ETV Bharat / state

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদস্থলীত ড৹ সমুজ্জ্বল ভট্টাচাৰ্য

author img

By

Published : Jul 18, 2021, 9:06 PM IST

চন্দ্ৰপুৰৰ প্ৰতিবাদস্থলীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ (ALL ASSAM STUDENT UNION) মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (Dr. Samujjal kumar Bhattacharya)। দিহা নামেৰে দেওবাৰৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে চন্দ্ৰপুৰৰ মহিলাসকলে ৷ লগতে উৰুলিৰ মংগল ধ্বনিৰে চৰকাৰৰ সুমতি বিচাৰে ৷

chandrapur dumping ground samujjal
চন্দ্ৰপুৰত ড্ৰাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদস্থলিত ড৹ সমুজ্জ্বল ভট্টাচাৰ্য

গুৱাহাটী, 18 জুলাই : দেওবাৰে চন্দ্ৰপুৰ বেংক তিনিআলিত পুনৰ প্ৰতিবাদত বহিল চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ ৷ প্ৰতিবাদস্থলীত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ (ALL ASSAM STUDENT UNION) মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (Dr. Samujjal kumar Bhattacharya)। দিহা নামেৰে দেওবাৰৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে চন্দ্ৰপুৰৰ মহিলাসকলে ৷ লগতে উৰুলিৰ মংগল ধ্বনিৰে চৰকাৰৰ সুমতি বিচাৰে ৷

প্ৰতিবাদত অংশগ্ৰহণ কৰা আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক চন্দ্ৰপুৰত (CHANDRAPUR) জাৱৰ পেলোৱা বন্ধ কৰি পুৰণি চন্দ্ৰপুৰক আধুনিক ধৰণে গঢ়িবলৈ আহ্বান জনায় ৷ তদুপৰি গুৱাহাটীৰ আৱৰ্জনা অন্য স্থানত পৰিকল্পিতভাৱে নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ একেদৰে চৰকাৰে চন্দ্ৰপুৰত নিবনুৱা সমস্যা সমাধানৰ বাবে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱাও দেখা যায় আছুৰ মুখ্য উপদেষ্টাগৰাকীক ৷

চৰকাৰে যিদৰে প্ৰতিবাদকাৰীক দমন কৰিব বিচাৰিছে, সেই নীতি কেতিয়াও মানি লোবা নহ’ব বুলি সদৰী কৰে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদস্থলীত ড৹ সমুজ্জ্বল ভট্টাচাৰ্য

উল্লেখযোগ্য যে, চলি থকা প্ৰতিবাদৰ মাজতে কিছুদিন পূৰ্বে ৰাইজৰ ওজৰ-আপত্তিক একাষৰীয়া কৰি চন্দ্ৰপুৰত উপস্থিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ জাৱৰ ভৰ্তি ডাম্পাৰ । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চন্দ্ৰপুৰত উপস্থিত হৈছিল জাৱৰ ভৰ্তি ডাম্পাৰ । সাতখনকৈ পৌৰ নিগমৰ ডাম্পাৰেৰে যুদ্ধ সদৃশ পৰিৱেশৰ মাজেৰে চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পত থকা আৱাসিক এলেকালৈ নিয়া হৈছিল জাৱৰ ভৰ্তি ডাম্পাৰসমূহ ।

এই কাৰ্যত প্ৰত্যক্ষ সহযোগ কৰে পৌৰ নিগম তথা আৰক্ষী প্ৰশাসনে ৷ যোৱা ২৬ জুনৰ পৰা চন্দ্রপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰৰ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ । ইপিনে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও ৰাজ্যিক ঘাইপথৰ দুয়োকাষে চন্দ্ৰপুৰৰ পৰা তাপবিদ্যুৎ প্ৰকল্পৰ আৱাসস্থলীলৈ অসম চৰকাৰে গঢ়িছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ।

লগতে পঢ়কঃ শক্তি বিভাগক শক্তিশালী কৰিবলৈ বিমল বৰাই বিচাৰিলে ৰাইজৰ সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.