ETV Bharat / state

Rahul Gandhi case update; ৰাহুল গান্ধীক লৈ শংকিত বিজেপি: ভূপেন বৰা

author img

By

Published : Mar 24, 2023, 8:27 PM IST

ৰাহুল গান্ধীৰ কণ্ঠ ৰুদ্ধ কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ ৷ সময়ে সময়ে বিজেপি চৰকাৰৰ দুৰ্নীতিসমূহ তথ্য সহকাৰে পোহৰলৈ অনাত শংকিত হৈ পৰিছে ৷ যাৰ ফলতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে (APCC president Bhupen Kumar Borah reacts on Rahul Gandhi case) ৷

Rahul Gandhi disqualified from parliament
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ

গুৱাহাটী, ২৪ মাৰ্চ : সংসদৰ পৰা ৰাহুল গান্ধীক বাহিৰত ৰাখি তেওঁৰ কণ্ঠ ৰুদ্ধ কৰাৰ বাবে ষড়যন্ত্ৰ কৰা হৈছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC president Bhupen Kumar Borah reacts on Rahul Gandhi case)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Rahul Gandhi disqualified from parliament)।

শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰৰ ব্যৰ্থতা আৰু দুৰ্নীতিসমূহ তথ্য সহকাৰে সময়ে সময়ে উদঙাই আহিছে । যাৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰে বিভিন্ন সময়ত ৰাহুল গান্ধীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আহিছে ।

লগতে পঢ়ক : Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক অস্বস্তিত পেলাই আহিছে । শেহতীয়াকৈ আদানী কাণ্ড সন্দৰ্ভত সদনত দিয়া ৰাহুল গান্ধীৰ বক্তব্যকলৈ বিজেপি চৰকাৰক বিবুদ্ধিত পেলাইছিল । যাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে প্ৰতিশোধ লোৱাৰ বাবে তৎপৰ হৈ আছিল’’ ।

তেওঁ লগতে কয়, ‘‘সদনৰ ভিতৰত থাকক বা নাথাকক কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থত আপোচ নকৰে । বিজেপিৰ প্ৰকৃত স্বৰূপ ৰাইজৰ আগত উদঙাই দিয়াৰ ৰাহুল গান্ধীৰ সংগ্ৰাম অব্যাহত থাকিব’’ । তেওঁ আৰু কয়, ‘‘ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰোতে দেশবাসীৰ অভূতপূৰ্ব সমৰ্থন লাভ কৰাৰ লগতে ২৮ টাকৈ ৰাজনৈতিক দলৰ সমৰ্থন লাভ কৰিছিল । দেশজোৰা এই সমৰ্থন দেখি ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ পৰাই বিজেপি ৰাহুল গান্ধীক লৈ শংকিত হৈ আছিল আৰু সুযোগৰ আশাত আছিল’’ ।

লগতে পঢ়ক : Rahul Gandhi disqualified from parliament: বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ গৌৰৱ গগৈৰ

ন্যায়ালয়ে বৃহস্পতিবাৰে দিয়া নিৰ্দেশৰ পাচতে আজি অৰ্থাৎ শুকুৰবাৰে বিজেপি চৰকাৰে শক্তিৰ বলত ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিযোগ কৰে । তেওঁ লগতে কয় যে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশজুৰি সংগ্ৰাম গঢ়ি তোলা হ’ব । ইয়াক অতি সহজভাৱে লোৱা নহ’ব বুলিও তেওঁ উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.