Rahul Gandhi disqualified from parliament: বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ গৌৰৱ গগৈৰ

By

Published : Mar 24, 2023, 7:16 PM IST

thumbnail

গুৱাহাটী, 24 মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ (Rahul Gandhi disqualified from parliament) ৷ ৰাহুল গান্ধীৰ সাংসদ‌ পদ খাৰিজ কৰি‌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ‌ বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসনৰ‌ পৰিচয় দাঙি ধৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ ৷ দেশৰ গণতন্ত্ৰ আজি বিপদাপন্ন বুলিও মন্তব্য কৰে সাসংদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi) ৷  

ৰাহুল গান্ধীয়ে গৌতম আদানীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰিত্ৰ উদঙাই দিয়াৰ‌ বাবে ৰাহুল গান্ধীক নৰেন্দ্ৰ মোডীয়ে লক্ষ্য হিচাবে বুলিও অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে ৷ তেওঁ কয়, ‘‘বিজেপিয়ে ভাবিছে যে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি ৰাহুল গান্ধীক দুৰ্বল কৰা হ’ব । কিন্তু ৰাহুল গান্ধী ইয়াৰ ফলত ভীতিগ্ৰস্ত নহয় বৰং বেছি শক্তিশালীহে হ’ব ।’’ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও সদৰী কৰে গৌৰৱ গগৈয়ে (Rahul Gandhi case update) ৷  

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ বিভিন্ন বিৰোধী ৰাজনৈতিক দলেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷  

লগতে পঢ়ক: Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.