ETV Bharat / state

অসম-মিজোৰামৰ সীমান্তত সংঘৰ্ষ : মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ AJYCP ৰ

author img

By

Published : Jul 27, 2021, 10:31 PM IST

ajycp protest in tingkhong
টিংখাঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মঙলবাৰে টিংখাঙত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP) টিংখাং আঞ্চলিক সমিতিৰ ৷ অসম-মিজোৰাম সীমান্তত মিজোৰ গুলীত অসম আৰক্ষী (Assam Police) জোৱানৰ নিহত হোৱা ঘটনাৰ বাবে চৰকাৰক তীব্ৰ গৰিহণা দিয়ে সংগঠনটোৱে ৷

টিংখাং, 27 জুলাই : টিংখাঙত মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ পুত্তলিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP) টিংখাং আঞ্চলিক সমিতিয়ে ৷ সোমবাৰে অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা ঘটনাটোৰ বাবে বিজেপি চৰকাৰক ধিক্কাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাক পদত্যাগৰ দাবী জনাই AJYCP কৰ্মীসকলে । হাতে হাতে প্লে কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ ছাত্ৰ পৰিষদে ।

বৰ্তমানেও অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত অব্যাহত আছে উত্তেজনা ৷ সোমবাৰে মিজো দুৰ্বৃত্তই অসম আৰক্ষী (Assam Police)ক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত নিহত হৈছে 6 গৰাকীকৈ আৰক্ষীৰ জোৱান ৷ মিজো দুৰ্বৃত্তৰ গুলীত এগৰাকী স্থানীয় লোক নিহত হৈছে ৷

টিংখাঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

লগতে পঢ়ক : কেতিয়া অন্ত পৰিব সীমা বিবাদ: কি কয় মুখ্যমন্ত্ৰীয়ে

এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি চন্দ্ৰকান্ত নিম্বলকাৰ (BC Nimbalkar)। কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীক এয়াৰ এম্বুলেঞ্চৰ সহায়ত উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে মুম্বাইলৈ প্ৰেৰণ কৰিছে ৷ মিজোৰ গুলীবৰ্ষণত 30 গৰাকীকৈ অধিক আৰক্ষী আৰু স্থানীয় লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

বৰ্তমানলৈকে নিয়ন্ত্ৰণলৈ অহা নাই লায়লাপুৰৰ এই পৰিস্থিতি । উক্ত ঘটনাক লৈ উত্তাল হৈ আছে সমগ্ৰ অসম ৷ ৰাজ্যৰ বিৰোধী দলৰ লগতে দল-সংগঠনসমূহে ঘটনাৰ পাচতে মুখ্যমন্ত্ৰীৰ লগতে বিজেপি (BJP) চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷

ইফালে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদ জোৱানৰ পৰিয়াললৈ 50 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব ৷ মঙলবাৰে শিলচৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে অসম আৰক্ষীৰ 42 গৰাকী জোৱানলৈ 1 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব ৷ বিবাদ নিস্পত্তি (Settlement of Border Dispute)ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলি মতপোষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.