ETV Bharat / state

চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

author img

By

Published : Jul 28, 2021, 12:09 PM IST

Updated : Jul 28, 2021, 5:05 PM IST

Lailapur incident will repeat again at charaideo nagaland border
চৰাইদেউৰ নাগালেণ্ড সীমান্তত হ'ব পাৰে লাইলাপুৰ কাণ্ড

চৰাইদেউৰ নাগালেণ্ড সীমান্তত পুনৰাবৃত্তি হ'ব পাৰে লাইলাপুৰ কাণ্ডৰ ৷ কিয়নো অসমত আহি নগা ৰজাই কৈ গ’ল অসমৰ সংৰক্ষিত বনাঞ্চল নাগালেণ্ডৰ বুলি ৷ ৱাংলা বস্তিৰ ৰজা লিওৱাংহেৰ এষাৰ কথাই এতিয়া শংকিত কৰি তুলিছে চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তবাসীক ৷

মৰাণ, 28 জুলাই : অশান্ত অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border) ৷ এতিয়াও শান্ত হোৱা নাই লাইলাপুৰ ৷ লাইলাপুৰ কাণ্ডকলৈ অসমৰ বিভিন্ন প্ৰান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে ৷

লাইলাপুৰ কাণ্ডক লৈ মিজোৰ বিৰুদ্ধে ৰাজ্যৰ চাৰিওফালে কেৱল প্ৰতিবাদৰ ধ্বনি ৷ লাইলাপুৰ কাণ্ডৰ উত্তপ্ত পৰিস্থিতি মাৰ নৌ যাওঁতেই অন্য এক লাইলাপুৰ কাণ্ড সংঘটিত হোৱাৰ শংকা কৰিছে অসমৰ একাংশ ৰাইজে ৷ এইবাৰ লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি হ’ব পাৰে চৰাইদেউৰ নাগালেণ্ড সীমান্তত ৷ কিয়নো অসমৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল নাগালেণ্ডৰ বুলি জনালে ৱাংলা বস্তিৰ ৰজাই ৷

স্বাধীনতাৰ পাচৰে পৰাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সীমা সমস্যা সমাধান কৰাৰ কথা কৈ হে থাকিল ৷ কিন্তু বাস্তৱত সেয়া প্ৰতিফলিত নহ’ল ৷ অসমৰ সীমা সমস্যা আজিকোপতি সমস্যা হৈয়ে ৰ’ল যাৰ ফল ভোগ কৰিবলগীয়া হ’ল ছয়জনকৈ অসম আৰক্ষীৰ জোৱানে ৷

চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

লগতে পঢ়ক: দুই ৰাজ্যতে বিজেপি চৰকাৰ থকা চৰ্তেও লাইলাপুৰৰ ঘটনা দুৰ্ভাগ্যজনক: ডাঃ মংবে' ৰংপি

এই সীমান্ত সংঘাতৰে এটি ভয়ংকৰ ৰূপ প্ৰতিফলিত হ’ল অসম-মিজোৰাম সীমান্তত ৷ সম্প্ৰতি এই ঘটনাই দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে এইবাৰ চৰাইদেউৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল নাগালেণ্ডৰ বুলি ৱাংলা বস্তিৰ ৰজাই দাবী কৰাৰ পিছত এই শংকা আৰু অধিক স্পষ্ট হৈ পৰিছে ৷ ৱাংলা বস্তিৰ ৰজা লিওৱাংহে আহি চিংলৌ পথাৰৰ বন বিভাগৰ গাঁওবুঢ়া লোচন সোণোৱালক অৱগত কৰে যে, অভয়পুৰ সংৰক্ষিত বনাঞ্চলখন নাগালেণ্ডৰ । ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় বন বিভাগে আৰম্ভ কৰিছে তদন্ত ।

সীমান্তত অসম আৰক্ষীৰ চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়েও সীমান্তত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ এতিয়া নগা ৰজাৰ এইষাৰ কথাই শংকিত কৰি তুলিছে চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তবাসীক ৷

লগতে পঢ়ক: মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ বাসগৃহত শোকাকুল পৰিৱেশ

Last Updated :Jul 28, 2021, 5:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.