Tokyo Olympics: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ বক্সাৰ পূজা ৰাণী

author img

By

Published : Jul 28, 2021, 4:15 PM IST

Updated : Jul 30, 2021, 12:28 PM IST

Tokyo Olympics

টকিঅ' অলিম্পিকত মহিলাৰ বক্সিঙৰ ৬৯-৭৫ কিল’গ্ৰাম শাখাত আলজেৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে ভাৰতীয় বক্সাৰ পূজা ৰাণীয়ে । এই বিজয়ৰ জৰিয়তে ভাৰতীয় বক্সাৰগৰাকীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পথ প্ৰশস্ত হয় । আনহাতে, অলিম্পিকৰ আন এখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জেনিফাৰ মিউচিনো ফাৰ্ণাণ্ডেজক পৰাভূত কৰিলে আৰ্চাৰ দীপিকা কুমাৰীয়ে ।

স্পৰ্ট’ছ ডেস্ক, ২৮ জুলাই : Tokyo Olympics ৰ বক্সিং ৰিঙত চমক দেখুৱালে ভাৰতৰ বক্সাৰ পূজা ৰাণীয়ে । আলজেৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বক্সাৰ পূজা ৰাণীয়ে । মহিলা বক্সিঙৰ ৬৯-৭৫ কিল’গ্ৰাম শাখাত ৫-০ পইণ্টৰ ব্যৱধানত আলজেৰিয়াৰ বক্সাৰ ইছৰাক চাইবক পৰাভূত কৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ।

হাৰিয়ানাৰ বক্সাৰগৰাকীয়ে প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডত ৫-০ পইণ্টৰ ব্যৱধানত জয় লাভ কৰে । ইয়াৰ জৰিয়তে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় বক্সাৰগৰাকী । পূজা ৰাণীয়ে টকিঅ' অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ ।

আনহাতে, আৰ্চাৰ দীপিকা কুমাৰীয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেনিফাৰ মিউচিনো ফাৰ্ণাণ্ডেজক ৬-৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ।

লগতে পঢ়ক: Tokyo Olympics: প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ পি ভি সিন্ধুৰ

Last Updated :Jul 30, 2021, 12:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.