ETV Bharat / city

চোৰ-ডকাইত গুলিওৱাতহে অসম আৰক্ষীক ব্যৱহাৰ কৰিছে চৰকাৰে : অখিল গগৈ

author img

By

Published : Jul 27, 2021, 2:02 PM IST

মিজোৰ গুলীত নিহত পাঁচগৰাকী অসম আৰক্ষীৰ জোৱানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে অখিল গগৈয়ে ৷

MLA akhil Gogoi Reaction On Assam-Mijoram Border Incident
চোৰ-ডকাইত গুলিওৱাতহে অসম আৰক্ষীক ব্যৱহাৰ কৰিছিল চৰকাৰে: অখিল গগৈ

শিৱসাগৰ, 27 জুলাই : অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত ৷ মিজোৰ গুলীত নিহত ছয়গৰাকী অসম আৰক্ষীৰ জোৱান । উক্ত ঘনটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । মিজো আৰক্ষীৰ গুলীত প্ৰাণ বিসৰ্জন দিয়া অসম আৰক্ষীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে অখিল গগৈয়ে ৷

উক্ত ঘটনাটো সংঘটিত হোৱাৰ কাৰণে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক কঠোৰভাৱে সমালোচনা কৰে বিধায়ক গৰাকীয়ে। এই ঘটনাটোত যি কেইগৰাকী আৰক্ষী জোৱান নিহত হৈছে সেই সকলক শ্বহীদ ঘোষণা কৰাৰো দাবী জনাইছে অখিল গগৈয়ে । বৰ্তমান বিজেপি চৰকাৰখন সাংঘাটিকভাৱে বিফল হোৱা বুলি সমালোচনা কৰে ৷ " পুলিচক ইমান দিনে কেৱল চোৰ ডকাইত বিলাকক গুলিওৱাৰ কামতহে আৰক্ষীৰক ব্যৱহাৰ কৰিছে । এতিয়া কিন্তু আমাৰ অসম পুলিচক ঘৰতে আহি মাৰিব পৰা হৈ গ'ল সৰু এখন ৰাজ্যই।"

চোৰ-ডকাইত গুলিওৱাতহে অসম আৰক্ষীক ব্যৱহাৰ কৰিছিল চৰকাৰে: অখিল গগৈ

লগতে পঢ়ক : মিজোৰ গুলিত আৰক্ষীৰ মৃত্যু : ৰাজ্যত তিনিদিনীয়া শোক পালনৰ নিৰ্দেশ

প্ৰশাসন কিদৰে চলিছে মিজোৰ এই ঘটনাটোৱেই প্ৰমাণ কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে । তদুপৰি অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো ক্ষেত্ৰতে কেৱল ওফাইদাং মাৰিহে থাকে বুলি সমালোচনা কৰে অখিল গগৈয়ে । আনহাতে, মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মী বিজেপি গমনৰ পিছত থাওৰা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক সুশান্ত বৰগোঁহায়েও গেৰুৱা বসন পিন্ধিবলৈ সাজু হোৱাত কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে । অসমৰ ৰাজনীতিত অৱক্ষয় চলিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ।

উল্লেখযোগ্য যে, বিধায়ক হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ সমষ্টিত উপস্থিত হয় অখিল গগৈ ৷ শিৱসাগৰৰ ঐতিহাসিক স্থান সমূহ পৰিদৰ্শন কৰে । অহা অক্টোবৰ মাহৰ ভিতৰত পৰ্যটনৰ ক্ষেত্ৰত শিৱসাগৰক নতুন ৰূপ দিবলৈ চেষ্টা কৰি থকা বুলি উল্লেখ কৰে । অখিল গগৈৰ আজিৰ এই ভ্ৰমণ কালত শিল্পী মহেন্দ্ৰ হাজৰিকাই সংগ দিয়ে ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত শ্বহীদ আৰক্ষী জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.