ETV Bharat / state

Press Meet of AAP : বিজেপিৰ শাসনত অসমত অসুৰক্ষিত নাৰী; আপ

author img

By

Published : Aug 10, 2023, 7:34 PM IST

চৰকাৰৰ বিফলতাক কঠোৰ ভাষাৰে সমালোচনা কৰি বৃহস্পতিবাৰে আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন ৷ আপৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথ, মুখপাত্র হেপ্পী গগৈ,আৰু মুখপাত্ৰ আৰতি দেৱীয়ে সম্বোধন কৰে সংবাদমেল ৷

AAP Assam Criticizes BJP Government
চৰকাৰৰ বিফলতাক কঠোৰ ভাষাৰে সমালোচনা আপ অসমৰ

আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদমেল

গুৱাহাটী, 10 আগষ্ট : "কেন্দ্ৰীয় চৰকাৰৰ বেটি বচাও বেটি পঢ়াও শ্ল'গান আৰু অসমত নাৰী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ২০১৬ চন আৰু ২০২১ চনত দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সুবিধা লাভ কৰা বিজেপি চৰকাৰৰ প্ৰকৃত ছবিখন লাহে লাহে উন্মোচিত হৈছে ৷" এই অভিযোগ কৰিছে আম আদমী পাৰ্টীয়ে ৷ চৰকাৰৰ বিফলতাক কঠোৰ ভাষাৰে সমালোচনা কৰি বৃহস্পতিবাৰে আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে আপৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথ, মুখপাত্র হেপ্পী গগৈ,আৰু মুখপাত্ৰ আৰতি দেৱীয়ে ৷

সংবাদমেলত তেওঁলোকে অভিযোগ কৰি কয় যে, যোৱা ২০১৬ চনৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈকে অর্থাৎ অসমত বিজেপি চৰকাৰৰ যোৱা সাত বছৰত অসমৰ ভিন্ন প্ৰান্তত ধৰ্ষণৰ সন্মুখীন হৈছে মুঠ ১২,৭২৬ গৰাকী মহিলা আৰু যুৱতী ৷ উল্লেখযোগ্য যে এইয়া মাত্ৰ অসমৰ ভিন্ন ঠাইত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যাহে ৷ বিভিন্ন কাৰণত পঞ্জীয়ন নোহোৱাকৈ থকা এনে ঘটনাৰ সংখ্যা আৰু অধিক ৷ ইয়াৰে ভিতৰত যোৱা সাত বছৰত গুৱাহাটী মহানগৰীতেই সংঘটিত হৈছে ৪৫২ টা ধৰ্ষণৰ ঘটনা ৷

তেওঁলোকে কয় যে, ইয়াৰ উপৰিও গুৱাহাটীত বিগত সাত বছৰত মুঠ 8,700 টা মহিলা সম্পৰ্কীয় অপৰাধ সংঘটিত হৈছে। তাৰে ৩,১৫৩ টা মহিলা সম্পৰ্কীয় অপহৰণৰ ঘটনা সংঘটিত হৈছে বুলি কৈ এনে ঘটনাৰ বিৰুদ্ধে চৰকাৰক কঠোৰ হ'বলৈ দাবী জনায় আপ অসমে ৷ সংবাদমেলখনত আপৰ ৰাজ্যিক মুখপাত্র সুশান্ত কুমাৰ নাথে কয় যে, "নাৰী সবলীকৰণৰ কথা কোৱা অসমত বিজেপি চৰকাৰৰ যোৱা সাত বছৰৰ শাসন কালত দৈনিক ৫ গৰাকী মহিলা ধৰ্ষণৰ বলি হৈছে ৷ তদুপৰি অসমৰ জনতাৰ সুৰক্ষাৰ ক্ষেত্ৰত অতি চূড়ান্তভাৱে বিফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা এইখন চৰকাৰৰ দিনত অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাৰ সংখ্যা হৈছে ১,৭০,১৭৪ গৰাকী ৷ আৰু এইয়াও মাত্ৰ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যাহে ৷"

তেওঁ লগতে কয় যে, এই সংখ্যাৰ যোৱা সাত বছৰৰ গড় হিচাপে দৈনিক পৰিসংখ্যা বিচাৰিলে উত্তৰ ওলাব যে, অসমত বিজেপি চৰকাৰৰ দিনত দৈনিক ৬৬ গৰাকী মহিলা বিভিন্ন কাৰণত বিভিন্ন ধৰণে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে ৷ এইখন চৰকাৰৰ দিনত বিভিন্ন ধৰণে অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ গোচৰ পঞ্জীয়ন নোহোৱাকৈ থকা মহিলাৰ সংখ্যা উলিয়াবলৈ হ'লে অসমৰ জনতাই সংখ্যাৰ পাছত শূন্য লগাই লগাই ভাগৰি যাব বুলিও অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আপ অসমে ৷

লগতে পঢ়ক : Kejriwal on EC appointment : 'প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্বল কৰিছে দেশৰ গণতন্ত্ৰ'-কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.