গোলাঘাটত এইবাৰ ক্ৰিকেটাৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Feb 5, 2022, 7:58 PM IST

thumbnail

ৰাজনীতিৰ পথাৰত ৰাজনীতি নহয়, খেলপথাৰত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma played Cricket)৷ গোলাঘাটত বেট ধৰিয়েই এটা সুন্দৰ শ্বট মাৰিলে হিমন্ত বিশ্ব শৰ্মাই । হাত চাপৰিৰে খেলুৱৈ হিমন্ত বিশ্ব শৰ্মাক উৎসাহ যোগালে উপস্থিত দৰ্শকে ৷ দেওবাৰে গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে ফৰকাটিঙত নিৰ্মাণ সম্পূৰ্ণ হোৱা এখন উৰণীয়া সেঁতু । ৰেলপথৰ ওপৰেদি পাৰ হৈ যোৱা ফৰকাটিং উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৬৭০ মিটাৰ আৰু ব্যয় ৪৫৬৬.২০ লাখ টকা । ফ্লাই অভাৰখনে ফৰকাটিং ৰেল ক্ৰছিঙৰ ব্যস্ততা বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে । ফৰকাটিঙত এখন পেভেলিয়ন আৰু ক্ৰিকেট গ্ৰাউণ্ডো মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পেভেলিয়ন মুকলি কৰাৰ মূহুৰ্ত পিটচত এগৰাকী ক্ৰিকেটাৰ ৰূপত দেখা যায় মুখ্যমন্ত্ৰীগৰাকীক। এটা সুন্দৰ শ্বট মাৰি প্লেগ্ৰাউণ্টখম মুকলি কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছতেই গোলাঘাট এমেচাৰ থিয়েটাৰ ছছাইটি প্ৰেক্ষাগৃহত গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকলৰ লগত অন্তৰাঙ্গ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী। গোলাঘাট সমন্বয় ক্ষেত্ৰত এখন দলীয় সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.