ETV Bharat / state

Pollution in Guwahati: বিষাক্ত বতাহ; গুৱাহাটীত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা

author img

By

Published : Feb 22, 2023, 6:44 PM IST

ভয়ংকৰ বায়ুপ্ৰদূষণে মহানগৰীলৈ অশনি সংকেত কঢ়িয়াই আনিছে । বিপজ্জনকভাৱে প্ৰদূষিত হৈছে গুৱাহাটী মহানগৰীৰ আকাশ-বতাহ (AQI in Guwahati move into critical situation) । বিষাক্ত ধূলিয়ে ছানি ধৰিছে সমগ্ৰ মহানগৰী । ধূলিৰ আচ্ছাদনে ঘেৰি ৰাখিছে মহানগৰৰ বিভিন্ন অঞ্চল । ইয়াৰ ফলত গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে ৰোগাক্ৰান্তৰ সংখ্যা ।

Pollution in Guwahati
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে গুৱাহাটীত বায়ুৰ গুণমান সূচাংকই ৷ মহানগৰীৰ এয়াৰ কোৱালিটি ইনডেক্স ৩০৭ অতিক্ৰম কৰিছে (Current AQI of Guwahati) । ইয়াৰ ফলত গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে ৰোগাক্ৰান্তৰ সংখ্যা । বিশেষকৈ শিশুসকল অধিক আক্ৰান্ত হৈছে বিভিন্ন ৰোগত । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শ্বাস-প্ৰশ্বাস জনিত ৰোগ, নিউমোনিয়া, হাপানী, ব্ৰংকাইটিছ, জ্বৰ-ছৰ্দি, কাহত ৰোগত আক্ৰান্ত হৈ মঙলবাৰে ১৮ গৰাকী শিশুক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ইয়াৰে ৮ গৰাকী শিশুৱে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত (Child with respiratory problem admitted to GMCH) ।

ইয়াত পূৰ্বে সোমবাৰে পুৱা ৮ বজাৰ পৰা মঙলবাৰে পুৱা ৮ বজালৈ জি এম চি এইছত ভৰ্তি কৰা হৈছিল ৩৬ টি শিশু ৷ চিকিৎসালয়খনত ভৰ্তি কৰা এই ৩৬ গৰাকী শিশুৰ ভিতৰত ২৫ জনেই হৈছে শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত ৰোগী । গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ শিশু ৰোগ চিকিৎসা বিভাগৰ চিকিৎসকে বৰ্তমান চিকিৎসালয়খনত ভৰ্তি হোৱা শিশু ৰোগীৰ এক তৃতীয়াংশ শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত বুলি জানিবলৈ দিয়ে (Respiratory patients increase in Guwahati) ৷ চিকিৎসকগৰাকীয়ে ছমহীয়াৰ পৰা দুই বছৰৰ শিশুৰ ব্ৰংকাইটিছত বেছি আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দিয়ে ৷

এই শিশু ৰোগীসকল কামৰূপ, গুৱাহাটী, নলবাৰী, বৰপেটাৰ পৰা আহি চিকিৎসালয়খনত ভৰ্তি হোৱাৰ কথা জানিবলৈ দিয়ে শিশু ৰোগ চিকিৎসা বিভাগৰ চিকিৎসকে ৷ শিশুৰ কাহ ছৰ্দি, উশাহ ঘন হ’লে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ অভিভাৱকক আহ্বান জনায় চিকিৎসকগৰাকীয়ে । তেওঁ লগতে মাস্ক পৰিধান, সুষম আহাৰ গ্ৰহণ কৰাৰ লগতে এই সময়ছোৱাত শিশুক বাহিৰত খেল-ধেমালি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

আনহাতে, গুৱাহাটীৰ প্ৰদূষণ কিদৰে নিয়ন্ত্ৰণ কৰিব পৰা যায় সেই বিষয়ে দায়িত্বত থকা বিভাগসমূহক সক্ৰিয় হ’বলৈ চেভ গুৱাহাটী বিল্ড গুৱাহাটীয়ে আহ্বান জনায় । ইয়াৰ উপৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ৰাইজক সজাগ কৰিবলৈ বন পৰিৱেশ বিভাগ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক আহ্বান জনায় চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই । এই বিভাগ দুটা কোনো কাম নাই বুলি ক্ষোভ প্ৰকাশ কৰে চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই ।

মহানগৰীৰ বিভিন্ন প্ৰান্তৰ গছ-গছনি তথা পথত পানী ছটিয়াবলৈ জি এম চি আৰু অগ্নিনিৰ্বাপক বাহিনীক আহ্বান জনায় । তেওঁ কয় যে, পূৰ্বতে মহানগৰীৰ ৰাজপথত পানী ছটিওৱা ব্যৱস্থা আছিল যদিও বৰ্তমান পানী ছটিওয়া ব্যৱস্থা নাই । মহানগৰীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পানী ছটিওৱাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ সংশ্লিষ্ট বিভাগক আহ্বান জনায় । ইয়াৰ উপৰি সম্প্ৰতি জিএমচিয়ে মহানগৰীৰ নলাবোৰ নিষ্কাষণৰ কাম কৰাৰ কথা ব্যক্ত কৰি তেওঁ নিষ্কাষণ পাচত জাৱৰ তথা বোকাবোৰ পদৰ দাঁতিৰ পৰা তৎকালে নিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আহ্বান জনায় । কিয়নো নলাৰ বোকাবোৰ শুকাই বায়ুৰ লগত মিহলি হ’লে সি অধিক ক্ষতি কৰে বুলি তেওঁ মন্তব্য কৰে ।

উল্লেখ্য যে, মঙলবাৰে গুৱাহাটী মহানগৰীৰ এয়াৰ কোৱালিটি ইনডেক্স আছিল ৩৫০ ৷ ইয়াৰ পূৰ্বে ১৯ ফেব্ৰুৱাৰী আৰু ২০ ফেব্ৰুৱাৰীত মহানগৰীৰ এয়াৰ কোৱালিটি ইনডেক্স আছিল ক্ৰমে ৩৩৫ আৰু ৩৪৫ । এয়াৰ কোৱালিটি ইনডেক্স ৩০১-৪০০ ভিতৰত হ’লে অতি বেয়া ৰূপে পৰিগণিত হয় । ৪০০ ওপৰত গ’লে অতি বিপজ্জনক হিচাপে চিহ্নিত কৰা হয়।

লগতে পঢ়ক : Pollution in Guwahati : ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে গুৱাহাটীত বায়ুৰ গুণমান সূচাংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.