ETV Bharat / state

চন্দ্ৰপুৰত anti dumping ground manch ৰ ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Jul 26, 2021, 7:51 PM IST

সোমবাৰে চন্দ্ৰপুৰত ক’লা পতাকা (Black Flag) প্ৰদৰ্শন কৰি ডাম্পিং গ্ৰাউণ্ড (Dumping Ground)ৰ বিৰুদ্ধে ক’লা দিৱস (Black Day) পালন কৰে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ (Anti Dumping Ground Manch)ই ৷ কোনো কাৰণতে চন্দ্ৰপুৰত পৌৰ নিগমৰ জাৱৰ পেলোৱা কাৰ্যক মানি নলয় ৰাইজৰ লগতে দল-সংগঠনসমূহে ৷

protest against dumping ground
Dumping Groundৰ বিৰুদ্ধে প্ৰতিবাদ

গুৱাহাটী, 26 জুলাই : গুৱাহাটীৰ চন্দ্ৰপুৰত ক’লা পতাকা (Black Flag) প্ৰদৰ্শন কৰি ডাম্পিং গ্ৰাউণ্ড (Dumping Ground)ৰ বিৰুদ্ধে ক’লা দিৱস (Black Day) পালন কৰে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ (Anti Dumping Ground Manch)ই ৷ চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ লক্ষ্যৰে সোমবাৰে ৰাজহুৱাভাৱে ক’লা পতাকা প্ৰদৰ্শন কৰিছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই ৷ বিগত 26 জুনৰ পৰা গুৱাহাটী পৌৰ নিগম (Guwahati Municipal Corporation)য়ে বলপূৰ্বকভাৱে ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি চন্দ্ৰপুৰত জাৱৰ পেলোৱা কাৰ্য আৰম্ভ কৰিছিল ৷

চলি থকা প্ৰতিবাদৰ মাজতে ৰাইজৰ ওজৰ-আপত্তিক একাষৰীয়া কৰি চন্দ্ৰপুৰত উপস্থিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ জাৱৰ ভৰ্তি ডাম্পাৰ । 7 খনকৈ পৌৰ নিগমৰ ডাম্পাৰেৰে যুদ্ধসদৃশ পৰিৱেশৰ মাজেৰে চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পত থকা আৱাসিক এলেকালৈ নিয়া হৈছিল জাৱৰ ভৰ্তি ডাম্পাৰসমূহ । এই কাৰ্যত প্ৰত্যক্ষভাৱে সহযোগ কৰে পৌৰ নিগম তথা আৰক্ষী প্ৰশাসনে ৷

Dumping Groundৰ বিৰুদ্ধে প্ৰতিবাদ

পৌৰ নিগমে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰৰ ৰাইজৰ লগতে দল-সংগঠনসমূহে অব্যাহত ৰাখিছে প্ৰতিবাদ । ইফালে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও ৰাজ্যিক ঘাইপথৰ দুয়োপাৰে চন্দ্ৰপুৰৰ পৰা তাপবিদ্যুৎ প্ৰকল্পৰ আৱাসস্থলীলৈ চৰকাৰে গঢ়ি তুলিছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী । চন্দ্ৰপুৰৰ ৰাইজে মঙলবাৰে পৌৰ নিগমৰ সিদ্ধান্তৰ বিৰুদ্ধে দোকান-পোহাৰ ​স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰাৰ উপৰিও ইতিমধ্যে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

কোনো কাৰণতে চন্দ্ৰপুৰত পৌৰ নিগমৰ জাৱৰ পেলোৱা কাৰ্যক মানি নলয় প্ৰতিবাদী ৰাইজে । এই কাৰ্যৰ বিৰুদ্ধে দল-সংগঠন, কংগ্ৰেছ দলৰ লগতে সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi)য়েও কিছুদিন পূৰ্বে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ চৰকাৰ তথা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে অব্যাহত থাকিব এই প্ৰতিবাদ ৷

লগতে পঢ়ক : চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাংসদ গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.