ETV Bharat / state

Anti drugs operation in Rangia: ৰঙিয়াত 7 কোটি টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Feb 18, 2023, 7:55 AM IST

ৰঙিয়া আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী (Anti drugs operation in Rangia) ৷ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ (Drugs seized in Rangia) ৷
Anti drugs operation in Rangia
ৰঙিয়াত কৌটি টকা মূল‍্যৰ ড্ৰাগছ জব্দ

ৰঙিয়াত কৌটি টকা মূল‍্যৰ ড্ৰাগছ জব্দ

ৰঙিয়া, 18 ফেব্ৰুৱাৰী: ৰাজ্যত অব্যহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission in Assam) ৷ এই অভিযানৰ মাজতে ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা ৷ ৰঙিয়া আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমানৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰী । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় 7 কৌটি টকা মূল‍্যৰ ড্ৰাগছ । লগতে অভিযানকাৰী দলটোৱে জব্দ কৰিলে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 01 -BS 5209 নম্বৰৰ এখন ব’লেৰ’ বাহন ( Anti drugs operation in Rangia)।

Anti drugs operation in Rangia
ৰঙিয়া আৰক্ষীৰ জালত আন এজন ড্ৰাগছ সৰবৰাহকাৰী

অভিযানকালত ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীটো মণিপুৰৰ সেনাপতি জিলাৰ ৰং বেঞ্জামিন বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে ব’লেৰ' খনৰ তেলৰ টেংকিত ভৰাই লৈ অনা হৈছিল ড্ৰাগছখিনি । ৰঙিয়াৰ চেপ্টি এলেকাত ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান ৷ ব’লেৰ' বাহনখনেৰে ডিমাপুৰৰ পৰা দিল্লী অভিমুখে ড্ৰাগছ কঢ়িয়াই লৈ গৈ থকা অৱস্থাত আৰক্ষীৰ হাতত ড্ৰাগছসহ হাতে লোটে ধৰা পৰে সৰবৰাহকাৰীটো । সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে (Drugs seized in Rangia) ।

উল্লেখযোগ্য যে ৰঙিয়াত আৰক্ষীয়ে বহুকেইটা ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বহু অপৰাধীক । ইয়াৰ পাছতো ন ন কৌশল ৰচনাৰে অসাধু চক্ৰই ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছৰ সাম্ৰাজ্যখন চলাই গৈছে । ইয়াৰ মাজতে মাত্ৰ চৌব্বিশ ঘণ্টা পূৰ্বে ৰঙিয়া আৰক্ষীয়ে লাভ কৰিছিল আন এক বৃহৎ সাফল্য । ৰঙিয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়াৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল ১৩ লাখ ৫০ হাজাৰ টকা । লগতে জব্দ কৰিছিল ১০ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ।

প্ৰাপ্ত তথ্য অনুসৰি, এটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰৰ পাছত বৃহস্পতিবাৰে নিশা ৰঙিয়া নগৰৰ টেতেলিগুৰীত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়া আৰু নলবাৰী আৰক্ষীৰ এটা দলে ড্ৰাগছ মাফিয়াটোৱে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত যৌথভাৱে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল অভিযান । অভিযানকাৰী দলটোৱে ধৃত ড্ৰাগছ মাফিয়াটোৰ ঘৰত অভিযান চলাই ঘৰৰ ভিতৰত চিলিঙৰ ওপৰত লুকুৱাই ৰখা অৱস্থাত সাতটা চাবোনৰ কেচৰ পৰা জব্দ কৰে ৮১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল ।

ড্ৰাগছখিনিৰ বজাৰ মূল্য ১০ লক্ষাধিক টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । ইয়াৰ পিছতেই আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে নজিবুল হক ওৰফে ধন নামৰ ড্ৰাগছৰ সাম্ৰাজ্যখনৰ লগত জড়িত আন এটা অপৰাধীক ।

লগতে পঢ়ক : Agricultural land in Assam: খহনীয়াৰ কৱলত পৰি পাঁচ বছৰত ৰাজ্যত হ্ৰাস কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.