ETV Bharat / state

কেতিয়া অন্ত পৰিব সীমা বিবাদ: কি কয় মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jul 27, 2021, 3:44 PM IST

Updated : Jul 27, 2021, 6:16 PM IST

mizoram assam border
কেতিয়া অন্ত পৰিব সীমা বিবাদ

২৫ জুলাইত মিজোৰামৰ লগত হোৱা বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অমান্তি হয় মিজোৰামৰ মুখ্য সচিব ৷ পৰৱৰ্তী সময়ত ২৬ জুলাইত অসমৰ উপ-মহাপৰিদৰ্শক আৰু মিজোৰামৰ আৰক্ষী অধীক্ষকৰ লগত আলোচনা চলি থকাৰ সময়তে মিজোৰামৰ পাহাৰত বাহৰ পাতি থকা মিজো জোৱানে LMG ৰে গুলীচালনা কৰে ।

তেজপুৰ, ২৭ জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা বিবাদ আজিৰ সমস্যা নহয় । দীৰ্ঘদিন ধৰি ৰাজ্যসমূহৰ মাজত বিবাদ চলি আছে । আনকি এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ উত্তৰ-পূৱ ভ্ৰমণ কৰিছে । কিন্তু অমিত শ্বাহৰ এই ভ্ৰমণৰ পিছদিনাই অসম-মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে ।

ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, 'গুলী খালেও আমি এক ইঞ্চি মাটিও মিজোৰামক এৰি নিদিওঁ' ৷ মিজো লোকক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হ'ব বুলিও কয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) মঙলবাৰে সংবাদ মাধ্যমৰ আগত কোৱা মতে, যোৱা ২৫ জুলাইত মিজোৰামৰ লগত হোৱা বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অমান্তি হয় মিজোৰামৰ মুখ্য সচিব ৷ পৰৱৰ্তী সময়ত ২৬ জুলাইত অসমৰ উপ-মহাপৰিদৰ্শক আৰু মিজোৰামৰ আৰক্ষী অধীক্ষকৰ লগত আলোচনা চলি থকাৰ সময়তে মিজোৰামৰ পাহাৰত বাঁহৰ পাতি থকা মিজো জোৱানে LMG ৰে গুলীচালনা কৰে ।

এখন দেশৰ ভিতৰতে আৰক্ষীয়ে আৰক্ষীক গুলীচালনা কৰা ঘটনাক বৰ্বৰ আখ্যা মুখ্যমন্ত্ৰীৰ ।

এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫০ লাখ টকা আৰু আঘাতপ্ৰাপ্ত সকললৈ ১ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে কয় যে এই সীমা সমস্যা মিজোৰামৰ লোকৰ লগত নহয় । কিন্তু বনজ সম্পদ ৰক্ষণাবেক্ষণ কৰা অসমৰ দায়িত্ব সেয়ে ৰিজাৰ্ভ ফৰেষ্ট কোনেও অধিগ্ৰহণ কৰিব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমক জনোৱা মতে ২৬ জুলাইত লাইলাপুৰ সীমান্তত মিজো পক্ষৰ লগত আলোচনা চলি থকা সময়তে অনাকাংক্ষিতভাৱে মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তই জধে-মধে গুলীচালনা কৰাত ৫ গৰাকী আৰক্ষী আৰু এজন সাধাৰণ লোকৰ মৃত্যু হয় । এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা আৰক্ষী সঞ্চালক প্ৰধানৰ কিয়নো আলোচনা চলি থকা সময়ত এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । সোমবাৰৰ ঘটনাত চৰকাৰী তথ্য মতে মুঠ ৪২ গৰাকী অসম আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে অন্যসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ অনা হৈছে বুলি আৰক্ষী সঞ্চালক প্ৰধানে জনায় ।

উল্লেখ্য যে, অসম আৰু মিজোৰামৰ মাজত ১৬৪.৬ কিল’মিটাৰ ৰাজ্যিক সীমান্ত আছে । দুয়োখন ৰাজ্যৰ ক্ষেত্ৰীয় দাবীবোৰ দীৰ্ঘদিন ধৰি অব্যাহত আছে আৰু ১৯৯৫ চনৰ পৰা অনুষ্ঠিত হোৱা কেইবালানি বৈঠকৰ সামান্য ফলাফল পোৱা গৈছিল যদিও শেহতীয়াকৈ এই সমস্যাক লৈ উত্তপ্ত হৈ পৰাত গুলীয়াগুলিৰ দৰে ঘটনা সংঘটিত হয় । ১৬৫ কিল’মিটাৰ দূৰত্বৰ অসম-মিজোৰাম সীমাক লৈ হোৱা বিবাদৰ মূল কেন্দ্ৰবিন্দু হৈছে দুটা সীমান্তৰ সীমা নিৰ্ধাৰণ ৷ যি ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ দিনৰে পৰা চলি আহিছে আৰু কোনটো সীমা নিৰ্ধাৰণ অনুসৰণ কৰিব লাগে, তাক লৈ আজিও মতভেদ চলি আছে ৰাজ্য দুখনৰ মাজত ।

উনবিংশ শতিকাৰ মাজভাগত কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰে গঠিত বৰাক উপত্যকাৰ কাছাৰ সমভূমিত ব্ৰিটিছসকলে চাহ খেতিৰ বাবে ব্যৱহাৰ কৰিছিল ৷ পৰৱৰ্তী সময়ত সেইবোৰৰ সম্প্ৰসাৰণৰ ফলত মিজোসকলৰ সৈতে সমস্যাৰ সৃষ্টি হৈছিল । ১৮৭৫ চনৰ আগষ্ট মাহত অসম গেজেটত কাছাৰ জিলাৰ দক্ষিণ সীমা জাৰি কৰা হৈছিল । মিজোসকলে কয় যে এইটো পঞ্চমবাৰৰ বাবে ব্ৰিটিছে লুচাই পাহাৰ আৰু কাছাৰ সমভূমিৰ মাজত সীমা অংকন কৰিছিল যি মিজো প্ৰধানসকলৰ সৈতে আলোচনা কৰি কৰা হৈছিল ।

mizoram assam border
কেতিয়া অন্ত পৰিব সীমা বিবাদ

দুবছৰৰ পিছত গেজেটত ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ সীমা নিৰ্ধাৰণ আধাৰ হৈ পৰিছিল । কিন্তু ১৯৩৩ চনত লুচাই পাহাৰ আৰু তেতিয়াৰ ৰাজকীয় ৰাজ্য মণিপুৰৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল । তাত কোৱা হৈছিল যে মণিপুৰৰ সীমা লুচাই পাহাৰৰ ত্ৰি সংযোগ অসম আৰু মণিপুৰ ৰাজ্যৰ কাছাৰ জিলাৰ পৰা আৰম্ভ হৈছিল । আনহাতে মিজোসকলে এই সীমানিৰ্ধাৰণ গ্ৰহণ নকৰে আৰু তেওঁলোকৰ মুৰব্বীসকলৰ সৈতে আলোচনা কৰি অংকন কৰা ১৮৭৫ চনৰ সীমালৈ আঙুলিয়াই দিয়ে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ১৯৭২ চনৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মতে মিজোৰামৰ হাতত যি ভূমি আছে, সেয়াই মিজোৰামৰ ৰাজ্য বুলি তেওঁ কয় । স্বাধীনতাৰ পিছৰ দশকবোৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ অসম-নাগালেণ্ড (১৯৬৩), অৰুণাচল প্ৰদেশ (UT ১৯৭২), মেঘালয় (UT ১৯৭২), মিজোৰাম (UT ১৯৭২) গঠন কৰা হৈছিল । বিষয়াসকলে কোৱা মতে, মিজোৰাম আৰু অসমৰ মাজত হোৱা এক চুক্তি অনুসৰি, সীমান্ত অঞ্চলত নো মেনছ লেণ্ডত স্থিতি বজাই ৰাখিব লাগিব । কিন্তু ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত, মিজো ছাত্ৰ সন্থাৰ এমজেডপিয়ে কৃষকসকলৰ বাবে এটা কাঠৰ আশ্ৰয় গৃহ নিৰ্মাণ কৰাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল যিটো অসম আৰক্ষীয়ে ভাঙি পেলাইছিল ।

পুনৰ যোৱা অক্টোবৰত অসমৰ লাইলাপুৰত মিজোৰামে নিজৰ বুলি দাবী কৰা ভূমিত নিৰ্মাণ কাৰ্যকলৈ এসপ্তাহত দুবাৰকৈ সংঘৰ্ষ আৰম্ভ হৈছিল ৷ পৰিণতিত ২৬ জুলাই দিনা এই ঘটনা সংঘটিত হয় । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই পথটো ড্ৰাগছ সৰবৰাহৰ প্ৰধান পথ বৰ্তমান এই সৰবৰাহ প্ৰায় বন্ধ হৈ পৰিছে ।

লগতে পঢ়ক: চোৰ-ডকাইত গুলিওৱাতহে অসম আৰক্ষীক ব্যৱহাৰ কৰিছে চৰকাৰে : অখিল গগৈ

Last Updated :Jul 27, 2021, 6:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.