ETV Bharat / state

Assam budget 2023-24: গুৱাহাটীত বাজেট সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ আলোচনাচক্ৰ

author img

By

Published : Feb 23, 2023, 9:33 AM IST

Assam budget 2023-24
গুৱাহাটীত বাজেট সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ আলোচনাচক্ৰ

বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে গুৱাহাটীত ৰাজ্যিক বিজেপিৰ আলোচনাচক্ৰ ৷ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থকা আলোচনাচক্ৰখনত বাজেট সন্দৰ্ভত গ্ৰহণ কৰা হয় বিভিন্ন পৰামৰ্শ ৷ 10 মাৰ্চৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন (Assam assembly budget session) ৷

গুৱাহাটীত বাজেট সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ আলোচনাচক্ৰ

গুৱাহাটী, 23 ফেব্ৰুৱাৰী: 10 মাৰ্চৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দ্বিতীয়খন বাজেট দাখিলৰ পূৰ্বে বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হয় প্ৰাক-বাজেট আলোচনা ৷ ৰাজ্যিক বিজেপিৰ নেতৃত্বত হোটেল ভিভাণ্টাত অনুষ্ঠিত হয় এই বৈঠক (Discussion on Assam Budget) ৷

এই বিশেষ আলোচনা চক্ৰত কেইবাটাও বৃত্তীয় প্ৰতিষ্ঠানৰ মুৰব্বীসকল উপস্থিত থাকে ৷ বিত্তীয় প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ সৈতে মত বিনিময় কৰে বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু বিজেপিৰ আন কাৰ্যকৰ্তাসকলে ৷

আলোচনাচক্ৰত ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (State BJP president Bhabesh Kalita) কয়, ‘‘আগন্তুক ৰাজ্যিক বাজেটখনে যাতে অসমবাসী ৰাইজৰ সকলো আশা আকাংক্ষা সফলভাৱে ৰূপায়িত কৰি তুলিবলৈ সক্ষম হয় তাৰ বাবে আমাৰ চৰকাৰখন বদ্ধপৰিকৰ । আজিৰ আলোচনাচক্ৰখনে আগন্তুক বাজেট দাখিলৰ পূৰ্বে অসম চৰকাৰক যথেষ্ট উপকৃত কৰিব । এই আলোচনাৰ দ্বাৰা ৰাজ্যবাসীয়েও এখন সৰ্বাঙ্গসুন্দৰ বাজেট লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী ৷’’

ইফালে, বিত্তমন্ত্ৰী অজন্তা নেওগে কয়, ‘‘কেগে বাজেট অবাস্তৱিক (Unrealistic) বাজেট বুলি কৈ আহিছে । সেইবাবে বাস্তৱিক (Realistic) বাজেট প্ৰস্তুত কৰিবলৈ প্ৰচেষ্টা অসম চৰকাৰৰ । বাজেটৰ পৰামৰ্শৰ বাবে ইতিমধ্যে পৰ্টেল খুলা হৈছে । বিৰোধীয়েও আমাৰ পৰ্টেলৰ জৰিয়তে পৰামৰ্শ দিব পাৰে‌ । কিন্তু বিৰোধীয়ে আগতিয়াকৈ পৰামর্শ নিদি বাজেট দাখিলৰ সময়ত হাল্লা কৰে । এইবাৰৰ বাজেটত Capital Expenditures বৃদ্ধি পাব (Assam assembly budget session 2023) ৷’’

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ আজি সকলোৰে পৰামৰ্শ শুনিলোঁ । সকলোৱে বহুত ভাল পৰামৰ্শ দিছে । মহিলাৰ সন্দৰ্ভত বহু ভাল পৰামৰ্শ দিছে ।’’ সাধাৰণ ৰাইজকো বাজেট সন্দৰ্ভত পৰ্টেলযোগে পৰামৰ্শ দিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এই বহু প্ৰতিক্ষিত বাজেট অধিৱেশনৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে (Finance minister Ajanta Neog) দাখিল কৰিব 2023-24 বিত্তীয় বৰ্ষৰ বাজেট ( Assam Budget 2023-24 ) ৷ এই বাজেটৰ প্ৰতি দৃষ্টি নিক্ষেপ হৈ আছে ৰাজ্যৰ সাধাৰণ জনতাৰ লগতে বিৰোধীৰ ৷

ইতিমধ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2023-24 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট ( Union Budget 2023-24 )৷ স্বাভাৱিকতেই কেন্দ্ৰীয় বাজেটৰ প্ৰভাৱ পৰিব অজন্তা নেওগৰ বাজেটত ৷ কিন্তু কেন্দ্ৰীয় বাজেটক নিৰ্বাচনমুখী অভিহিত কৰিছে বহু লোকে ৷

লগতে পঢ়ক: Ajmal controversial remark: বিজেপিৰ কোন কোন মুখ্যমন্ত্ৰীক নৰেন্দ্ৰ মোদীৰ প্ৰধান শত্ৰু বুলিলে আজমলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.