ETV Bharat / state

Agricultural land in Assam: খহনীয়াৰ কৱলত পৰি পাঁচ বছৰত ৰাজ্যত হ্ৰাস কৃষিভূমি

author img

By

Published : Feb 17, 2023, 2:00 PM IST

চৰকাৰে নৈৰ খহনীয়াৰ স্থায়ী সমাধান নকৰাত ৰাজ্যৰ ২১৭ টা খহনীয়াক্রান্ত এলেকাই কঢ়িয়াই আনিছে ভয়াৱহ প্ৰত্যাহ্বান । গৰাখহনীয়াত ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি জাহ যোৱাৰ লগতে ৰাজহ গাঁও, ৰাজহুৱা অনুষ্ঠানৰ উপৰি হাজাৰ হাজাৰ পৰিয়ালে মাটি-ভেটি হেৰুৱাই সৰ্বহাৰা হ'বলগীয়াত পৰিছে । ৫ বছৰত ১৬ খন জিলাৰ ৯,১৫৪ টা পৰিয়াল সৰ্বহাৰা হৈছে । অসমৰ ভয়াৱহ বান-খহনীয়া হৈ পৰিছে কেৱল এক ৰাজনৈতিক ইচ্ছ্যু (Assam is in the grip of severe erosion) ।

severe erosion in Assam
খহনীয়াৰ ভয়ংকৰ ৰূপ

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : বানপানী অসমৰ বাবে নতুন কথা নহয় আৰু বছৰ বছৰ ধৰি অসমৰ জনগণে বানপানীৰে যুঁজ দি আহিছে (Flood in Assam) । প্ৰত্যেক বছৰেই বানপানী আৰু গৰাখহনীয়াই ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰি অহা পৰিলক্ষিত হৈছে । বিশেষকৈ গৰাখহনীয়াই নিমিষতে বহু লোককে সৰ্বহাৰা কৰে (Floods devastate many people in Assam)। প্ৰত্যেক বছৰেই গৰাখহনীয়াই ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও আজি পৰ্যন্ত এই সমস্যাৰ স্থায়ী সমাধান হোৱা নাই ।

severe erosion in Assam
খহনীয়াৰ ভয়ংকৰ ৰূপ

চৰকাৰী অৱহেলাৰ বাবেই ভয়াৱহ খহনীয়াৰ কৱলত ৰাজ্যৰ ২১৭ টা অঞ্চল । উল্লেখ্য যে, গৰাখহনীয়াত ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি জাহ যোৱাৰ লগতে ৰাজহ গাঁও, ৰাজহুৱা অনুষ্ঠানৰ উপৰি হাজাৰ হাজাৰ পৰিয়ালে মাটি-ভেটি হেৰুৱাই সৰ্বহাৰা হ'ব লগীয়াত পৰিছে (Assam is under threat of severe floods) । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নৈৰ খহনীয়াৰ স্থায়ী সমাধান নকৰাত ৰাজ্যৰ ২১৭ টা খহনীয়াক্রান্ত এলেকাই কঢ়িয়াই আনিছে ভয়াৱহ প্ৰত্যাহ্বান । লক্ষণীয় বিষয় যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে পূৰ্বতকৈ অধিক ৰাজহ ৷ সমান্তৰালভাৱে, বহু হেজাৰ পৰিয়াল গৃহহীন হোৱাৰ দিশে আগবাঢ়িছে ।

severe erosion in Assam
খহনীয়াৰ ভয়ংকৰ ৰূপ

অতি চিন্তনীয় বিষয় যে মাত্র পাঁচটা বছৰৰ ভিতৰত ৰাজ্যখনত ৩.৬৪ শতাংশ কৃষি ভূমি হ্রাস পাইছে (Agricultural land decreasing in Assam)। এয়া অত্যন্ত এক উদ্বেগজনিত বিষয় । আনহাতে ৰাজ্যৰ ১৬ খন জিলাৰ তথ্য অনুসৰি বিগত ৫ বছৰত ৯,১৫৪ টা পৰিয়াল গৃহহীন হৈছে । ৰাজ্যখনৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে বিভিন্ন দল-সংগঠনে দীৰ্ঘদিনে দাবী জনাই আহিছে যদিও চৰকাৰৰ কোনো কাণষাৰ নাই । কোনো এখন চৰকাৰেই অসমৰ এই জলন্ত সমস্যাটোৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা হোৱা নাই । কংগ্ৰেছ চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি চৰকাৰখনেও এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে বিগত দুটাকৈ কাৰ্যকালত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

severe erosion in Assam
খহনীয়াৰ ভয়ংকৰ ৰূপ

বিগত বিধানসভাৰ নিৰ্বাচনত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নির্বাচনী সভাসমূহত ৰাজ্যৰ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা হ’ব বুলি সদম্ভে ঘোষণা কৰিছিল । কিন্তু বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সকলো ঘোষণা মাথো ঘোষণাতে আৱদ্ধ হৈ থাকিল । ইফালে ৰাজ্যৰ জলসম্পদ বিভাগে ৰাজ্যৰ ২১৭ টা এলেকা ভয়াৱহ খহনীয়াৰ কবলত পৰা বুলি চিনাক্ত কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ মতামত অনুসাৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব বুলি প্রতিবেদনত প্ৰকাশ কৰিছে । অৱশ্যে এইপর্যন্ত কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

ৰাজ্যৰ জলসম্পদ বিভাগে খহনীয়াৰ কৱলত পৰা এলেকাসমূহক এনেদৰে চিনাক্ত কৰিছে । ইয়াৰ ভিতৰত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ খহনীয়া আক্রান্ত অঞ্চল হৈছে ৪১ টা ৷ বিভাগে প্ৰতিখন জিলাৰে খহনীয়াৰ কৱলত পৰা এলেকা চিনাক্ত কৰিছে । উল্লেখ্য যে ৰাজ্যৰ এইসমূহ খহনীয়াৰ গ্ৰাসত পৰা অঞ্চলৰ পৰাই বিগত পাঁচ বছৰত ৯,১৫৪ টা পৰিয়াল গৃহহীন হৈছে । অর্থাৎ এই বৃহৎ সংখ্যক পৰিয়ালৰ কৃষি ভূমিৰ লগতে ভেটি-মাটিও নৈৰ বুকুত জাহ গৈছে । ৰাজহ বিভাগৰ তথ্য অনুসৰি বৰপেটা জিলাৰ বৰপেটা অঞ্চলৰ ১৭ টা, বাঘবৰৰ ২,৯৫০ টা আৰু চেঙাৰ ২২৫ টা পৰিয়াল গৃহহীন হৈছে ।

একেদৰে, নগাঁও জিলাৰ কামপুৰত ৪ টা, কলিয়াবৰত ৯৫৩ টা, চামগুৰিৰ ২৬৪ টা আৰু ৰহাৰ ২০ টা পৰিয়াল গৃহহীন হৈছে । সেইদৰে মৰিগাঁও জিলাৰ মায়ঙৰ ২ টা, ভূৰাগাঁৱৰ ১,৩৩৪ টা আৰু লাহৰিঘাটৰ ১,২৩৪ টা পৰিয়াল গৃহহীন হৈছে । পশ্চিম নলবাৰীৰ ৬ টা পৰিয়াল গৃহহীন হোৱাৰ লগতে কৰিমগঞ্জৰ ৮ টা , কোকৰাঝাৰ জিলাৰ বঘৰাবাৰীৰ ৭ টা আৰু দতমাৰ ২৮ টা পৰিয়াল গৃহহীন হয় । তেনেদৰে কাছাৰ জিলাৰ লক্ষীপুৰৰ ৯ টা, কাটিগৰাৰ ৩১ টা আৰু সোনাইৰ ২ টা পৰিয়াল গৃহহীন হয় । তিনিচুকীয়া জিলাৰ তিনিচুকীয়া ৰাজহ চক্ৰৰ ১১৩ টা, ডুমডুমাৰ ১,৪৭২ টা, শদিয়াৰ ৯ টা পৰিয়াল গৃহহীন হয় ।

লখিমপুৰ জিলাৰ কদমৰ ৪৭ টা, বিহপুৰীয়াৰ ৩ টা, উত্তৰ লখিমপুৰৰ ১০১ টা পৰিয়াল গৃহহীন হয় । আনহাতে হোজাই লংকাৰ ২৫ টা পৰিয়াল, হাইলাকান্দিৰ লালাৰ ৩ টা পৰিয়াল গৃহহীন হয় । শোণিতপুৰ জিলাৰ তেজপুৰৰ ১৫ টা, চাৰিদুৱাৰৰ ৮১ টা পৰিয়াল গৃহহীন হয় । সেইদৰে কামৰূপ জিলাৰ পলাশবাৰীৰ ৩ টা আৰু কঞাৰ ১১ টা পৰিয়াল গৃহহীন হয় । ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ১১৫ টা, পূব ডিব্ৰুগড়ৰ ৫ টা আৰু পশ্চিম ডিব্ৰুগড়ৰ ৭ টা পৰিয়াল গৃহহীন হয় ।

চিৰাং জিলাৰ ৩২ টা পৰিয়াল আৰু তামুলপুৰৰ ১৭ টা পৰিয়াল গৃহহীন হয় । ৰাজ্যত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা খহনীয়াত গৃহহীন হ’ব লগা হৈছে হাজাৰ হাজাৰ পৰিয়াল । ইমান ভয়াৱহ পৰিস্থিতিৰ পাছতো কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বান-খহনীয়াক লৈ কেৱল ৰাজনীতিয়েই কৰি আহিছে । যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বান আৰু গৰাখহনীয়া সমস্যাই ।

লগতে পঢ়ক : Chetan Sharma Resign : BCCI ৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.