ETV Bharat / state

ৰাজ্য়ত ২০ কোটিতকৈ অধিক টকাৰ জাতীয় পতাকা বিক্ৰী

author img

By

Published : Aug 14, 2022, 3:37 PM IST

ৰাজ্যত এই পর্যন্ত ২০ কোটিৰো অধিক টকাৰ জাতীয় পতাকা বিক্রী হৈছে । সুলভ মূল্যৰ দোকানতেই ৪ কোটি টকাৰ পতাকা বিক্ৰী । দেশৰ অন্য প্ৰান্তৰ লগতে সমগ্র অসমতো ঘৰে ঘৰে ত্ৰিৰংগাৰ(Har Ghar Tiranga)প্রতি ব্যাপক সঁহাৰি জনাইছে ৰাজ্যবাসীয়ে । জাতীয় পতাকা উৰুওৱাৰ পাছত সমগ্র পৰিৱেশটোৱেই হৈছে অনন্য ।

j
g

গুৱাহাটী,১৪ আগষ্ট:দেশৰ আন প্ৰান্তৰ লগতে 'আজাদী কা অমৃত মহোৎসৱ'(Azadi ka Amrit Mahotsav)উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী । ৰাজ্যৰ সৰ্বত্র এতিয়া এক উখল-মাখল পৰিৱেশ । সকলোতে মাথো জাতীয় পতাকাৰ লহৰ । সোমবাৰে দেশে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰি ৭৬ বছৰত ভৰি দিব । সেইবাবে দেশজুৰি পালন কৰা হৈছে 'আজাদী কা অমৃত মহোৎসৱ'। সমগ্ৰ দেশৰ লগতে অসমতো স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সৰ্বত্ৰ উচাহৰ ধল বৈছে ।

Azadi ka Amrit Mahotsav
ৰাজ্য়ত ২০ কোটিতকৈ অধিক টকাৰ জাতীয় পতাকা বিক্ৰী

চৰকাৰে এইবাৰ সমগ্ৰ দেশজুৰি প্ৰতি ঘৰতে জাতীয় পতাকা উৰুৱাবলৈ যি আহ্বান জনাইছিল তাৰ প্ৰতি দেশবাসীয়ে অভূতপূর্ব সঁহাৰি জনাইছে । দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো 'ঘৰে ঘৰে ত্ৰিৰংগ পতাকা'ৰ(Har Ghar Tiranga)প্রতি ব্যাপক সঁহাৰি জনাইছে ৰাজ্যবাসীয়ে ।মু খ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sarma appeal for Har Ghar Tiranga)১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো ঘৰতে ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ জনসাধাৰণক আহ্বান জনাইছিল । এই আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি জনাই ৰাইজে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাইছে । প্ৰতিটো ঘৰ,কার্যালয়,বাহন, ব্যৱসায়িক প্ৰতিষ্ঠান, ক্লাৱ আদি সকলোতে দেখা গৈছে জাতীয় পতাকা । এই জাতীয় পতাকা উৰুওৱাৰ পাছত সমগ্র পৰিৱেশটোৱেই হৈ পৰিছে অনন্য ।

Azadi ka Amrit Mahotsav
ৰাজ্য়ত ২০ কোটিতকৈ অধিক টকাৰ জাতীয় পতাকা বিক্ৰী

ইফালে,ৰাজ্যৰ প্রান্তে-প্রান্তে এইকেইদিন জাতীয় পতাকা লৈ প্ৰভাত ফেৰী(Prabhat ferry in Assam for Azadi ka Amrit Mahotsav)কৰা হৈছে । বিভিন্ন দল-সংগঠন আৰু চৰকাৰী বিভাগসমূহৰ উদ্যোগত এই প্রভাত ফেৰীৰ সমদল উলিওৱা হৈছে । ৰাজ্যৰ অন্য প্রান্তৰ লগতে গুৱাহাটী মহানগৰীও তিনি বৰণীয়া জাতীয় পতাকাৰে উজলি উঠিছে । সৰ্বত্র পতাকাৰ সমাহাৰ । ইফালে,অসমত এইপর্যন্ত ২০ কোটিতকৈ অধিক টকাৰ জাতীয় পতাকা বিক্ৰী(National flags worth more than Rs 20 crore sold in Assam)হোৱাৰ তথ্য পোৱা গৈছে । 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে বাসগৃহৰ উপৰি সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান,কার্যালয়,ধর্মীয় অনুষ্ঠান আদিত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছিল । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ জনসাধাৰণে ইতিমধ্যেই চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হৈছে ।

Azadi ka Amrit Mahotsav
ৰাজ্য়ত ২০ কোটিতকৈ অধিক টকাৰ জাতীয় পতাকা বিক্ৰী

স্বাধীনতা দিৱস উদযাপন কৰিবৰ বাবে মাজত মাত্র কেইটিমান মূহুৰ্ত বাকী থকা সময়তে ৰাজ্যত চৰকাৰে লক্ষ্য বান্ধি লোৱা ৮০ লাখখন জাতীয় পতাকা বিক্ৰী হোৱাৰ তথ্য পোৱা গৈছে । প্রাপ্ত তথ্য অনুসৰি অসমত এইপর্যন্ত ২০ কোটিৰো অধিক টকাৰ জাতীয় পতাকা বিক্ৰী হৈছে । উল্লেখ্য় যে অসমত এইপর্যন্ত আত্মসহায়ক গোটসমূহে(Self help group in Assam)প্রস্তুত কৰা প্ৰায় ৩৭ লাখ খন জাতীয় পতাকা বিক্রী হৈছে বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে । অসমত মুঠ ৭২২টা ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ(Cluster Level Federation)অন্তৰ্গত ২৩ হাজাৰ তকৈ অধিক আত্মসহায়ক গোটৰ সদস্যই জাতীয় পতাকা প্ৰস্তুত কৰিছে । ৰাজ্যত জাতীয় পতাকা বিক্ৰীৰ বাবে ১৯,১১০টা আত্মসহায়ক গোটৰ বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে ।

Azadi ka Amrit Mahotsav
ৰাজ্য়ত ২০ কোটিতকৈ অধিক টকাৰ জাতীয় পতাকা বিক্ৰী

আনহাতে,ৰাজ্য চৰকাৰে স্থানীয় উৎপাদনৰ উপৰি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ(Ministry of Culture Government of India)পৰা কেইবা লাখ জাতীয় পতাকা আমদানি কৰিছিল । ৰাজ্য চৰকাৰে এইপর্যন্ত কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় ৪০ লাখ পতাকা লাভ কৰাৰ তথ্য পোৱা গৈছে । অসম চৰকাৰে খাদ্য,অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ(Department of Food, Civil Supplies and Consumer Affairs)জৰিয়তে ৰাজ্যৰ ৩৪ হাজাৰখন সুলভ মূল্যৰ দোকানত এই পতাকাসমূহ মাত্র ১৮ টকাত বিক্ৰী কৰিছে । এইপৰ্যন্ত সুলভ মূল্যৰ দোকানসমূহত প্রায় ৪ কোটি টকাৰ জাতীয় পতাকা বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে । ইফালে,মুকলি বজাৰত প্লাষ্টিক আৰু কাগজৰ সৰু পতাকাৰ পৰা ডাঙৰ ডাঙৰ পতাকালৈকে থকা বৃহৎ বজাৰখন আছেই । এই বজাৰখনত হোৱা বিক্ৰী বা আয়ৰ সঠিত তথ্য উদ্ধাৰ কৰা প্রায় অসম্ভৱ যদিও মুকলি বজাৰতো এইপর্যন্ত কোটি কোটি টকাৰ জাতীয় পতাকা বিক্ৰী হোৱাটো নিশ্চিত হৈছে ।

লগতে পঢ়ক:হাতে হাতে জাতীয় পতাকা লৈ সদলবলে ৰঙিয়াৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.