ETV Bharat / state

AAP protests in Guwahati: সুশান্ত কুমাৰ নাথক গ্ৰেপ্তাৰৰ বিৰুদ্ধে AAPৰ প্ৰতিবাদ

author img

By

Published : Apr 12, 2023, 10:40 AM IST

আপৰ নেতাক আটক কৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত আপৰ নেতা-কৰ্মীৰ(AAP protests against Sushant Kumar Nath arrest) । সৰুসজাইত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা বিহু অনুষ্ঠানত 'অসমীয়াই অসমীয়াৰ বিহু চাবলৈ টিকট কটা কথাটো গীনিজ বুকত স্থান পাব লাগে' বুলি মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে দলটোৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথক ।

AAP protests against Sushant Kumar Nath arrest
সুশান্ত কুমাৰ নাথক গ্ৰেপ্তাৰৰ বিৰুদ্ধে AAP ৰ প্ৰতিবাদ

সুশান্ত কুমাৰ নাথক গ্ৰেপ্তাৰৰ বিৰুদ্ধে AAP ৰ প্ৰতিবাদ

গুৱাহাটী,১২ এপ্ৰিল: সৰুসজাইত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা মেগা বিহু ইভেণ্ট চাবলৈ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰাৰ প্ৰসংগত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আপৰ নেতা সুশান্ত কুমাৰ নাথক আটক কৰে মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে (AAP leader arrested) । সৰুসজাইত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা বিহু অনুষ্ঠানত 'অসমীয়াই অসমীয়াৰ বিহু চাবলৈ টিকট কটা কথাটো গীনিজ বুকত স্থান পাব লাগে' বুলি মন্তব্য কৰিছিল দলটোৰ মুখপাত্ৰৰ দায়িত্বত থকা নাথে (AAP protests in Guwahati) ।

সেয়ে মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাত মহানগৰীৰ ৰাজগড়ৰ পৰা আটক কৰা হয় সুশান্ত কুমাৰ নাথক । আটকাধীন সুশান্তৰ ঘৰ ঢকুৱাখনাত বুলি জানিব পৰা গৈছে । নেতাগৰাকীক আটক কৰাৰ লগে লগেই ক্ষুব্ধ হৈ পৰে আপৰ নেতৃবৃন্দ । নিশাই ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত আপৰ এটা সঁজাতি দল উপস্থিত হৈ নেতাগৰাকীক আটক কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (AAP protests against Sushant Kumar Nath arrest) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আম আদমি পাৰ্টীক কিয় ইমান ভয় কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে আপৰ প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলে কয় যে মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত নিজেই কৈছিল, বিহুৰ বিশ্ব ৰেকৰ্ড নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ কলাক্ষেত্ৰৰ পৰা পাছ সংগ্ৰহ কৰিব লাগিব । আপ অসমৰ মুখ্যপাত্ৰ সুশান্ত কুমাৰ নাথ ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত গোটেই বিজেপিৰ নেতা-কৰ্মী জাঙুৰ খাই উঠিছে ।

আনহাতে সুশান্ত কুমাৰ নাথক এক ভুৱা গোচৰত পানবজাৰ পুলিচে আটক কৰা ঘটনাই বাৰু কি সূচায় বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । আপে অভিযোগ কৰা অনুসৰি হিমন্ত বিশ্ব চৰকাৰে ৰাইজ তথা বিৰোধী ৰাজনৈতিক দলৰ বাক স্বাধীনতা খৰ্ব কৰিবলৈ চেষ্টা চলাইছে । গণতান্ত্ৰিক দেশত এনে কাৰ্য নিন্দনীয় । অতি শীঘ্ৰেই বিনাচৰ্তে নেতাগৰাকীক মুক্ত কৰি দিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী আপৰ নেতা-কৰ্মীয়ে ।

গণতন্ত্ৰক হত্যা কৰা বিজেপি চৰকাৰ নিপাত যাওক ধ্বনিৰে আপৰ প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে । লগে লগে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াৰ চেষ্টা চলাই আৰক্ষীয়ে । কেইবাজনো আপৰ নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Preparations for Rongali Bihu: ৰঙালী বিহুলৈ সাজু পিঠা বাইদেউ প্ৰেমপ্ৰভা গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.