ETV Bharat / state

Badaruddin Ajmal controversy : আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দুলু আহমেদৰ

author img

By

Published : Dec 3, 2022, 2:03 PM IST

Updated : Dec 3, 2022, 3:28 PM IST

বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Badaruddin Ajmal controversial statement)। ইয়াৰ মাজতে আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিলে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে ।

Badaruddin Ajmal controversy
আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দুলু আহমেদৰ

গুৱাহাটী,৩ ডিচেম্বৰ: সাংসদ তথা AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে হিন্দু সন্দৰ্ভত কৰা অশালীন মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । হিন্দুৰ বিবাহ সম্পৰ্কে আৰু লাভ জেহাদৰ প্ৰসংগত মুখ্যমন্ত্রীক সাঙুৰি কৰা নিৰ্লজ্জ আৰু অশালীন মন্তব্যৰ বাবে আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । বিভিন্ন দল-সংগঠনে আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰাৰ সময়তে শনিবাৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল কৰে এখন এজাহাৰ(FIR lodged against Ajmal) ।

আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দুলু আহমেদৰ

এজাহাৰত তেওঁ উল্লেখ কৰে যে AIUDF দলৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে(AIUDF chief Badruddin Ajmal) মুছলিম ধৰ্মালম্বী মহিলা-যুৱতী আৰু হিন্দু ধর্মালম্বী লোকসকলক উদ্দেশ্যি কিছু অশালীন আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছে(Badaruddin Ajmal controversy) । সাংসদগৰাকীয়ে দিয়া উক্ত মন্তব্যৰ বিৰুদ্ধে সমাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যিকোনো মুহূৰ্তত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱাৰ কথা নুই কৰিব নোৱাৰি(Dulu Ahmed slams Ajmal) ৷ এজাহাৰ যোগে তেওঁ সাংসদ আজমলৰ অশালীন আৰু সাম্প্রদায়িক মন্তব্যৰ বিৰুদ্ধে অতি সোনকালে অনুসন্ধান কৰি তেওঁৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়(Badaruddin Ajmal controversial statement) ।

Badaruddin Ajmal controversial statement
আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দুলু আহমেদৰ

উল্লেখ্য যে বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত কৈছিল যে হিন্দু ধৰ্মাৱলম্বী লোকে ৪০ বছৰ বয়সলৈকে ১ৰ পৰা ৩ গৰাকী অবৈধ মহিলাৰ লগত সম্পৰ্ক ৰক্ষা কৰে ৷ ৪০ বছৰৰ পাছত বিপদত পৰাৰ ভয়ত মাক-দেউতাকে জোৰ কৰি বিয়া পাতি দিয়ে ৷ কিন্তু মুছলমানৰ ছোৱালীয়ে ১৮ বছৰ আৰু ল’ৰাই ২২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷ এইক্ষেত্ৰত হিন্দুসকলে মুছলমানৰ পৰা ফৰ্মূলা শিকাৰ উপদেশ দিছিল বদৰুদ্দিন আজমলে (Badaruddin Ajmal population growth formula) ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও আজমলে লাভ জেহাদকে ধৰি বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক: Badaruddin Ajmal controversy : "আজমলৰ মানসিক বিকৃতি ঘটিছে..!"

Last Updated :Dec 3, 2022, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.