ETV Bharat / state

Bhupen Bora slams Ajmal : মিত্ৰতাৰ স্বপ্ন কেতিয়াও দিঠকত পৰিণত নহয়; আজমলক প্ৰত্যাহবান ভূপেন বৰাৰ

author img

By

Published : Feb 22, 2023, 4:48 PM IST

Bhupen Bora slams Ajmal
বদৰুদ্দিনক প্ৰত্যাহ্বান ভূপেন বৰাৰ

কংগ্ৰেছৰে মিত্ৰতাৰ বাবে উদ্বাউল হৈ আজমল অত্যন্ত হতাশগ্রস্ত তথা উন্মাদৰ দৰে হৈ পৰিছে বুলি মন্তব্য ভূপেন বৰাৰ । বিজেপি আৰু এআইইউডিএফৰ পৰা এশ টকাও লোৱা বুলি আজমলে প্রমাণ কৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰাৰ প্ৰত্যাহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ (Bhupen Bora reacted on AIUDF comments) ।

বদৰুদ্দিনক প্ৰত্যাহ্বান ভূপেন বৰাৰ

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : সাংসদ বদৰুদ্দিন আজমলে অনা বিস্ফোৰক অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Bora reacted over Ajmal comments) । বুধবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে চৰম হতাশাত ভুগি উন্মাদৰ দৰে হৈ পৰিছে (AIUDF chief Badaruddin Ajmal) । মহা জোঁটবন্ধন ভংগ হোৱাৰ পাচত আৰু ইউপিএত এআইইউডিএফ নাই বুলি ঘোষণা কৰাৰ পাচতে চৰম হতাশাত ভুগিছে বদৰুদ্দিন আজমলে । যাৰবাবে আজমল উন্মাদৰ দৰে হৈ এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । আজমলে এতিয়া একো নাপাই ভূপেন বৰাক ব্যক্তিগত চৰিত্রত আক্ৰমণ কৰা বুলি তেওঁ সদৰী কৰে (Bhupen Bora reacted on AIUDF comments) ।

এইক্ষেত্রত তেওঁ আজমলক প্ৰত্যাহ্বান জনাই ভূপেন বৰাই কয় যে, আজমলে যদি তেওঁ এআইইউডিএফ নাইবা বিজেপিৰ পৰা এশ টকা লোৱা বুলিও প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদকে ধৰি ৰাজহুৱা জীৱন সকলো ত্যাগ কৰিব । উল্লেখ্য যে, মঙলবাৰে সাংসদ বদৰুদ্দিন আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক (APCC president Bhupen Bora) আক্ৰমণ কৰি কেতবোৰ বিস্ফোৰক অভিযোগ আনিছিল ।

আজমলে কৈছিল যে, প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আমাৰ লগতো তাল-মিল জীয়াই ৰাখিছে, সমানে বিজেপিৰ লগতো তাল-মিল বৰ্তাই ৰাখিছে । ভূপেন বৰাই এআইইউডিএফৰ পৰাও ধন লৈ আছে আৰু বিজেপিৰ পৰাও ধন লৈ আছে (congress AIUDF Alliance clash) । সেয়ে দুয়োটা দলৰ ভিতৰৰ খবৰ ভূপেন বৰাই জানে বুলি আজমলে অভিযোগ কৰিছিল (reaction of apcc president on ajmal allegation) ।

আনহাতে, মিত্রতাৰ প্ৰসংগত আজমলে লগতে কৈছিল যে, দিল্লী পৰ্যায়ত হ’ব বিজেপি বিৰোধী দলবোৰৰ মিত্ৰতা । মিত্ৰতাৰ বৈঠকত নীতিশ কুমাৰ, ছলমান খুৰছিদ আদি নেতাবোৰে মিত্ৰতা বিচাৰিছে । সেয়ে কেন্দ্ৰত মিত্ৰতা হ'লে অসমতো মিত্ৰতা হ’ব লাগিব । কিন্তু অসমত মিত্রতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা বিৰোধ অমূলক বুলি সদৰী কৰিছিল সাংসদ আজমলে । সাংসদ আজমলৰ অভিযোগৰ পাচতে আজি সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । তেওঁ আজমলক প্ৰত্যাহ্বান জনায় । অভিযোগৰ সত্যতা প্রমাণ কৰিব পাৰিলে তেওঁ ৰাজনৈতিক আৰু ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি উল্লেখ কৰে ।

তেওঁ লগতে কয় যে, এই অভিযোগ বদৰুদ্দিন আজমলে কোনো পৰিস্থিতিতে প্ৰমাণ কৰিব নোৱাৰে । বাৰম্বাৰ বদৰুদ্দিন আজমলৰ দলৰ সৈতে কংগ্ৰেছে কোনো মিত্ৰতা নকৰে বুলি ৰাজহুৱাকৈ সিদ্ধান্ত প্ৰকাশ কৰাৰ পিচতো কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে উদ্বাউল হৈ পৰা বদৰুদ্দিন আজমলে বিজেপিৰ শ্ৰুতলিপি লৈ ৰাজনীতি কৰি থকাৰ কথা অসমৰ ৰাইজৰ বাবে কেতিয়াবাই পুৰণি খবৰ হ'ল । বিভিন্ন সময়ত কংগ্ৰেছ কেন্দ্ৰীয় নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এইগৰাকী চূড়ান্ত হতাশাত ভোগা বদৰুদ্দিন আজমলে কেনে উদ্ভট, নির্লজ্জ আচৰণ আৰু ৰাজহুৱা বক্তব্য প্রকাশ কৰি আহিছে সেই কথা আজি সকলোৰে চকুৰ আগত বুলি তেওঁ কয় ।

‘‘কংগ্ৰেছৰে মিত্ৰতাৰ বাবে বলিয়ান হৈ কংগ্ৰেছ নেতাৰ দুৱাৰে দুৱাৰে ঘূৰিও ব্যৰ্থ হৈ পৰা এইগৰাকী হতাশগ্ৰস্ত আৰু থৰকাচুতি হেৰুওৱা নেতাই এতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাটো স্বাভাৱিক’’ বৰাই কয় । তেওঁ লগতে কয় যে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কেইবাবাৰো অসমত আৰু আনকি ইউপিএতো এআইইউডিএফ এতিয়া কংগ্ৰেছৰ মিত্ৰ দল নহয় বুলি স্পষ্ট কৰি দিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশেও লিখিত বিবৃতি দি স্পষ্ট কৰি থৈছে যে বিজেপিৰ জেপত সোমাই থকা এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ এতিয়া কোনো সম্পর্ক নাই ।

ইয়াৰ পিচতো হতাশগ্রস্ত এআইইউডিএফ আৰু তেওঁলোকৰ নেতা বদৰুদ্দিন আজমলে পাৱে পৰি হৰি কৰি ফুৰিছে । তেওঁ লগতে কয় যে, বদৰুদ্দিন আজমলে যিমানেই আস্ফালন নকৰক, যিমানেই কূট-কৌশল নকৰক, বিজেপি-আৰএছএছৰ শ্ৰুতলিপিত কংগ্ৰেছ দল আৰু কংগ্ৰেছ নেতাক যিমানেই অপযশ দিবলৈ চেষ্টা নকৰক কংগ্ৰেছৰে তেওঁলোকৰ মিত্ৰতাৰ স্বপ্ন কেতিয়াও দিঠকত পৰিণত নহ'ব ।

লগতে পঢ়ক :Swearing ceremony of Gulab chand kataria: অসমৰ ৰাজ্যপাল হিচাপে শপত ল’লে গুলাব চান্দ কাটাৰীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.