ETV Bharat / state

Flood in Hojai: কপিলী নৈৰ বাঢ়নী পানীত ডুব গৈছে বহু অঞ্চল

author img

By

Published : Jun 16, 2022, 7:57 PM IST

Flood in Hojai
কপিলী নৈৰ বাঢ়নী পানীত ডুব গৈছে জিলাখনৰ কেইবাটাও অঞ্চল

বছৰৰ দ্বিতীয়টো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ বাদ পৰি ৰোৱা নাই হোজাই জিলাও (Flood in Hojai) ৷ বিগত কেইবাদিন ধৰি একেৰাহে হৈ থকা মুষলধাৰ বৰষুণৰ ফলত হোজাইৰ বিভিন্ন অঞ্চলত এতিয়া সৃষ্টি হৈছে বানৰ ৷ যাৰ ফলত এতিয়া শংকাৰ নিদ্ৰা হৰণ হৈছে অঞ্চলবাসীৰ ৷ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে ।

হোজাই, 16 জুন : বিগত কেইবাদিন ধৰি একেৰাহে হৈ থকা মুষলধাৰ বৰষুণৰ ফলত নদ-নদী তথা উপ-নৈসমূহৰ বক্ষ উফন্দি উঠিছে (Flood in Assam 2022)৷ বিপদসীমাৰ ওপৰেৰে বৈছে পানীৰ ঢল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ হোজাই জিলাতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ (Districts of Assam under water) ৷

বুধবাৰে নিশাৰ পৰাই জিলাখনৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ জলপৃষ্ঠ বঢ়াৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চল এতিয়া ডুব গৈছে পানীৰ তলত ৷ তথ্য অনুসৰি, হোজাইৰ ৰাইকাতা, ইছলামপুৰ, দীঘলবালী, কুমুৰাকতা, ঠেপলাগুৰি, নভঙা হাটীমৰা, দক্ষিণ কেন্দুগুৰীকে ধৰি 7-8 খন গাঁৱত নিশাই কপিলী নৈৰ বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ (Many places in Hojai have been submerged in flood) ৷

Flood in Hojai: কপিলী নৈৰ বাঢ়নী পানীত ডুব গৈছে বহু অঞ্চল
Flood in Hojai: কপিলী নৈৰ বাঢ়নী পানীত ডুব গৈছে বহু অঞ্চল

তথ্য অনুসৰি, লংকাৰ থাইচুবালী, দৰ্জীচিট, যমুনাচিত আদি কেইবাখনো গাঁও বৰ্তমান কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ আনহাতে, হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী পথৰ ওপৰেৰেও বৈছে কপিলীৰ পানী ৷ ফলত ব্যাহত হৈ পৰিছে দুয়োখন জিলাৰ মাজত যাতায়ত ব্যৱস্থা ৷ যাৰ বাবে ইতিমধ্যে সস্তম হৈ পৰিছে হোজাই জিলা প্ৰশাসন ৷

লগতে পঢ়ক : ৰঙিয়াত বৰলীয়া নৈৰ ভয়ংকৰ ৰূপ: পানীৰ তলত এতিয়া বহু ঠাই

হোজাইত যাতে এই বানে কোনো লোককে ক্ষতি কৰিৰব নোৱাৰে তাৰ বাবে হোজাইৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ লোকে নিজে পৰিদৰ্শন কৰিছে বান বিধস্ত অঞ্চলসমূহ ৷ লগতে জিলাখনৰ বানপিড়ীত লোকক উদ্ধাৰ বাবে অহৰহ চলাই থকা হৈছে অভিযান ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে ৷

জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বানাক্ৰান্ত লোকৰ বাবে বৰ্তমানলৈকে প্ৰশাসনৰ ফালৰ পৰা 8 টা শিবিৰ স্থাপন কৰা হৈছে ৷ সেই শিবিৰসমূহত পৰ্যাপ্ত পৰিমাণৰ সকলো ব্যৱস্থাই কৰা হৈছে ৷ ইফালে আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা SDRF বাহিনীৰ দ্বাৰাও বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ বাবে অভিযান চলোৱা হ’ব বুলি মন্তব্য কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷

কপিলী নৈৰ বাঢ়নী পানীত ডুব গৈছে জিলাখনৰ কেইবাটাও অঞ্চল

আনহাতে, বৰ্তমানলৈকে এই বানত কোনো লোক দুৰ্ঘটনাত পতিত হোৱা খবৰ লাভ কৰা নাই ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰুকাস্থই ৷ লগতে স্বাস্থ্য বিভাগৰ ফালৰ পৰাও শিবিৰত থকা লোকসকলৰ বাবে ঔষধ-পাতি যোগান ধৰা হ’ব বুলিও উল্লেখ কৰে জিলা স্বাস্থ্য বিষয়া বাসুদেৱ মালাকাৰে ৷ একপ্ৰকাৰে ক’ব পাৰি যে বছৰৰ দ্বিতীয়টো বানত যাতে কাৰো ক্ষয়ক্ষতি নহয়, তাৰ বাবে সস্তম হৈছে হোজাই জিলা প্ৰশাসন ৷

লগতে পঢ়ক : বানত বুৰিছে 18 খন জিলা : বিপদসীমাৰ ওপৰেৰে বৈছে মানাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.