ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান; জাৱৰৰ দ’মত পৰিণত খাৰুপেটীয়াৰ বজাৰ

By

Published : Nov 9, 2021, 8:26 PM IST

thumbnail

ধোঁৱাচাঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীৰ স্বচ্ছ ভাৰত অভিযান ৷ দৰঙৰ খাৰুপেটীয়াৰ পাচলি বজাৰৰ মহলদাৰে প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানক বুঢ়া আঙুলি দেখুৱাই কেৱল সংগ্ৰহ কৰি গৈছে ৰাজহ ৷ কিয়নো বৰ্তমান খাৰুপেটীয়াৰ পাচলি বজাৰ পৰিণত হৈছে জাবৰৰ দ’মলৈ ৷ চাফ-চিকুণতাৰ নামত‌ বজাৰখনত মহলদাৰে সংঘটিত কৰিছে দুৰ্নীতি আৰু অনিয়ম ৷ এই অভিযোগ তৰিছে বজাৰখনৰ ক্ৰেতা-বিক্ৰেতাসকলে ৷ নিতৌ বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱা এই বজাৰখনক পৰিষ্কাৰ কৰি তথা স্বচ্ছ কৰাৰ স্বাৰ্থত দৰঙৰ বিভাগীয় কৰ্তৃপক্ষক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে বজাৰলৈ অহা ক্ৰেতা-বিক্ৰেতাসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.