ETV Bharat / state

সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ প্ৰত্য়ক্ষ হস্তক্ষেপ দাবী অসম জাতীয় পৰিষদৰ

author img

By

Published : Jul 28, 2021, 6:51 PM IST

অসম চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ বিভাগৰ অকৰ্মণ্যতাৰ বাবে এনে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হ'ল । এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰত্যক্ষ হস্তক্ষেপ কৰক । মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যৰ মাজেৰে মিজো দখলকাৰী তথা আক্ৰমণকাৰীৰ ওচৰত আত্মসমৰ্পণ কৰিছে । ঈশান উদয় শৈক্ষিক বৃত্তি আঁচনিৰ ক্ষেত্ৰত হোৱা ব্যাপক দুৰ্নীতিৰ CBI তদন্তৰ দাবী ।

ajp president lurinjyoti gogoi
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সংবাদমেল

গুৱাহাটী, 28 জুলাই : অসম-মিজোৰ‍াম সীমান্তৰ কাছাৰৰ লাইলাপুৰত সংঘটিত হোৱা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । অসম চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ বিভাগৰ অকৰ্মণ্যতাৰ বাবে এনে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি অভিযোগ কৰে এজেপিয়ে ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে ।

বুধবাৰে এজেপিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে লাইলাপুৰৰ ঘটনাৰ বাবে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । লুৰিণজ্যোতি গগৈয়ে কয় - ‘লাইলাপুৰৰ ঘটনাৰ পাচত মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে নিজৰ স্থিতি সলনি কৰি পৰস্পৰ বিৰোধী মন্তব্য কৰি আহিছে । মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যৰ মাজেৰে মিজো দখলকাৰী তথা আক্ৰমণকাৰীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ।

আনহাতে, কেন্দ্ৰই ক'লে কাছাৰ কিয় গুৱাহাটী-নলবাৰীলৈকে মিজোৰামক দি দিম বুলি মুখ্যমন্ত্ৰীয়ে কোৱাটো অত্যন্ত লজ্জাজনক ৷'

লগতে পঢ়ক: গুৱাহাটী-নলবাৰী মিজোৰামক এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কি ক’লে...

তেওঁ লগতে কয় - ‘অসমৰ আন্তঃৰাজ্যিক সীমা বিবাদৰ সমস্যাটো নতুন নহয়, যদিও কোনো এখন চৰকাৰে সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আন্তৰিকতা প্ৰদৰ্শন নকৰিলে । লাইলাপুৰৰ ঘটনাটো ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু চোৰাংচোৱা বিভাগৰ ব্যৰ্থতাৰ স্পষ্ট নিদৰ্শন । এইখন চৰকাৰে জনগণক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ।

আনহাতে, ‘নেডা' কাৰ্যতঃ ব্যৰ্থ আৰু অপ্ৰাসংগিক । লাইলাপুৰত আহত হোৱাসকলক উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনত বাহিৰলৈ প্ৰেৰণৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগে । আনহাতে, আহতসকলক ৫ লাখ টকাকৈ সাহায্য দিয়াৰ বাবে আমি দাবী জনাইছো ।

‘সংবাদমেলত ঈশান উদয় শৈক্ষিক বৃত্তি আঁচনিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি লুৰিণজ্যোতি গগৈয়ে ৷ তেওঁ লগতে কয় - ‘উত্তৰ-পূৰ্বাঞ্চলৰ মেধাসম্পন্ন স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীক কেন্দ্ৰীয় চৰকাৰৰ ঈশান উদয় শৈক্ষিক বৃত্তি প্ৰদান কৰি অহা হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ ৫৮১৭ গৰাকী শিক্ষাৰ্থীক এই আঁচনিৰ অধীনত বৃত্তি প্ৰদান কৰা হৈছে যদিও বহু শিক্ষাৰ্থী অস্তিত্বহীন ।

বিভিন্ন অখ্যাত শিক্ষানুষ্ঠানত অধ্যয়ন কৰা দেখুওৱা হৈছে । তদুপৰি শিক্ষাৰ্থীসকলৰ নাম-তালিকাৰ ক্ষেত্ৰতো ব্যাপক বিসংগতি আছে । শৈক্ষিক বৃত্তিৰ নামত হোৱা বিয়াগোম কেলেংকাৰীৰ আমি CBI তদন্ত দাবী কৰিছো' বুলি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেলত সদৰী কৰে ৷ বুধবাৰে অনুষ্ঠিত হোৱা সংবাদমেলখনত এজেপিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক: চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.