ETV Bharat / state

গুৱাহাটী-নলবাৰী মিজোৰামক এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কি ক’লে...

author img

By

Published : Jul 28, 2021, 4:24 PM IST

অসম আৰক্ষীয়ে (ASSAM POLICE) অসমৰ মাটি মিজোৰামক এৰি নিদিয়াৰ বাবেই আক্ৰমণৰ খবৰ পোৱাৰ পিছতে যুঁজিবলৈ গৈছিল । প্ৰথমবাৰৰ বাবে আমি এক ইঞ্চি মাটিও এৰি দিয়া নাই । গুৱাহাটীত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

গুৱাহাটী নাইবা নলবাৰী মিজোৰামক এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কি ক’লে !
গুৱাহাটী নাইবা নলবাৰী মিজোৰামক এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কি ক’লে !

গুৱাহাটী, 28 জুলাই : মিজোৰামৰ (MIZORAM) ঘৰে ঘৰে বন্দুক আছে । ৰাজ্যখনত সাধাৰণ নাগৰিকৰ লগত বন্দুক থাকে । অসম আৰক্ষীয়ে অসমৰ মাটি মিজোৰামক এৰি নিদিয়াৰ বাবেই আক্ৰমণৰ খবৰ পোৱাৰ পিছতে যুঁজিবলৈ গৈছিল । এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব (HIMNTA BISWA SARMA) শৰ্মাৰ ।

বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ লাইলাপুৰত সংঘটিত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম আৰক্ষীয়ে (ASSAM POLICE) পাঁচটা স্থানত অসমৰ ভূমি ৰক্ষাৰ বাবে যুঁজ দি আহিছে । আমি আমাৰ মাটি কোনো কাৰণতে এৰি নিদিওঁ । লাইলাপুৰৰ ঘটনাত মঙলবাৰে আৰু এজন জোৱানৰ মৃত্যু হৈছে ।

গুৱাহাটী নাইবা নলবাৰী মিজোৰামক এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কি ক’লে !

লগতে চাওকঃ Tokyo Olympics: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ বক্সাৰ পূজা ৰাণীৰ

মৃত্যুৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে । বাকী আহতসকল এতিয়া সংকটমুক্ত । প্ৰথমবাৰৰ বাবে আমি এক ইঞ্চি মাটিও এৰি দিয়া নাই ।

আমাৰ ৩০০ জোৱান তাত থিয় হৈ আছে । বিগত দুমাহত মিজোৰামে দখল কৰা ভূমি আমি উদ্ধাৰ কৰিছো ৷ বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্রীয়ে কয় মিজোৰামৰ পৰা বিৰোধী দলে বুজা উচিত । মিজোৰ‍ামত শাসক-বিৰোধী সকলো এক হৈ আছে ।

আমাৰ ইয়াত ৰাজনৈতিক লাভালাভৰ বাবে সমালোচনা কৰা হৈছে । ৰাজ্যসমূহৰ সীমা কেন্দ্ৰই নিৰ্ধাৰণ কৰে । সীমা কেন্দ্ৰই সলনি কৰিব পাৰে । মই কোৱা কথাৰ অৰ্থ বেলেগ কৰা হৈছে ।

কথাখিনি মিজোৰ‍‍ামক উদ্দেশ্যি কোৱা হৈছিল আৰু কেন্দ্ৰই বিচাৰিলে দিয়াৰ কথা কৈছিলো । কিন্তু কেন্দ্ৰই গুৱাহাটী নাইবা নলবাৰী মিজোৰামক দিবলৈ ক'ব নেকি । সীমা বিবাদৰ প্ৰসংগত ৰ‍াজ্যসমূহৰ লগত আলোচনা কৰি থকা হৈছে । সমস্যা সমাধানৰ বাবে বুৰঞ্জী তথা ঘটনা প্ৰবাহ বুজি আগবাঢ়িব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.