ETV Bharat / state

Pollution in Guwahati : ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে গুৱাহাটীত বায়ুৰ গুণমান সূচাংক

author img

By

Published : Feb 21, 2023, 8:11 PM IST

পাতলীয়া বৰষুণৰ পাচতো গুৱাহাটীত বায়ু প্ৰদূষণৰ পৰিস্থিতি উন্নত হোৱা নাই (Air pollution in Guwahati)। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মতে বায়ুৰ গুণমান সূচাংক জটিল পৰিস্থিতিলৈ গতি কৰিছে । একেদিনাই শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগা ৩৬ গৰাকী শিশু ভৰ্তি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ।

Pollution in Guwahati
গুৱাহাটীত বায়ুৰ গুণমান সুচাংক অতি বেয়াৰ দিশত গতি

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : গুৱাহাটীত মঙলবাৰে পুৱাৰ সময়ছোৱাত সামান্য পাতলীয়া বৰষুণ হৈছিল যদিও গুৱাহাটীত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণলৈ অহা নাই (Rain in Guwahati)। অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে গুৱাহাটীত আজিৰ দিনটোত বায়ু প্ৰদূষণ অতি বেয়াৰ ফালেহে গতি কৰি আছে । অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য মতে গুৱাহাটীত আজিৰ দিনটোত বায়ুৰ গুণমান সূচাংক ৩৫০ৰ পৰা ৪০০ ভিতৰত আছে (Current AQI of Guwahati)।

উল্লেখ্য যে, বায়ুৰ গুণমান সূচাংক ০-৫০ ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ ৰ ভিতৰত থাকিলে সন্তোষজনক, ১০১-২০০ ৰ ভিতৰত থাকিলে মধ্যম, ২০১-৩০০ ৰ ভিতৰত থাকিলে বেয়া, ৩০১-৪০০ ৰ ভিতৰত থাকিলে বহুত বেয়া আৰু ৪০১-৫০০ ৰ ভিতৰত থাকিলে জটিল পৰিস্থিতি বুলি গণ্য কৰা হয় । যোৱা সোমবাৰেও গুৱাহাটীত বায়ুৰ গুণমান সূচাংক ৩৫০ ৰ পৰা ৪০০ ভিতৰত আছিল ।

ইয়াৰ পৰা দেখা যায় যে, গুৱাহাটীত বায়ুৰ গুণমান সূচাংক জটিল পৰিস্থিতিলৈ গতি কৰাৰ সম্ভাৱনা আছে (AQI in Guwahati move into critical situation)। ইফালে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মঙলবাৰৰ তথ্য মতে যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত বায়ুৰ গুণমান সূচাংক ১০১-২০০ ৰ ভিতৰত অৰ্থাৎ মধ্যম আছিল । কিন্তু ১৫ আৰু ১৮ ফেব্ৰুৱাৰীত গুৱাহাটীত বায়ুৰ গুণমান সূচাংক ২০১-৩০০ ৰ ভিতৰত অৰ্থাৎ বেয়া আছিল (Air pollution in Guwahati)।

উল্লেখ্য যে, হাঁওফাঁওৰ ৰোগ থকা লোক, যেনে হাপানি, ব্ৰংকাইটিছ ৰোগত ভোগা লোকসকলৰ বাবে এয়া অশনি সংকেত । মন কৰিবলগীয়া যে, এই সময়ছোৱাত বিশেষকৈ শিশুসকল বায়ু প্ৰদূষণৰ বিভিন্ন ৰোগত ভোগা দেখা গৈছে । যাৰ বাবে গুৱাহাটীত বাঢ়িছে শিশুৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগীৰ সংখ্যা (Respiratory patients increase in Guwahati) ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃহৎ সংখ্যক শিশু ভৰ্তিৰ তথ্য প্ৰকাশ পাইছে ৷

বিগত ২৪ ঘণ্টাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগা ৩৬ গৰাকী শিশু ভৰ্তিৰ হোৱাৰ তথ্য প্ৰকাশ পাইছে (Child with respiratory problem admitted to GMCH)। গুৱাহাটীত শীঘ্ৰে এজাক মুষলধাৰ বৰষুণ নাহিলে পৰিস্থিতি অতি বেয়াৰ ফালে যোৱাৰ সম্ভাৱনা দেখা গৈছে ।

ইফালে বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে প্ৰকাশ কৰা তথ্য মতে অহা ৭ দিনলৈ গুৱাহাটীত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা নাই (Forecast of Meteorological Centre in Assam)। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে অহা ২৪ ঘণ্টাত উজনি অসমৰ শোণিতপুৰ, গোলাঘাট, যোৰহাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু ডিমা হাছাও জিলাত বিজুলী ঢেৰেকনিৰে মজলীয়া বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰ সম্ভৱনা আছে ।

লগতে পঢ়ক : Rain in Guwahati : অৱশেষত আহিল গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত বৰষুণজাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.