ETV Bharat / state

Drinking water crisis in Guwahati: ২০২৪ ৰ ভিতৰত গুৱাহাটীবাসীয়ে লাভ কৰিব খোৱাপানী; অশোক সিংহল

author img

By

Published : Feb 23, 2023, 9:23 PM IST

Guwahati Development Department
মহানগৰবাসীক পানী যোগান দিবলৈ সাজু হৈছে গুৱাহাটী জল বোৰ্ড

জাইকা প্ৰকল্পৰ অধীনত ১ মাৰ্চৰ পৰা খোৱা পানীৰ ৫ হাজাৰ ঘৰুৱা সংযোগ দিয়াৰ বাবে সাজু হৈছে জল বোৰ্ড (Guwahati Jal Board)। পূৰ্বে ১২ হাজাৰ পৰিয়ালক পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল যদিও আবেদন কৰে ৫৪০০ পৰিয়ালে । তাৰ ভিতৰত ৪৭০০ টা ঘৰত সংযোগ দিয়া হৈছে । ঘৰুৱা সংযোগৰ বাবে দিব লাগিব ৮৫০০ টকা । পানী যোগান প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচত কোনো লোকে অনুমতি অবিহনে ভূ-গৰ্ভৰ পৰা পানী সংগ্ৰহ কৰিব নোৱাৰিব ।

মহানগৰবাসীক পানী যোগান দিবলৈ সাজু হৈছে গুৱাহাটী জল বোৰ্ড

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ আৰু ৫ হাজাৰ পৰিয়ালক জাইকাৰ পানী যোগান প্ৰকল্পৰ পানী যোগান দিবলৈ সাজু হৈছে গুৱাহাটী জল বোৰ্ড (Guwahati Jal Board)। জনতা ভৱনত বৃহস্পতিবাৰে আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে (Minister Ashok Singhal Press meet)।

মন্ত্ৰী সিংহলে কয় যে, ২২ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাইকা প্ৰকল্পৰ (Water Supply Project) শুভাৰম্ভ কৰিছিল । সেই প্ৰকল্পৰ অধীনত ১২ হাজাৰ পৰিয়ালক পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল যদিও আবেদন কৰে ৫৪০০ পৰিয়ালে । আবেদন কৰাৰ ভিতৰত ৪৭০০ টা ঘৰত সংযোগ দিয়া হৈছে । এতিয়াও বহু লোকে পানীৰ বাবে আবেদন কৰা নাই ।

লগতে তেওঁ কয় যে, পানী যোগান প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচত কোনো লোকে অনুমতি অবিহনে ভূ-গৰ্ভৰ পৰা পানী সংগ্ৰহ কৰিব নোৱাৰিব । ২০২৪ চনৰ ভিতৰত সমগ্ৰ গুৱাহাটীবাসীক ২৪ ঘণ্টাই পানী যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে, পৰ্যায়ক্ৰমে পানী যোগান ব্যৱস্থা কৰি থকা হৈছে (Guwahati residents to access to drinking water by 2024 said Ashok Singhal) ।

লগতে পঢ়ক : Assam budget 2023-24: গুৱাহাটীত বাজেট সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ আলোচনাচক্ৰ

জাইকা প্ৰকল্পৰ অধীনত ১ মাৰ্চৰ পৰা পানীৰ আৰু ৫ হাজাৰ ঘৰুৱা সংযোগ দিয়াৰ বাবে সাজু হৈছে জল বোৰ্ড । ইয়াৰ বাবে জল বোৰ্ডৰ 'GJB' অনলাইন এপত আবেদন কৰাৰ বাবে তেওঁ সংশ্লিষ্ট এলেকাৰ ৰাইজৰ প্ৰতি আহ্বান জনায় । ৫ হাজৰ নতুনকৈ পানীৰ সংযোগ দিবলগীয়া অঞ্চলসমূহ হৈছে গান্ধীবস্তি, ইছলামপুৰ, ৰামচা হিল, লাচিত নগৰ, নেহেৰু ষ্টেডিয়াম, বৰা চাৰ্ভিছ, হাজি মুচাফিৰ খানা, আশ্ৰম ৰোড, ইস্কন মন্দিৰ, ৰাজগড় আদি অঞ্চল ।

তেওঁ আৰু কয় যে, ঘৰুৱা সংযোগৰ বাবে ৮৫০০ টকা আদায় দিব লাগিব । আনহাতে, মাহে ১০ হাজাৰ লিটাৰ পানী ব্যৱহাৰ কৰিলে প্ৰতি হাজাৰ লিটাৰত ২২ টকাকৈ দিব লাগিব । ইয়াৰ বাবে মিটাৰ সংযোগ থাকিব । গুৱাহাটীত পানী যোগানৰ বাবে তিনিটা প্ৰকল্পৰ কাম চলি আছে বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে ইয়াৰ ভিতৰত জাইকাৰ প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে চলি আছে (JICA Guwahati water supply project)।

গুৱাহাটীৰ ভয়াৱহ প্ৰদূষণৰ প্ৰসংগত তেওঁ কয় যে, গুৱাহাটী পৌৰ নিগমৰ প্ৰদূষণৰে মোকাবিলা কৰিব পৰাই উপযুক্ত ব্যৱস্থা নাই (Pollution in Guwahati) । তেওঁ আৰু কয়, ‘‘গুৱাহাটীৰ নলা-নৰ্দমা চাফা কৰাৰ কাম বিশাল পৰিসৰত চলি আছে । ইয়াৰ পূৰ্বে এনেদৰে নলা চাফা কৰা কাম হোৱা নাছিল । যাৰ বাবে ঠায়ে ঠায়ে আৱৰ্জনা নিষ্কাসন কৰাত কিছু পলম হৈছে’’ ৷

লগতে পঢ়ক : Pollution in Guwahati: বিষাক্ত বতাহ; গুৱাহাটীত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.