ETV Bharat / state

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে অগপই

author img

By

Published : Apr 12, 2023, 5:53 PM IST

সমাগত লোকসভা নিৰ্বাচন ৷ অগপৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে অগপই ইতিমধ্যে কলিয়াবৰ, মঙলদৈ, তেজপুৰ আৰু নগাঁও লোকসভা সমষ্টিত আৰম্ভ কৰিছে তৎপৰত‍া (Minister Atul Bora on Lok Sabha Election)৷ মিত্ৰদল বিজেপিয়ে কেইখন আসন এৰি দিব নাইবা অগপই কেইখন বিচাৰিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই যদিও দলীয় ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিতে অগপই কাম কৰি আছে (AGP gears up to Lok Sabha election) ৷

AGP president Atul Bora press meet
লোকসভা নিৰ্বাচনৰ বাবে কাঁকালত টঙালী বান্ধিছে অগপই

লোকসভা নিৰ্বাচনৰ বাবে কাঁকালত টঙালী বান্ধিছে অগপই

গুৱাহাটী, ১২ এপ্ৰিল: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ (Lok Sabha Election 2024) ৷ মিত্ৰদল বিজেপিয়ে কেইখন আসন এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও কেইবাটাও সমষ্টিত কুচ-কাৱাজ আৰম্ভ কৰিছে অগপই ৷ বুধবাৰে গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই স্পষ্টভাৱে কেইখন আসন বিচাৰিব সেয়া নক’লে যদিও কেইবাটাও সমষ্টিত সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ কথা সদৰী কৰে (AGP president Atul Bora press meet) ৷

দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে অগপই ইতিমধ্যে কলিয়াবৰ, মঙলদৈ, তেজপুৰ আৰু নগাঁও লোকসভা সমষ্টিত সভা-সমিতি অনুষ্ঠিত কৰিছে ৷ সভাপতি অতুল বৰাই (Minister Atul Bora on Lok Sabha Election) কয় যে, গুৱাহাটীৰ লগতে বৰাকৰ দুটা লোকসভা সমষ্টিতো আমাৰ দলে মে' মাহত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ মিত্ৰদল বিজেপিয়ে কেইখন আসন দিব নাইবা অগপই কেইখন বিচাৰিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই যদিও দলীয় ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিতে অগপই কাম কৰি আছে ৷ বৰ্তমান লোকসভাত অগপৰ এজনো প্ৰতিনিধি নাই ৷ লোকসভাত দলটোৰ প্ৰতিনিধি প্ৰেৰণ কৰাটো মূল লক্ষ্য (AGP gear ups to Lok Sabha election) ৷

ইয়াৰ লগতে সংবাদমেলখনত অসমবাসীক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মন্ত্ৰী অতুল বৰাই বিহুগীতো পৰিৱেশন কৰে ৷ তেওঁ কয় যে, বিহুৰ পৰম্পৰা আৰু ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অসমক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে মনে-প্ৰাণে কামনা কৰি আহিছে ৷ অসমবাসীৰ এই দীর্ঘদিনীয়া হেঁপাহ আৰু সপোন পূৰণৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব এইবাৰৰ ৰঙালী বিহু ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঐকান্তিক প্ৰচেষ্টাত এঘাৰ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে ১৪ এপ্ৰিলৰ দিনা মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিহুনাচ প্ৰদৰ্শন কৰিব (Mega Bihu Event)। বিশাল জনসমুদ্ৰক সাক্ষী কৰি পৰিৱেশিত হ'বলগীয়া এই অভূতপূৰ্ব কাৰ্যসূচীৰ জৰিয়তে অসমৰ বিহুৱে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত (Bihu in Guinness world record) অভিলেখ গঢ়িব ৷

মন্ত্ৰী বৰাই কয়, সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মাহেন্দ্ৰ ক্ষণৰ মূল সাক্ষী হৈ ৰ’ব স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ তেওঁ ৰাজ্যবাসীক এই কাৰ্যসূচীৰ অংশীদাৰ হোৱাৰ বাবে আহ্বান জনায় ৷ অসমীয়া নতুন বছৰটোত দলৰ সাংগঠনিক শক্তি বৃদ্ধিৰ স্বাৰ্থত এলানি নতুন কাৰ্যসূচী অচিৰেই ঘোষণা কৰা হ'ব ৷ সংসদৰ মজিয়াত অগপ দলৰ স্থিতি শক্তিশালী কৰাৰ বাবে দলে পৰিকল্পনা গ্ৰহণ কৰিছে ৷

ৰাজনৈতিকভাৱে ৰঙালী বিহুৰ পিছৰ সময়ছোৱা অগপৰ বাবে হ’ব অতিকে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই কয় যে অসমৰ ৰাইজে বিচাৰে যে ৰাজ্যসভাৰ সমানেই লোকসভাৰ মজিয়াতো অগপ দলৰ পুনৰ শক্তিশালী প্ৰতিনিধিত্ব হওক ৷ সেই প্ৰতিনিধিৰ জৰিয়তে অসমৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সংসদৰ মজিয়াত সবলভাৱে উত্থাপন হওক ৷

ৰাইজৰ এই আকাংক্ষা আৰু সপোন পূৰণ কৰাত অগপৰ বৰ্তমানৰ নেতৃত্বই দায়িত্ব আৰু কর্তব্য হিচাপে বিবেচনা কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ জৰিয়তে লোকসভাৰ মজিয়াত যাতে অগপৰ প্ৰতিনিধিত্ব নিশ্চিত হয় তাৰ বাবে দলে দৃঢ় পৰিকল্পনা গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত দলৰ কৰ্মীসকলে এতিয়াৰে পৰা বিশেষ উদ্যোগ তথা তৎপৰতা গ্ৰহণ কৰিব লাগিব ৷ এই সংবাদমেলখত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে আন কেইবাজনো নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক: AAP protests in Guwahati: সুশান্ত কুমাৰ নাথক গ্ৰেপ্তাৰৰ বিৰুদ্ধে AAPৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.