ETV Bharat / state

Flood in Hojai : হোজাই বান পৰিস্থিত সন্দৰ্ভত উপায়ুক্তৰ সংবাদ মেল

author img

By

Published : Jun 17, 2022, 10:49 PM IST

Hojai DC press conference on Hojai flood situation
হোজাই বান পৰিস্থিত সন্দৰ্ভত উপায়ুক্তৰ সংবাদ মেল

উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ চৌদিশে এতিয়া পানী আৰু পানী (Flood in Assam 2022) ৷ বছৰৰ এই দ্বিতীয়টো বানত যাতে কোনো লোকৰে বিশেষ একো ক্ষয়-ক্ষতি নহয় তাৰ বাবে সস্তম হৈছে জিলা প্ৰশাসন ৷ বিশেষকৈ হোজাই বান পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে হোজাই আৰক্ষী তথা প্ৰশাসন ৷ যাৰ বাবে হোজাই বান পৰিস্থিত সন্দৰ্ভত শুকুৰবাৰে হোজাইৰ উপায়ুক্ত অনুপম চৌধৰীয়ে আয়োজন কৰে এক সংবাদমেলৰ (Hojai DC press conference on Hojai flood situation) ৷

হোজাই, 17 জুন : ‘‘পূৰ্বৰ তুলনাত হোজাইত হ্ৰাস পাইছে পানীৰ পৰিমাণ ৷ তথাপিও জিলা প্ৰশাসনৰ ফালৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান’’ ৷ শুকুৰবাৰে হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত হোজাইৰ বান পৰিস্থিতি (Flood in Hojai) সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয় এক সংবাদ মেল আয়োজন কৰি এই মন্তব্য কৰে হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে (Hojai DC press conference on Hojai flood situation)৷

তথ্য অনুসৰি, হোজাই, লংকা আৰু ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্তমানলৈকে 80 খন গাঁৱত বানে ক্ষয় সাধন কৰিছে ৷ বৰ্তমানলৈকে জিলাখনত 30 টা শিবিৰ স্থাপন কৰা হৈছে ৷ লগতে শিবিৰত থকা বানাক্ৰান্ত লোকসকলক খাদ্য সামগ্ৰীও যোগান ধৰা হৈছে ।

হোজাই বান পৰিস্থিত সন্দৰ্ভত উপায়ুক্তৰ সংবাদ মেল

আনকি যিসকল লোক এতিয়াও জিলাখনৰ বান বিধস্ত অঞ্চলত আবদ্ধ হৈ আছে ৷ তেনে লোকসকলক প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হৈছে খাদ্য-সামগ্ৰী তথা প্ৰয়োজনীয় সামগ্ৰীসমূহ ৷ উপায়ুক্ত অনুপম চৌধুৰীয়ে উল্লেখ কৰা অনুসৰি, জিলাখনত SDRF ৰ দ্বাৰা 6 আৰু NDRF ৰ দ্বাৰা 5 খন নাৱেৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে ৷

লগতে পঢ়ক : Flood in Hojai: কপিলী নৈৰ বাঢ়নী পানীত ডুব গৈছে বহু অঞ্চল

লগতে তেওঁ কয়, ‘‘বৃহস্পতিবাৰে হোজাইত এটা নাও দুৰ্ঘটনা সংঘটিত হৈছিল যদিও আৰক্ষীৰ ফালৰ পৰা কোনো বিশেষ মৰণোত্তৰ ৰিপৰ্ট আহি পোৱা নাই ৷ বানত নিহত হ’লে মৃতকৰ পৰিয়ালে উচিত সাহায্য লাভ কৰিব (Boat accident in Kapili river)’’ ৷ ‘‘প্ৰয়োজন সাপেক্ষে ভাৰতীয় সেনাকো এই উদ্ধাৰ অভিযানৰ বাবে অনা হ’ব ৷ তাৰ বাবে ইতিমধ্যে আলোচনা চলাই থকা হৈছে’’ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে হোজাইৰ উপায়ুক্তগৰাকীয়ে ৷

উল্লেখ্য যে, বুধবাৰে নিশাৰ পৰাই জিলাখনৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ জলপৃষ্ঠ বঢ়াৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চল এতিয়া ডুব গৈছে পানীৰ তলত ৷ তথ্য অনুসৰি, হোজাইৰ ৰাইকাতা, ইছলামপুৰ, দীঘলবালী, কুমুৰাকতা, ঠেপলাগুৰি, নভঙা হাটীমৰা, দক্ষিণ কেন্দুগুৰীকে ধৰি 7-8 খন গাঁৱত নিশাই কপিলী নৈৰ বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ (Many places in Hojai have been submerged in flood) ৷

তথ্য অনুসৰি, লংকাৰ থাইচুবালী, দৰ্জীচিট, যমুনাচিত আদি কেইবাখনো গাঁও বৰ্তমান কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ আনহাতে, হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী পথৰ ওপৰেৰেও বৈছে কপিলীৰ পানী ৷ ফলত ব্যাহত হৈ পৰিছে দুয়োখন জিলাৰ মাজত যাতায়ত ব্যৱস্থা ৷

লগতে পঢ়ক : Flood in Hojai : নৈপৰীয়া ৰাইজলৈ হোজাই জিলা প্ৰশাসনৰ সতৰ্কমূলক জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.