰুগড়ত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে AJYCP য়ে ৷

ajycp protest in dibrugarh
ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ AJYCP ৰ

ডিব্ৰুগড়, 5 আগষ্ট : অসমত অন্তঃৰাজ্যিক পাৰ পত্র (Inner Line Permit) প্ৰৱৰ্তনৰ দাবী দীৰ্ঘদিনীয়া ৷ ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰাৰ দাবীত প্ৰায়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আছু, এজেৱাইচিপি, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি আন আন জাতীয় সংগঠনে ৷ অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ কৰাৰ দাবীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এজেৱাইচিপিয়ে ৷

এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ডিব্ৰুগড় চহৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এজেৱাইচিপিৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৷ প্ৰখৰ ৰ'দ, উৎকট গৰমকো নেওচি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে এজেৱাইচিপিৰ ডিব্ৰুগড় জিলাৰ কৰ্মী সকলে ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ ইনাৰ লাইন পাৰ্মিটৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক এজেৱাইচিপি কৰ্মীয়ে ৷

ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ AJYCP ৰ

লগতে পঢ়ক : অৱশেষত মুখ খুলিলে বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে

প্ৰতিবাদস্থলী পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ বিষয়ববীয়া সকলে কয় যে, জন্মলগ্নৰে পৰা AJYCP য়ে ৰাজ্যত অন্তঃৰাজ্যিক পাৰ পত্র প্ৰৱৰ্তনৰ দাবীত সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ তিনিটা দশক ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতো আজিকোপতি কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে এই বিষয়ত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷ যাৰ বাবে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ নেতৃত্বই ৷

বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে AJYCP য়ে । অতি সোনকালে ৰাজ্যত অন্তঃৰাজ্যিক পাৰ পত্র প্ৰৱৰ্তন নকৰিলে ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ পন্থা গ্ৰহণ কৰা হ'ব বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৷

লগতে পঢ়ক : অৱশেষত অন্ত পৰিল বিধানসভাত "উগ্ৰপন্থী" শব্দক লৈ চলা বিৰ্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.