ETV Bharat / bharat

Kejriwal on EC appointment : 'প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্বল কৰিছে দেশৰ গণতন্ত্ৰ'-কেজৰিৱাল

author img

By

Published : Aug 10, 2023, 6:37 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে নিৰ্বাচনী আয়ুক্ত নিযুক্তি কৰাৰ ক্ষেত্ৰত বিধেয়কখনৰ ভূমিকাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে । কেজৰিৱালে বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।

Kejriwal on EC appointment
প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্বল কৰিছে দেশৰ গণতন্ত্ৰ

নেশ্যনেল ডেস্ক,১০ আগষ্ট : দিল্লীৰ বিতৰ্কিত সেৱা বিধেয়কক লৈ আম আদমি পাৰ্টীৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰৰ মাজত সংঘাত অব্যাহত আছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী আয়ুক্তসকলৰ বাছনি সমিতিক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ কৰে । কেজৰিৱালে টুইট কৰি কয় যে নিৰ্বাচনী আয়ুক্তসকলৰ বাছনি সমিতিত দুজন বিজেপিৰ আৰু এজন কংগ্ৰেছৰ হ'ব । অৰ্থাৎ সমিতিত যাক বাছনি কৰা হ'ব তেওঁ বিজেপিৰ অনুগত হ'ব ।

  • प्रधान मंत्री जी द्वारा प्रस्तावित चुनाव आयुक्तों की चयन कमेटी में दो बीजेपी के सदस्य होंगे और एक कांग्रेस का। ज़ाहिर है कि जो चुनाव आयुक्त चुने जायेंगे, वो बीजेपी के वफ़ादार होंगे https://t.co/Pfwj6gR9A7

    — Arvind Kejriwal (@ArvindKejriwal) August 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেজৰিৱালে টুইটত লিখিছে যে তেওঁ ইতিমধ্যে কৈছিল যে প্ৰধানমন্ত্ৰীয়ে দেশৰ উচ্চতম ন্যায়ালয়ত বিশ্বাস নকৰে । তেওঁৰ বাৰ্তাটো স্পষ্ট যে তেওঁ উচ্চতম ন্যায়ালয়ৰ আদেশ পচন্দ নকৰে, তেওঁ সংসদত এখন আইন আনি ইয়াক সলনি কৰিব বিচাৰিছে । যদি প্ৰধানমন্ত্ৰীয়ে মুকলিকৈ উচ্চতম ন্যায়ালয়ৰ আজ্ঞা পালন নকৰে, তেন্তে ই এক অতি বিপদজনক পৰিস্থিতি বুলি কেজৰিৱালে উল্লেখ কৰে ।

  • मैंने पहले ही कहा था - प्रधान मंत्री जी देश के सुप्रीम कोर्ट को नहीं मानते। उनका संदेश साफ़ है - जो सुप्रीम कोर्ट का आदेश उन्हें पसंद नहीं आएगा, वो संसद में क़ानून लाकर उसे पलट देंगे। यदि PM खुले आम सुप्रीम कोर्ट को नहीं मानते तो ये बेहद ख़तरनाक स्थिति है

    सुप्रीम कोर्ट ने एक… https://t.co/ROBPei1QuU

    — Arvind Kejriwal (@ArvindKejriwal) August 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে উচ্চতম ন্যায়ালয়ে এখন নিৰপেক্ষ সমিতি গঠনৰ কথা কৈছিল । যিয়ে নিৰপেক্ষ নিৰ্বাচনী আয়ুক্ত বাছনি কৰিব । এতিয়া উচ্চতম ন্যায়ালয়ৰ আদেশ প্ৰত্যাৱৰ্তন কৰি প্ৰধানমন্ত্ৰীয়ে এখন সমিতি গঠন কৰিছে যি তেওঁৰ নিয়ন্ত্ৰণত থাকিব । প্ৰধানমন্ত্ৰীয়ে এতিয়া তেওঁৰ পচন্দৰ এজন ব্যক্তিক নিৰ্বাচনী আয়ুক্ত হিচাপে বাছনি কৰিবলৈ সক্ষম হ'ব । ই নিৰ্বাচনৰ নিৰপেক্ষতাক প্ৰভাৱিত কৰিব বুলিও কেজৰিৱালে অভিযোগ কৰে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সিদ্ধান্তৰ দ্বাৰা ভাৰতীয় গণতন্ত্ৰক দুৰ্বল কৰি আহিছে বুলি অভিযোগ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

'আপ কা মেহতা' নামৰ এটা টুইটাৰ হেণ্ডেলে সামাজিক মাধ্যমত মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ কথা উল্লেখ কৰিছে । লগতে, সংসদলৈ অহা বিধেয়কৰ ফটোও টেগ কৰিছে । কেজৰিৱালে এই টুইটটো পুনৰ শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ।

উল্লেখ্য যে দিল্লী অধ্যাদেশ বিধেয়ক চৰ্চালৈ অহাৰ পাছতে বিতৰ্ক আৰম্ভ হৈছে । দুয়োখন সদনে ইয়াক গৃহীত কৰাৰ পাছৰে পৰা আপ আৰু বিজেপিৰ মাজত পুনৰ অভিযোগ আৰু প্ৰতি অভিযোগৰ ৰাজনীতি আৰম্ভ হৈছে ।

লগতে পঢ়ক :Illegal immigration companies in Punjab : অবৈধ অনুপ্ৰৱেশ এজেন্সীৰ বিৰুদ্ধে কঠোৰ পঞ্জাৱ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.