ETV Bharat / state

Mission Basundhara: চৰকাৰৰ মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত কলিয়াবৰৰ ৰাইজ

author img

By

Published : Feb 8, 2022, 2:14 PM IST

Updated : Feb 8, 2022, 5:35 PM IST

অসমৰ ৰাইজে মাটি-বাৰী সংক্ৰান্তীয় বিভিন্ন সমস্যাত ভূগি থকাৰ বাবে চৰকাৰে মিছন বসুন্ধৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ দ্বাৰা ইতিমধ্যে কলিয়াবৰৰ বহু লোক উপকৃত হৈছে (People of Kaliabor benefited by Mission Basundhara)। ১০ মে’ৰ পূৰ্বেই মাটি-বাৰী সংক্ৰান্তীয় তথা অনান্য ওজৰ-আপত্তি নিষ্পত্তি কৰিবলৈ সাজু হৈছে কলিয়াবৰ ৰাজহ চক্ৰ বিভাগ ।

people-of-kaliabor-benefited-by-mission-basundhara
চৰকাৰৰ মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত কলিয়াবৰৰ ৰাইজ

কলিয়াবৰ,৮ ফেব্ৰুৱাৰী : ৰাজ‍্য চৰকাৰে মাটি-বাৰী সংক্ৰান্তীয় সকলো ধৰণৰ ওজৰ-আপত্তি নিষ্পত্তি কৰিবলৈ মিছন বসুন্ধৰা নামৰ এক বিশেষ পদক্ষেপ মুকলি কৰিছিল । এই পদক্ষেপৰ জৰিয়তে ইতিমধ‍্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকল উপকৃত হৈছে । নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলত বহু লোক মিছন বসুন্ধৰাৰ জৰিয়তে সুফল লাভ কৰিছে (People of Kaliabor benefited by Mission Basundhara)।

চৰকাৰৰ মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত কলিয়াবৰৰ ৰাইজ

দীৰ্ঘদিন ধৰি থকা মাটি-বাৰী সংক্ৰান্তীয় সমস্যা সমাধান হৈছে । ইফালে মিছন বসুন্ধৰাৰ জৰিয়তে চলিত বৰ্ষৰ ১০ মে’ৰ পূৰ্বেই মাটি-বাৰী সংক্ৰান্তীয় তথা অনান্য ওজৰ-আপত্তি নিষ্পত্তি কৰিবলৈ সাজু হৈছে কলিয়াবৰ ৰাজহ চক্ৰ বিভাগ । কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্যালয়ত নথিভূক্ত হৈছে ৮,১৯২ খন আবেদন ।

ইয়াৰে, নথিভূক্ত আবেদনৰ প্ৰায় ষোল্লশ আবেদনৰ বিষয়সমূহ বৰ্তমানলৈকে নিস্পত্তি কৰা হৈছে । ১০ মে'ৰ ভিতৰত সকলো আবেদনৰ বিষয় নিস্পত্তি কৰিবলৈ তৎপৰ এতিয়া কলিয়াবৰ ৰাজহ চক্ৰ বিভাগ ।

লগতে পঢ়ক :ৰাজীৱ ভৱনলৈ নাযায় নেতা : ভৱনত চলে বাদাম-ভূজিয়াৰ পেকেজিং !

Last Updated : Feb 8, 2022, 5:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.