ETV Bharat / state

হাতে হাতে জাতীয় পতাকা লৈ সদলবলে ৰঙিয়াৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ

author img

By

Published : Aug 13, 2022, 9:11 PM IST

আজাদি কা অমৃত মহোৎসৱৰ অংশস্বৰূপে ৰঙিয়াবাসী ৰাইজৰ মাজত উখল মাখল পৰিৱেশ (Azadi ka Amrit Mahotsav) ৷ ৰঙিয়াৰ তুলসীবাৰী আৰক্ষীৰ উদ্যোগত চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰে এটা ৰেলীত (People participates in rally organized by police) ৷

Awerness rally in Rangia
হাতে হাতে জাতীয় পতাকা লৈ সদলবলে ৰঙিয়াৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ

ৰঙিয়া, 13 আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) উপলক্ষে দেশজুৰি ব্যাপক উচ্চাহ-উদ্দীপনা পৰিলক্ষিত হৈছে । সমগ্ৰ দেশে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে ‘হৰ ঘৰ ত্ৰিৰংগা’ (Har Ghar Tiranga) কাৰ্যসূচী ৷ 'আজাদি কা অমৃত মহোৎসৱৰ' অংশস্বৰূপে ৰঙিয়াবাসী ৰাইজৰ মাজতো দেখা গৈছে উখল-মাখল পৰিৱেশ ৷

ৰঙিয়াবাসী ৰাইজে সদলবলে হাতে হাতে জাতীয় পতাকা লৈ ওলাই আহিল ৰাজপথলৈ (Azadi ka Amrit Mahotsav Celebration in Rangia)। কি শিশু, কি জীয়ৰী-বোৱাৰী, কি ডেকা-গাভৰু সকলোৰো মাজত পৰিলক্ষিত হৈছে আনন্দ-উল্লাস ৷ সমান্তৰালকৈ ৰঙিয়াৰ তুলসীবাৰী আৰক্ষীৰ উদ্যোগত উলিওৱা এটা ৰেলীত আৰক্ষী, শিশু, মহিলাসহ প্ৰায় চাৰি শতাধিক স্থানীয় লোকে হাতে হাতে জাতীয় পতাকা লৈ কৰিলে অংশগ্ৰহণ (People participates in rally organized by police)।

হাতে হাতে জাতীয় পতাকা লৈ সদলবলে ৰঙিয়াৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ

আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে উলিওৱা সমদলটো উদ্বোধন কৰে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিংহই । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে বন্দে মাতৰম শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তুলে ৷ তুলসীবাৰী আউট প'ষ্টৰ পৰা বাহিৰ কৰা সমদলটো পলিষ্টাৰ চ'কৰ ওচৰেৰে ওভতি আহি পুনৰ তুলসীবাৰী আউট প'ষ্টত মিলিত হয় ।

সমদলৰ অন্তত তুলসীবাৰী আৰক্ষী আৰু স্থানীয় ৰাইজে লগ হৈ হৰেন্দ্ৰ কুমাৰ ভূঞা (জেষ্ঠ নাগৰিক), নগেন চন্দ্ৰ ভট্টাচাৰ্য (শিক্ষাবিদ), ৰমন চন্দ্ৰ দাস (সমাজ সেৱক), আফাজুদ্দিন আহমেদ (জেষ্ঠ নাগৰিক), যোগেশ লহকৰ (শিক্ষাবিদ), সম্ভু বড়ো (জেষ্ঠ নাগৰিক)ক তেওঁলোকৰ নিজা বাসগৃহত গৈ সম্বৰ্ধনা জনায় ।

সুদীৰ্ঘ ৭৫ বছৰৰ পিছত ১৪১ কোটি জনতাৰ স্বাভিমান জাতীয় পতাকা ঘৰে ঘৰে উত্তোলন কৰিব পাই গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰে সমদলত অংশ লোৱা প্ৰতিগৰাকী লোকে ।

লগতে পঢ়ক: নগাঁৱত স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশাল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.