ETV Bharat / state

Swachh Bharat Mission: লক্ষ্য পূৰণত ব্যৰ্থ বিজেপি চৰকাৰ

author img

By

Published : Feb 9, 2022, 4:40 PM IST

স্বচ্ছ ভাৰত মিছন প্ৰকল্পৰ উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে বিজেপি নেতৃত্বাধীন ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ ৷ ২০১৪ চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বি জে পি চৰকাৰে কেন্দ্ৰত শাসন ক্ষমতা দখল কৰাৰ পাচতে আৰম্ভ কৰা হৈছিল স্বচ্ছ ভাৰত অভিযান বা স্বচ্ছ ভাৰত মিছনৰ প্ৰকল্প (Swachh Bharat Mission project in Assam) । কিন্তু 2014 ৰ পৰা 2022 বৰ্ষলৈকে এক সু-দীৰ্ঘ সময়চোৱাত এই অভিলাসী প্ৰকল্পৰ কোনো বিশেষ প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল ৰাজ্য তথা দেশত ৷ সবিশেষ এই প্ৰতিবেদনত...

Swachh Bharat Mission project in Assam
স্বচ্ছ ভাৰত মিছন প্ৰকল্পৰ লক্ষ্য পূৰণত ব্যৰ্থ বিজেপি চৰকাৰ

গুৱাহাটী, 9 ফেব্ৰুৱাৰী : ২০১৪ চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বি জে পি চৰকাৰে কেন্দ্ৰত শাসন ক্ষমতা দখল কৰিয়ে স্বচ্ছ ভাৰত অভিযান বা স্বচ্ছ ভাৰত মিছন প্ৰকল্প আৰম্ভ কৰিছিল । দেশৰ গ্ৰামাঞ্চলত স্বচ্ছ ভাৰত অভিযান (গ্ৰাম্য) আৰু নগৰাঞ্চলত স্বচ্ছ ভাৰত অভিযান(নগৰ) হিচাপে এই অভিলাসী প্ৰকল্প আৰম্ভ কৰা হৈছিল (Swachh Bharat Mission project in Assam) । স্বচ্ছ ভাৰত মিছন প্ৰকল্পৰ উদ্দেশ্য ভাল আছিল যদিও এই প্ৰকল্পই লক্ষ্য পূৰণত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ।

বিশেষকৈ অসমত এই প্ৰকল্পই লক্ষ্য পূৰণত ব্যৰ্থ হোৱাৰ লগতে প্ৰকল্প ৰূপায়নতো ব্যৰ্থ হোৱাৰ তথ্য পোৱা গৈছে । উল্লেখ্য যে, এই প্ৰকল্প অনুসৰি শৌচাগাৰ নথকা ৰাজ্যৰ দুখীয়া পৰিয়ালক চৰকাৰী সাহাৰ্যত শৌচাগাৰৰ ব্যৱস্থা কৰা আৰু মুকলিত মলমূত্ৰ পৰিত্যাগ কৰা বন্ধ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । লগতে এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ সকলো জিলা আৰু চহৰ মুকলিত মল-মূত্ৰ পৰিত্যাগ নকৰালৈ উন্নীত কৰাৰ (Open defecation free) চমুকৈ ODF হিচাপে ঘোষণা কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল ।

Swachh Bharat Mission project in Assam
স্বচ্ছ ভাৰত মিছন প্ৰকল্পৰ লক্ষ্য পূৰণত ব্যৰ্থ বিজেপি চৰকাৰ

এই প্ৰকল্প আৰম্ভ কৰাৰ ছয়-সাত বছৰ উকলি গ'ল ৷

লগতে পঢ়ক : হঠাৎ গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত ঘোষণা

কিন্তু এই প্ৰকল্পৰ জৰিয়তে বহু গ্ৰামাঞ্চলত বৰ্তমানেও শৌচাগাৰ নথকা দুখীয়া পৰিয়ালে চৰকাৰী শৌচাগাৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে । আকৌ যিসকল লোকে চৰকাৰী শৌচাগাৰ পাইছে সেইবোৰৰ বেছিভাগ ব্যৱহাৰৰ অনুপযোগী । ইপিনে স্বচ্ছ ভাৰত মিছন প্ৰকল্প অনুযায়ী ৰাজ্যৰ নগৰীয়া অঞ্চলত বিশেষকৈ গুৱাহাটী মহানগৰীৰ বস্তি অঞ্চলত কমিউনিটী টয়লেট (Community toilet) নিৰ্মাণৰ ক্ষেপত্ৰত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ।

মনকৰিবলগীয়া যে, স্বচ্ছ ভাৰত মিছন প্ৰকল্পৰ অনুযায়ী নগৰীয়া অঞ্চলত বিজ্ঞানসন্মতভাৱে জাৱৰ নিষ্কাশন কৰাত ব্যৰ্থ হৈছে । স্বচ্ছ ভাৰত মিছন প্ৰকল্পৰ অনুযায়ী নগৰত ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰা, কেঁচা আৰু শুকান জাৱৰ বিজ্ঞানসন্মতভাৱে সংগ্ৰহ কৰা আৰু সংগ্ৰহ কৰা জাৱৰবোৰ নিদিষ্ট জাৱৰ পেলোৱা স্থানত জমা কৰা আৰু শেষত সেইবোৰ বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰিব লাগে ।

কিন্তু ৰাজ্যৰ অধিকাংশ নগৰত নিদিষ্ট জাৱৰ পেলোৱা স্থানত নাই । সংগ্ৰহ কৰা জাৱৰবোৰ সংশ্লিষ্ট পৌৰ সভাই য’তে-ত’তে পেলাই পৰিৱেশ প্ৰদূষিত কৰি আহিছে । উদাহৰণ স্বৰূপে ৰঙিয়া, নলবাৰী চহৰৰ জাৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই আছে ।

লগতে পঢ়ক : Mission Basundhara: চৰকাৰৰ মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত কলিয়াবৰৰ ৰাইজ

আকৌ বৰপেটা ৰোডত ৰে’ল আলিৰ দাতিত পেলাই আছে । স্বচ্ছ ভাৰত মিছন (নগৰীয়া) প্ৰকল্পৰ অসম মিছন সঞ্চালকৰ তথ্য মতে, ৰাজ্যৰ ৯৬ টা পৌৰ সভাৰ মাত্ৰ ৩০ শতাংশ পৌৰ সভা এলেকাত ঘৰে-ঘৰে জাৱৰ সংগ্ৰহ কৰা আৰু সংগ্ৰহ কৰা জাৱৰবোৰ নিদিষ্ট জাৱৰ পেলোৱা স্থানত জমা কৰাৰ কৰি থকা হৈছে ।

উল্লেখ্য যে, এইবাৰ কেন্দ্ৰীয় বাজেটত গ্ৰামাঞ্চলত স্বচ্ছ ভাৰত অভিযান (গ্ৰাম্য)ৰ ক্ষেত্ৰত বাজেট হ্ৰাস কৰিছে । স্বচ্ছ ভাৰত অভিযান (গ্ৰাম্য)ত ২০২১-২২ বৰ্ষৰ বাজেটত ৯৯৯৪ কোটি টকা ধাৰ্য কৰিছিল । কিন্তু ২০২২-২৩ বৰ্ষৰ বাজেটত ৭১৭২ কোটি টকা স্বচ্ছ ভাৰত অভিযান (গ্ৰাম্য)ত ধাৰ্য কৰিছে ।

কেন্দ্ৰীয় বাজেটত স্বচ্ছ ভাৰত অভিযানৰ phase 2 ৰ বাবে ১,৪১,৬৭৮ কোটি টকা ধাৰ্য কৰিছে (BJP govt launched the second phase of Swachh Bharat Mission) । ২০২৬ চনলৈ কেন্দ্ৰীয় বাজেটত স্বচ্ছ ভাৰত অভিযানৰ phase 2 ৰ বাবে এই টকা ধাৰ্য কৰিছে । স্বচ্ছ ভাৰত অভিযানৰ phase 2 ত নগৰত ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰা, কেঁচা আৰু শুকান জাৱৰ বিজ্ঞানসন্মতভাৱে সংগ্ৰহ কৰা আৰু সংগ্ৰহ কৰা জাৱৰবোৰ নিদিষ্ট জাৱৰ পেলোৱা স্থানত জমা কৰা আৰু শেষত সেইবোৰ বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ ওপৰত মনোনিৱেশ কৰিছে বুলি জানিব পৰা গৈছে ।

অৱশ্যে ৰাজ্যত স্বচ্ছ ভাৰত অভিযানৰ phase 2 ৰূপায়নৰ ক্ষেত্ৰত ভৱিষ্যতে কিমান দূৰ সফল হ’ব সেয়া সময়হে নিৰ্ধাৰণ কৰিব ৷

লগতে পঢ়ক : ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান; জাৱৰৰ দ’মত পৰিণত খাৰুপেটীয়াৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.