ETV Bharat / state

Ajmal controversial remark: বিজেপিৰ কোন কোন মুখ্যমন্ত্ৰীক নৰেন্দ্ৰ মোদীৰ প্ৰধান শত্ৰু বুলিলে আজমলে ?

author img

By

Published : Feb 22, 2023, 10:08 PM IST

Badruddin Ajmal controversial remark on PM Modi
বিজেপিৰ কোন কোন মুখ্যমন্ত্ৰীক নৰেন্দ্ৰ মোদীৰ প্ৰধান শত্ৰু বুলিলে আজমলে ?

বিলাসীপাৰাত সাংসদ বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য ৷ দেশৰ দুগৰাকী বিজেপি দলৰ মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান শত্ৰু আখ্যা আজমলৰ ৷ ভূপেন বৰাই টকা লোৱাৰ প্ৰমাণ দিবলৈও সাজু হৈছে আজমল ৷ নিৰ্বাচনৰ আগে আগে সকলো তথ্য ৰাষ্ট্ৰ কৰাৰ কথা ক’লে AIUDF ৰ মুৰব্বীগৰাকীয়ে (Ajmal controversial remark) ৷

AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল

পশ্চিম বিলাসীপাৰা, 22 ফেব্ৰুৱাৰী: বিলাসীপাৰাৰ পৰা অসমৰ ৰাজনৈতিক মহল ঘোলা কৰিছে আজমলে । নিৰ্বাচনৰ পিচত ভোটাৰক পাহৰি যোৱা আজমলে 2024 ৰ লোকসভা নিৰ্বাচনক লৈ বাহৰ পাতিছে বিলাসীপাৰাত । সঘনাই বিলাসীপাৰাত দেখা গৈছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলক (AIUDF chief Badaruddin Ajmal) । মঙলবাৰে বিলাসীপাৰাত কেইবাটাও বিস্ফোৰণ ঘটাইছিল আজমলে । বুধবাৰেও বিলাসীপাৰাত নতুনকৈ কথাৰ বোমা ফুটালে সাংসদগৰাকীয়ে ।

তেওঁ কয়, ‘‘উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান শত্ৰু (Badruddin Ajmal On PM Modi) । এই দুজন মোদীৰ গ্ৰুপৰ নহয় । মোদীয়ে কয় মুছলমানৰ লগত ভাল সম্পৰ্ক ৰাখক, মুছলমানৰ ভাল কৰক । কিন্তু এই দুজনে সদায় মুছলমানৰ বিৰুদ্ধে কাম কৰে । এই দুজন প্ৰধানমন্ত্ৰী মোদীৰ বিপৰীত গোটৰ মানুহ ।’’

ইফালে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই AIUDF আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লোৱা সন্দৰ্ভত আজমলৰ ডবল প্ৰতিক্ৰিয়া (Badruddin Ajmal reacted over Bhupen Bora comments) ৷ তেওঁ কয়, ‘‘টকা লৈ কোনোবাই কয় নেকি যে, মই টকা লৈছোঁ বুলি । ভূপেন বৰাই নিতৌ গৈ হিমন্তৰ পৰা টকা লয় । নিৰ্বাচনৰ পূৰ্বে মই প্ৰমাণ দিম ৷ যদি ভূপেন বৰাৰ ৰাজনৈতিক জ্ঞান নাই, তেওঁ ৰাজনীতি এৰক আৰু কোনো মন্দিৰত গৈ মালা জপক ৷’’ ইয়াৰ লগতে কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভতো আজমলে কৰিলে বিস্ফোৰক মন্তব্য ৷ ভূপেন বৰাই ধুবুৰীত নিৰ্বাচন খেলিলে ৫০ শতাংশ টকা বহন কৰিব আজমলে ৷

উল্লেখ্য যে, ভূপেন বৰাই আজমলৰ মন্তব্যক লৈ ইতিমধ্যেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ভূপেন বৰাই কয়, ‘‘মই যদি AIUDF আৰু হিমন্ত বিশ্বৰ পৰা 1 টকা লোৱাৰো প্ৰমাণ আজমলে দিব পাৰে, তেন্তে মই ৰাজহুৱা আৰু ৰাজনৈতিক দুয়োটা জীৱনেই ত্যাগ কৰিম ।’’ ভূপেন বৰাৰ প্ৰতিক্ৰিয়াৰ পিচতেই বিলাসীপাৰাত পুনৰ আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ৷

মুঠৰ ওপৰত ২৪ ৰ লোকসভা নিৰ্বাচনক লৈ এতিয়াৰ পৰাই পানী ঘোলা কৰিছে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে । ইতিমধ্যে কংগ্ৰেছ আৰু AIUDF ৰ মাজত মিত্ৰতাক লৈ যুঁজ-বাগৰ চলি থকা পৰিলক্ষিত হৈছে ৷ AIUDF এ বিচাৰিলেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰাজি নহয় দলটোৰ সৈতে মিত্ৰতা কৰিবলৈ ৷ ইতিমধ্যে এই বিষয়ক লৈ দুয়োটা দলৰ নেতা-কৰ্মীয়েই উভয়ে উভয়ক সমালোচনা কৰি অহা দেখা গৈছে ৷

আজমলে উল্লেখ কৰে যে, মহাজোঁট বন্ধনৰ বাবে দিল্লীৰ সিদ্ধান্তকেই গ্ৰহণ কৰা হ’ব ৷ বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউ দলৰ নেতা নীতিশ কুমাৰো আগ্ৰহী হৈছে বিজেপি বিৰোধী মহাজোঁট গঠনৰ বাবে ৷ দিল্লীত মহাজোঁট হ’লে অসমতো তাৰ পৰিপন্থী নহ’ব বুলি উল্লেখ কৰি আজমলে এক প্ৰকাৰ নস্যাৎ কৰিলে ভূপেন বৰাৰ স্থিতিক ৷ মিত্ৰতাৰ এই ৰাজনৈতিক বতাহৰ সোঁত পৰৱৰ্তী সময়ত কোন দিশে বয় সেয়া লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক: Bhupen Bora slams Ajmal : মিত্ৰতাৰ স্বপ্ন কেতিয়াও দিঠকত পৰিণত নহয়; আজমলক প্ৰত্যাহবান ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.