ETV Bharat / state

সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম

author img

By

Published : Jul 27, 2021, 5:27 PM IST

অসম-মিজোৰাম সীমা বিবাদৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই অনুষ্ঠানৰ পিছত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত সীমা বিবাদক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

assam to follow central governments order to solve Assam Mizoram border dispute
সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে আগবাঢ়িব অসম

নিউজ ডেস্ক, 27 জুলাই : ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ 5 গৰাকী শ্বহীদ জোৱানৰ পৰিয়াললৈ 50 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই মঙলবাৰে শিলচৰত এই কথা সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ তেওঁ লগতে কয় অসম আৰক্ষীৰ 42 গৰাকী জোৱানলৈ 1 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কাছাৰৰ আৰক্ষী অধীক্ষক বি চি নিম্বলকাৰক(IPS BC Nimbalkar) এয়াৰ এম্বুলেঞ্চৰ সহায়ত উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে মুম্বাইলৈ প্ৰেৰণ কৰিছে ৷

42 জন আহত আৰক্ষী জোৱানৰ 3 জনৰ অৱস্থা সংকটজনক হোৱা হেতুকে তেওঁলোকক জিএমচিএইচ(GMCH)লৈ অতি শীঘ্ৰে প্ৰেৰণ কৰা হ’ব বুলি অৱগত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ(Mizoram CM Zoram Thanga) স্থিতিক সমালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসম-মিজোৰামৰ সীমা বিবাদ(Assam Mizoram border dispute) সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দিয়া উপদেশসমূহ অসমে আখৰে আখৰে পালন কৰিছে ৷ কিন্তু একেটা সময়তে মিজোৰামে এই কেন্দ্ৰীয় গৃহমন্ত্ৰী(union home minister)ৰ উপদেশ মনাৰ সলনি আঁকোৰগোজ স্থিতি লৈছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গুলীচালনাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়ত জোৰামথাংগাৰ সৈতে তেওঁৰ ফোনযোগে বাৰ্তালাপ হৈছিল ৷ কিন্তু গুলীচালনা বন্ধ কৰিবৰ বাবে বাৰে বাৰে কৰা অনুৰোধক প্ৰত্যাখ্যান কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মাথো তেওঁ দুঃখিত বুলিহে মন্তব্য কৰিছিল ৷ ইয়াৰ লগতে একেখন দেশৰ আৰক্ষীৰ মাজত গুলীচালনা হোৱাটো নীতি বিৰুদ্ধ বুলিও ড৹ হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে চুবুৰীয়া ৰাজ্যখনৰ স্থিতিক ৷

অসমে মিজোৰামৰ মাটি নিবিচাৰে ৷ কিন্তু নিজৰ মাটি সুৰক্ষিত কৰাৰ দায়িত্ব অসমে পালন কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিবাদ নিস্পত্তি(settlement of border dispute)ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলিও মতপোষণ কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে ভূমি বিবাদ নিস্পত্তি কৰিবলৈ অসমে কুণ্ঠাবোধ নকৰে বুলিও মন্তব্য কৰি তেওঁ কয় যে, কোনো অকৰ্তৃত্বশীল ব্যক্তিৰ হাতত এক ইঞ্চিও মাটি এৰি নিদিয়ে ৷

লগতে পঢ়ক : চোৰ-ডকাইত গুলিওৱাতহে অসম আৰক্ষীক ব্যৱহাৰ কৰিছে চৰকাৰে : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.