ETV Bharat / state

অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসমৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jul 31, 2021, 11:17 AM IST

Tribute to martyrs at Lanka
হোজাইৰ লংকাত অসমৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

কাছাৰৰ অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসমৰ আৰক্ষী জোৱানলৈ সন্মান জনাই শুকুৰবাৰে হোজাইৰ লংকাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । নাহৰ সমন্নয় গোষ্ঠীৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

হোজাই, ৩১ জুলাই : অসম-মিজোৰাম সীমান্তত অসমী আইৰ সুৰক্ষাৰ স্বাৰ্থত কৰ্তব্য পালন কৰি যোৱা ২৬ জুলাইত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হৈছিল । মিজো আৰক্ষীয়ে অসম আৰক্ষীলৈ লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে অতি বৰ্বৰতাৰে গুলীচালনা কৰিছিল । এই ঘটনাক লৈ এতিয়া সমগ্ৰ অসমবাসীয়ে মিজোৰামক চৰকাৰক গৰিহণা দিছে । মিজো আৰক্ষীৰ বৰ্বৰতাকো ধিক্কাৰ দিছে ।

আনহাতে, অসমৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে ৰাইজে । শুকুৰবাৰে হোজাই জিলাৰ লংকা তিনিআলিত অসমৰ বীৰ আৰক্ষী জোৱানকেইজনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । নাহৰ সমন্নয় গোষ্ঠীৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত স্থানীয় ৰাইজেও অংশ লয় । তিনিআলিৰ শিৱ মন্দিৰৰ বাকৰিত সন্ধিয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ।

শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে মিজো আৰক্ষীৰ আক্ৰমণত আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ থকা জোৱানসকলৰো আশু আৰোগ্য কামনা কৰে । লগতে ডবা, কাহ বজাই মিজোৰামক এনে ধৃষ্টতা পুনৰ নকৰিবলৈ সকীয়াই দিয়ে ।

উল্লেখ্য যে, অসম-মিজোৰামৰ সীমা বিবাদ সমাধান হোৱাৰ পৰিৱৰ্তে ক্ৰমান্বয়ে জটিল ৰূপ লোৱা পৰিলক্ষিত হৈছে । মিজোৰামৰ আগ্ৰাসী মনোভাৱে ক্ষতিগ্ৰস্ত কৰিছে অসম-মিজোৰাম সীমান্তত বাস কৰা অসমীয়া লোকক । যোৱা ২৬ জুলাইৰ ঘটনাক অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হোৱাৰ উপৰিও এগৰাকী সাধাৰণ নাগৰিকো নিহত হৈছিল ।

এই ঘটনা কাছাৰ জিলাৰ লাইলাপুৰত সংঘটিত হৈছিল । এই স্থানত বৰ্তমান অসম চৰকাৰে নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰিছে যদিও কৰিমগঞ্জ জিলাৰ অসম-মিজোৰাম সীমান্তত আৰম্ভ হৈছে এক নতুন বিপদ । জিলাখনৰ ৰাতাবাড়ী সমষ্টিৰ ছোটভুবিৰবন্দত ৩টা অসমীয়া পৰিয়ালৰ ঘৰ দখল কৰিছে মিজো আৰক্ষীয়ে ।

জানিব পৰা মতে, এই স্থানত এতিয়া বাংকাৰ নিৰ্মাণ কৰি যুদ্ধ সদৃশ পৰিস্থতিৰ ইংগিত দিছে মিজো আৰক্ষীয়ে । কেৱল এয়াই নহয় সীমান্তৰ মিজো লোকসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈও বাৰে বাৰে সকীয়াই দিয়া হৈছে । এই পৰিস্থিতিৰ বাবে বৰ্তমান শংকিত হৈ পৰিছে সীমান্তৰ অসমীয়া ৰাইজ ।

লগতে পঢ়ক:সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল: কৃষিমন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.