ETV Bharat / state

হঠাৎ গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত ঘোষণা

author img

By

Published : Feb 5, 2022, 10:36 PM IST

Jaica funded Guwahati water supply project
হঠাৎ গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত ঘোষণা

জাইকা অৰ্থ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ (Jaica funded Guwahati water supply project) বিৰুদ্ধে হঠাৎ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ ৷ প্ৰকল্পটোত সংঘটিত বৃহৎ কেলেংকাৰীৰ অভিযোগৰ অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰাৰ সময়তে চৰকাৰৰ এই ঘো৷ণাি চৰ্চা লাভ কৰিছে ৷

গুৱাহাটী, 5 ফেব্ৰুৱাৰী: চৰম দুৰ্নীতিৰে চলি থকা জাইকা অৰ্থ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ (Jaica funded Guwahati water supply project)কামৰ উত্থাপিত অভিযোগসমূহৰ তদন্ত কৰাৰ বাবে হঠাৎ শণিবাৰে ৰাজ্য চৰকাৰে তদন্তৰ ঘোষণা কৰিছে । মনকৰিবলগীয়া যে গুৱাহাটী পানী যোগান প্ৰকল্পৰ নামত সংঘটিত বিত্তীয় অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটীৰ চিৰিয়াখানা পথ নাগৰিক সংস্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা গোচৰ তৰিছে । বৰ্তমান এই গোচৰটো ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে ।

এই শুনানিৰ পূৰ্বে হঠাৎ ৰাজ্য চৰকাৰে পানী যোগান প্ৰকল্পৰ দুৰ্নীতিৰ তদন্ত ঘোষণা কাৰ্যই এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে । চৰম দুৰ্নীতিৰে চলি থকা জাইকাৰ অৰ্থ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ কামৰ উত্থাপিত অভিযোগসমূহৰ তদন্ত কৰাৰ বাবে হঠাৎ শণিবাৰে ৰাজ্য চৰকাৰে তদন্তৰ ঘোষণা কৰিছে । ৰাজ্য চৰকাৰে জাইকাৰ অৰ্থ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ (কামৰ উত্থাপিত অভিযোগ সমূহৰ তদন্ত কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক দায়িত্ব দিছে । অহা সাতদিনৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে যোৱা ৮-৯ বছৰৰ ধৰি চলি থকা চাৰিটা পানী যোগান প্ৰকল্পৰ কাম চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবে এটাও প্ৰকল্প সম্পূৰ্ণ হোৱা নাই । ২০১১-১২ চনত জাইকাৰ The Japan International Cooperation Agency( JICA) পৰা ঋণ লৈ আৰম্ভ কৰা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১৩-১৪ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল । আনহাতে ২০০১৪-১৫ চনত জাইকাৰ The Japan International Cooperation Agency (( JICA) পৰা ঋণ লৈ আৰম্ভ কৰা উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১৭-১৮ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল ।

উল্লেখ্য যে, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে যোৱাবছৰ ১৫ ছেপ্টেম্বৰত প্ৰকাশ কৰা এখন বিজ্ঞপ্তি মতে ২০২৩ চনৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে । আকৌ ২০২৩ চনৰ মাৰ্চত উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে । কিন্তু প্ৰকল্প দুটাৰ সন্দৰ্ভত ভাৰত চৰকাৰ আৰু জাইকাৰ মাজত সম্পাদন হোৱা ঋণ চুক্তি মতে ঋণ চুক্তিৰ ম্যাদ ২০২২ চনৰ জুলাইত শেষ হ'ব । ২০২২ চনৰ জুলাইত ঋণ চুক্তিৰ ম্যাদ শেষ হোৱাৰ পিছত জাইকাই প্ৰকল্প দুটাৰ বাবে নিৰ্দ্ধাৰিত বাকী থকা ঋণ দিয়া বন্ধ কৰিব । ফলত এতিয়া কেন্দ্ৰীয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটী প্ৰকল্প দুটাৰ কামত গভীৰ অনিশ্চয়তাই দেখা দিছে ।

গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ ( Guwahati metropolitan drinking and sewerage board) তথ্য মতে কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ কাম এতিয়ালৈকে ৬০ শতাংশহে সম্পূৰ্ণ হৈছে । উত্তৰ গুৱাহাটী প্ৰকল্পৰ কাম ৩০ শতাংশ হৈছে । কেন্দ্ৰীয় আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প দুটাৰ পানীৰ পাইপ বহুওৱাৰ কাম তিনিবছৰ ধৰি বন্ধ হৈ আছে । মনকৰিবলগীয়া যে, গুৱাহাটী পানী যোগান প্ৰকল্পৰ নামত সংঘটিত বিত্তীয় অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটীৰ চিৰিয়াখানা পথ নাগৰিক সংস্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা গোচৰ তৰিছে । বৰ্তমান এই গোচৰটো ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে । এই শুনানিৰ পূৰ্বে হঠাৎ ৰাজ্য চৰকাৰে পানী যোগান প্ৰকল্পৰ দুৰ্নীতিৰ তদন্ত ঘোষণা কাৰ্যই এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, আৰম্ভণিৰ পৰা এই প্ৰকল্পৰ নামত দুৰ্নীতি সংঘটিত হৈ আহিছে । লুই বাৰ্জাৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি প্ৰকল্পৰ পানীৰ পাইপ বহোৱালৈকে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আছে । এই লুই বাৰ্জাৰ কেলেংকাৰী(Louis Berger scam)ৰ লগত সেইসময়ৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব থকা ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সেইসময়ৰ গুৱাহাটী জলবোৰ্ডৰ পৰিচালন সঞ্চালক আশিষ ভূটানীৰ নাম সাঙোৰ খাই আছে । ইপিনে গুৱাহাটী পানী যোগান প্ৰকল্পৰ নামত সংঘটিত বিত্তীয় অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটীৰ চিৰিয়াখানা পথ নাগৰিক সংস্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা গোচৰ তৰাৰ পিছতে আৰম্ভনিতে গুৱাহাটী জলবোৰ্ডৰ হিচাপ পৰীক্ষকৰ দায়িত্বত থকা জনৈক চৌধুৰী উপাধিৰ লোকজনক প্ৰকল্পৰ খৰছৰ হিচাপ মিলাবলৈ যোৱা দুমাহ ধৰি গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ কাৰ্যালয়ত বঢ়াই ৰখা হৈছে । কিন্তু গুৱাহাটী জলবোৰ্ডৰ হিচাপ পৰীক্ষকৰ দায়িত্বত থকা জনৈক চৌধুৰী উপাধিৰ লোকজনক প্ৰকল্পৰ খৰছৰ হিচাপ মিলাবলৈ যোৱা দুমাহ ধৰি হিচাপ মিলাব পৰা নাই । জানিব পৰা মতে গুৱাহাটী জলবোৰ্ডৰ হিচাপ পৰীক্ষকৰ দায়িত্বত থকা জনৈক চৌধুৰী উপাধিৰ লোকজনে অনিয়মভাবে প্ৰকল্পৰ বহু টকাৰ লেনদেন কৰিছিল ।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা গোচৰটোৰ শুনানিৰ পূৰ্বে খৰখেদাকৈ চৰকাৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইসময়ৰ গুৱাহাটী জলবোৰ্ডৰ পৰিচালন সঞ্চালক আশীষ ভূটানীক ক্লীনছিট দি আৰম্ভনিতে গুৱাহাটী জলবোৰ্ডৰ হিচাপ পৰীক্ষকৰ দায়িত্বত থকা জনৈক চৌধুৰী উপাধিৰ লোকজনক তদন্ত কমিটীয়ে দোষী সাব্যস্ত কৰি তদন্ত সামৰিব ।

লগতে পঢ়ক: গোলাঘাটত এইবাৰ ক্ৰিকেটাৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.