Flood in Hojai : নৈপৰীয়া ৰাইজলৈ হোজাই জিলা প্ৰশাসনৰ সতৰ্কমূলক জাননী

By

Published : Jun 15, 2022, 9:35 PM IST

thumbnail

অবৰ্ণনীয় ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ হোজাইৰ বিভিন্ন অঞ্চল এতিয়া বুৰ গৈছে পানীৰ তলত ৷ এফালে প্ৰবল বৃষ্টিপাত, আনফালে বুধবাৰে খুলি দিয়া হৈছে নীপকো জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ (Haigh Alert: Neepco opened dam) ৷ যাৰ ফলত বিপদ ঘন্টা বাজিছে এতিয়া নৈপৰীয়া ৰাইজৰ মাজত ৷ সেয়ে হোজাই জিলা প্ৰশাসনে কঁপিলীপৰীয়া বাসীক সতৰ্ক হ’বলৈ আহ্বান জনাইছে ৷ লগতে নৈৰ কাষৰীয়া অঞ্চলসমূহক নিৰাপদ স্থানলৈ স্থানান্তৰ হ’বলৈ মাইকযোগে জাননী জাৰি কৰিছে হোজাই প্ৰশাসনে । বিশেষকৈ হোজাইৰ দক্ষিণ কেন্দুগুৰি বেঙেনাআটি গাঁওখন ইতিমধ্যে সম্পূৰ্ণ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে হোজাই প্ৰশাসনে (High alert issued in Hojai)৷ যাৰ বাবে সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ লগতে নিয়োগ কৰা হৈছে SDRF বাহিনীও ৷ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে ইতিমধ্যে পৰিদৰ্শন কৰিছে হোজাইৰ স্পর্শকাতৰ অঞ্চলসমূহ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.