ETV Bharat / bharat

Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

author img

By

Published : Mar 24, 2023, 2:40 PM IST

Updated : Mar 24, 2023, 3:38 PM IST

‘‘মোদী উপাধি’’ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক সদনত অযোগ্য ঘোষণা কৰা হৈছে ৷ 2019 চনত কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত মোদী উপাধিক লৈ মন্তব্য কৰিছিল কংগ্ৰেছ নেতাজনে (Rahul Gandhi disqualified from parliament) ৷ 2024 ৰ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৰাহুল গান্ধীয়ে ৷

Rahul Gandhi disqualified from parliament
Modi surname case

নিউজ ডেস্ক, 24 মাৰ্চ: ২০১৯ চনৰ এটা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ এদিন পিচতে সংসদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক । শুকুৰবাৰে লোকসভাৰ সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক । ‘মোডী উপাধি’ গোচৰত চূৰাটৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ পিচদিনা এই কথা প্ৰকাশ পাইছে কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত গান্ধীয়ে "মোডী" উপাধিৰ বিষয়ে কৰা মন্তব্যৰ বাবেই এই অভিযোগ উত্থাপন হৈছে (Rahul Gandhi disqualified from parliament) ।

সংসদে জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে ২১/৪(৩)/২০২৩/টিঅ’(বি) নং ২১/৪(৩)/২০২৩/টিঅ’(বি) চূৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে চি.চি./১৮৭১২/২০১৯ ত তেওঁক দোষী সাব্যস্ত কৰাৰ বাবে ৰাহুল গান্ধীক সংসদৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে ৷ ভাৰতৰ সংবিধানৰ ১০২(১)(ঙ) অনুচ্ছেদৰ বিধানৰ ভিত্তিত কেৰালাৰ ৱায়ানাদ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাৰ তাৰিখৰ পৰা অৰ্থাৎ ২০২৩ চনৰ ২৩ মাৰ্চৰ পৰা জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ ৰ ধাৰা ৮ ৰ অধীনত লোকসভাৰ সদস্যপদৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে (Modi surname case) ।

লগতে পঢ়ক: Conrad Sangma Corruption Issue : অমিত শ্বাহক জেৰা কৰিবলৈ চিবিআই প্ৰধানলৈ পত্ৰ জয়ৰাম ৰমেশৰ

এই ঘোষণাই কংগ্ৰেছ শিবিৰত এক মোক্ষম আঘাত হানিছে । যদিও দলটোৱে ইংগিত দিছে যে, তেওঁলোকে স্থানীয় আদালতৰ ৰায়ক উচ্চ আদালতত প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কৰিছে । যদিহে তেওঁৰ আদেশ স্থগিত আবেদন তাত মানি লোৱা নহয় তেন্তে তেওঁলোক উচ্চতম ন্যায়ালয়লৈ যাব । গান্ধীয়ে নিজৰ নিৰ্দোষীতা বজাই ৰাখিছে আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে (Rahul Gandhi convict of criminal defamation case) ।

ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা মানহানিৰ গোচৰটো আৰম্ভণিৰে পৰাই বিতৰ্কিত হিচাপে পৰিগণিত হৈ আহিছে ৷ বহুতে অভিযোগৰ আঁৰৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ৰায়দানৰ পিচত প্ৰথম মন্তব্যত ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ উদ্ধৃতি দি কয়, "মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । সত্য মোৰ ঈশ্বৰ, অহিংসাই ইয়াক পোৱাৰ উপায় ।’’ (Rahul Gandhi updates)

লগতে পঢ়ক: Modi Surename Case : দোষী সাব্যস্ত হোৱাৰ পিছতো গুজৰাটী ব্যঞ্জনৰ সোৱাদ গ্ৰহণ ৰাহুল গান্ধীৰ

Last Updated :Mar 24, 2023, 3:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.